< জেফানিয়া 1 >

1 আমোনৰ পুত্র যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ সময়ত কুচীৰ পুত্র চফনিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য উপস্থিত হ’ল। কুচী আছিল গদলিয়াৰ পুত্র, গদলিয়া অমৰিয়াৰ পুত্র, অমৰিয়া হিষ্কিয়াৰ পুত্র।
Ọ̀rọ̀ Olúwa tí ó tọ Sefaniah ọmọ Kuṣi, ọmọ Gedaliah, ọmọ Amariah, ọmọ Hesekiah, ní ìgbà Josiah ọmọ Amoni ọba Juda.
2 যিহোৱাই এই কথা কৈছে, “মই পৃথিৱীৰ বুকুৰ পৰা সকলোকে নিঃশেষ কৰি পেলাম।
“Èmi yóò mú gbogbo nǹkan kúrò lórí ilẹ̀ náà pátápátá,” ni Olúwa wí.
3 মানুহ আৰু পশু, আকাশৰ পক্ষী আৰু সমুদ্ৰৰ মাছবোৰক মই শেষ কৰি দিম। মই দুষ্টবোৰৰ পতন ঘটাম! পৃথিৱীৰ পৰা মই মানুহক উচ্ছন্ন কৰিম।
“Èmi yóò mú ènìyàn àti ẹranko kúrò; èmi yóò mú àwọn ẹyẹ ojú ọ̀run kúrò, àti ẹja inú Òkun, àti ohun ìdìgbòlù pẹ̀lú àwọn ènìyàn búburú; èmi yóò ké ènìyàn kúrò lórí ilẹ̀ ayé,” ni Olúwa wí.
4 মই যিহূদাৰ বিৰুদ্ধে আৰু যিৰূচালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্রতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম;
“Èmi yóò na ọwọ́ mi sórí Juda àti sórí gbogbo àwọn ènìyàn tí ń gbé ní Jerusalẹmu. Èmi yóò sì ké kúrò níhìn-ín yìí ìyókù àwọn Baali, àti orúkọ àwọn abọ̀rìṣà pẹ̀lú àwọn àlùfáà abọ̀rìṣà,
5 যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ চালৰ ওপৰত উঠি প্রণাম কৰে আৰু যিসকলে যিহোৱাৰ উদ্দেশ্যে প্রণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্রণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম।
àti àwọn tí ń foríbalẹ̀ lórí òrùlé, àwọn tí ń sin ogun ọ̀run, àwọn tó ń foríbalẹ̀, tí wọ́n sì ń fi Olúwa búra, tí wọ́n sì ń fi Moleki búra.
6 যিসকলে যিহোৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে যিহোৱাৰ ইচ্ছাত চলা নাই নাইবা তেওঁৰ ইচ্ছা জানিবলৈও বিচাৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম।”
Àwọn tí ó yípadà kúrò lọ́dọ̀ Olúwa; àti àwọn tí kò tí wá Olúwa, bẹ́ẹ̀ ni wọn kò sì béèrè rẹ̀.”
7 প্ৰভু যিহোৱাৰ উপস্থিতিত আপোনালোক নীৰবে থাকক; কিয়নো যিহোৱাই সোধ-বিচাৰ কৰা দিন ওচৰ চাপি আহিছে; কাৰণ যিহোৱাই এক যজ্ঞৰ আয়োজন কৰিছে; নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্ৰ কৰিলে।
Ẹ dákẹ́ jẹ́ẹ́ níwájú Olúwa Olódùmarè, nítorí tí ọjọ́ Olúwa kù sí dẹ̀dẹ̀. Olúwa ti pèsè ẹbọ kan sílẹ̀, ó sì ti ya àwọn alápèjẹ rẹ̀ sí mímọ́.
8 যিহোৱাই এই কথা কৈছে, “মোৰ সেই যজ্ঞৰ দিনা মই ৰাজ অধ্যক্ষসকলক, ৰাজপুত্রসকলক, আৰু বিদেশী পোছক পৰিহিত সকলো লোককে দণ্ড দিম।
“Ní ọjọ́ ẹbọ Olúwa, Èmi yóò bẹ àwọn olórí wò, àti àwọn ọmọ ọba ọkùnrin, pẹ̀lú gbogbo àwọn tí ó wọ àjèjì aṣọ.
9 যিসকলে জাঁপ দি দুৱাৰডলি পাৰ হয়, যিসকলে নিজৰ প্রভুৰ গৃহ হিংস্রতা আৰু ছলনাৰে পূৰ কৰে, সেই দিনা মই তেওঁলোক সকলোকে দণ্ড দিম।”
Ní ọjọ́ náà, èmi yóò fi ìyà jẹ gbogbo àwọn tí ó yẹra láti rìn lórí ìloro ẹnu-ọ̀nà, tí wọ́n sì kún tẹmpili àwọn ọlọ́run wọn pẹ̀lú ìwà ipá àti ẹ̀tàn.
10 ১০ যিহোৱাই কৈছে, “সেই দিনা মৎস্য-দ্বাৰৰ পৰা যন্ত্রণাৰ ক্রন্দন শুনা যাব; দ্বিতীয় বিভাগৰ পৰা বিলাপৰ শব্দ, পৰ্ব্বতবোৰৰ পৰা এক বৃহৎ শব্দ শুনা যাব।
“Ní ọjọ́ náà,” ni Olúwa wí, “Ohùn ẹkún yóò wà láti ìhà ibodè ẹja, híhu láti ìhà kejì wá àti ariwo ńlá láti òkè kékeré wá.
11 ১১ হে মকটেচৰ বাসিন্দাসকল, তোমালোকে বিলাপ কৰা; কিয়নো তোমালোকৰ সকলো ব্যৱসায়ী লোকক নিঃশেষ কৰা হ’ব; ৰূপ বৈ অনা সকলোকে নিঃশেষ কৰা হ’ব।
Ẹ hu, ẹ̀yin tí ń gbé ní agbègbè ọjà, gbogbo àwọn oníṣòwò rẹ̀ ni a ó mú kúrò, gbogbo àwọn ẹni tí ó ń ra fàdákà ni a ó sì parun.
12 ১২ সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।
Ní àkókò wọ̀n-ọn-nì, èmi yóò wá Jerusalẹmu kiri pẹ̀lú fìtílà, èmi ó sì fi ìyà jẹ àwọn tí kò ní ìtẹ́lọ́rùn, tí wọn sì dàbí àwọn ènìyàn tí ó sinmi sínú gẹ̀dẹ̀gẹ́dẹ̀ wọn, àwọn tí wọn sì ń wí ní ọkàn wọn pé, ‘Olúwa kì yóò ṣe nǹkan kan tí ó jẹ́ rere tàbí tí ó jẹ́ búburú.’
13 ১৩ তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।
Nítorí náà, ọrọ̀ wọn yóò di ìkógun, àti ilé wọn yóò sì run. Àwọn yóò sì kọ́ ilé pẹ̀lú, ṣùgbọ́n wọn kì yóò gbé nínú ilé náà, wọn yóò gbin ọgbà àjàrà, ṣùgbọ́n wọn kì yóò mu ọtí wáìnì láti inú rẹ̀.”
14 ১৪ যিহোৱাৰ সেই মহৎ দিন নিকটৱর্তী; ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে! সৌৱা শুনা, সেয়া যিহোৱাৰ সেই দিনৰ শব্দ! তেতিয়া যোদ্ধাসকলে চিঞঁৰি চিঞঁৰি কান্দোনত ভাঙি পৰিব।
“Ọjọ́ ńlá Olúwa kù sí dẹ̀dẹ̀, ó kù sí dẹ̀dẹ̀ ó sì ń yára bọ̀ kánkán. Ẹ tẹ́tí sílẹ̀, ohùn ẹkún àwọn alágbára; ní ọjọ́ Olúwa yóò korò púpọ̀,
15 ১৫ সেই দিন হ’ব ক্ৰোধৰ দিন, অতি সঙ্কটময় আৰু ক্লেশৰ দিন, এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন, মেঘাছন্ন আৰু উত্তাল তৰঙ্গৰ অন্ধকাৰৰ দিন,
ọjọ́ náà yóò jẹ́ ọjọ́ ìbínú, ọjọ́ ìrora àti ìpọ́njú, ọjọ́ òfò àti idà ọjọ́ ìdahoro ọjọ́ òkùnkùn àti ìtẹ̀ba, ọjọ́ kurukuru àti òkùnkùn biribiri,
16 ১৬ শিঙা-ধ্বনি আৰু ৰণনাদৰ দিন; সেই দিন গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হ’ব!
ọjọ́ ìpè àti ìpè ogun sí àwọn ìlú olódi àti sí àwọn ilé ìṣọ́ gíga.
17 ১৭ মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
“Èmi yóò sì mú ìpọ́njú wá sórí ènìyàn, wọn yóò sì máa rìn gẹ́gẹ́ bí afọ́jú, nítorí àwọn ti dẹ́ṣẹ̀ sí Olúwa. Ẹ̀jẹ̀ wọn ni a ó sì tú jáde bí eruku àti ẹran-ara wọn bí ìgbẹ́.
18 ১৮ যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
Bẹ́ẹ̀ ni fàdákà tàbí wúrà wọn kì yóò sì le gbà wọ́n là ní ọjọ́ ìbínú Olúwa.” Ṣùgbọ́n gbogbo ayé ni a ó fi iná ìjowú rẹ̀ parun, nítorí òun yóò fi ìyára fi òpin sí gbogbo àwọn tí ń gbé ní ilẹ̀ ayé.

< জেফানিয়া 1 >