< জেফানিয়া 1 >
1 ১ আমোনৰ পুত্র যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ সময়ত কুচীৰ পুত্র চফনিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য উপস্থিত হ’ল। কুচী আছিল গদলিয়াৰ পুত্র, গদলিয়া অমৰিয়াৰ পুত্র, অমৰিয়া হিষ্কিয়াৰ পুত্র।
Das Wort Jehovahs, welches geschah zu Zephanjah, dem Sohne Kuschis, des Sohnes Gedaljahs, des Sohnes Amarjahs, des Sohnes Chiskijahs, in den Tagen Joschijuhus, des Sohnes Amons, König von Jehudah.
2 ২ যিহোৱাই এই কথা কৈছে, “মই পৃথিৱীৰ বুকুৰ পৰা সকলোকে নিঃশেষ কৰি পেলাম।
Ich raffe alles weg von der Fläche des Bodens, spricht Jehovah.
3 ৩ মানুহ আৰু পশু, আকাশৰ পক্ষী আৰু সমুদ্ৰৰ মাছবোৰক মই শেষ কৰি দিম। মই দুষ্টবোৰৰ পতন ঘটাম! পৃথিৱীৰ পৰা মই মানুহক উচ্ছন্ন কৰিম।
Ich raffe weg Menschen und Vieh, raffe weg das Gevögel des Himmels und des Meeres Fische, und das Anstößige samt den Ungerechten, und rotte den Menschen aus von der Fläche des Bodens, spricht Jehovah.
4 ৪ মই যিহূদাৰ বিৰুদ্ধে আৰু যিৰূচালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্রতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম;
Und recke Meine Hand aus über Jehudah, und über alle, die da wohnen in Jerusalem, und rotte aus von diesem Orte des Baals Überrest mit den Namen der Götzenpfaffen, mit den Priestern.
5 ৫ যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ চালৰ ওপৰত উঠি প্রণাম কৰে আৰু যিসকলে যিহোৱাৰ উদ্দেশ্যে প্রণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্রণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম।
Und die auf den Dächern das Heer der Himmel anbeten, und die anbeten, die schwören bei Jehovah, und schwören bei ihrem König.
6 ৬ যিসকলে যিহোৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে যিহোৱাৰ ইচ্ছাত চলা নাই নাইবা তেওঁৰ ইচ্ছা জানিবলৈও বিচাৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম।”
Und die von Jehovah zurückgewichen, und Jehovah nicht gesucht, und nicht nach Ihm gefragt.
7 ৭ প্ৰভু যিহোৱাৰ উপস্থিতিত আপোনালোক নীৰবে থাকক; কিয়নো যিহোৱাই সোধ-বিচাৰ কৰা দিন ওচৰ চাপি আহিছে; কাৰণ যিহোৱাই এক যজ্ঞৰ আয়োজন কৰিছে; নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্ৰ কৰিলে।
Seid stille vor dem Herrn Jehovah, denn Jehovahs Tag ist nahe; denn ein Opfer hat Jehovah bereitet, geheiligt, die von Ihm Gerufenen.
8 ৮ যিহোৱাই এই কথা কৈছে, “মোৰ সেই যজ্ঞৰ দিনা মই ৰাজ অধ্যক্ষসকলক, ৰাজপুত্রসকলক, আৰু বিদেশী পোছক পৰিহিত সকলো লোককে দণ্ড দিম।
Und an dem Tage von Jehovahs Opfer soll geschehen, daß Ich heimsuche die Obersten und die Königssöhne und alle, die in ausländisches Kleid sich kleiden.
9 ৯ যিসকলে জাঁপ দি দুৱাৰডলি পাৰ হয়, যিসকলে নিজৰ প্রভুৰ গৃহ হিংস্রতা আৰু ছলনাৰে পূৰ কৰে, সেই দিনা মই তেওঁলোক সকলোকে দণ্ড দিম।”
Und will heimsuchen an jenem Tag alle, die über die Schwelle springen, die, so ihres Herrn Haus mit Gewalttat und Betrug erfüllen.
10 ১০ যিহোৱাই কৈছে, “সেই দিনা মৎস্য-দ্বাৰৰ পৰা যন্ত্রণাৰ ক্রন্দন শুনা যাব; দ্বিতীয় বিভাগৰ পৰা বিলাপৰ শব্দ, পৰ্ব্বতবোৰৰ পৰা এক বৃহৎ শব্দ শুনা যাব।
Und wird sein an jenem Tage, spricht Jehovah, die Stimme des Geschreis vom Tore der Fische und ein Geheul von dem zweiten, und großes Zerbrechen von den Hügeln.
11 ১১ হে মকটেচৰ বাসিন্দাসকল, তোমালোকে বিলাপ কৰা; কিয়নো তোমালোকৰ সকলো ব্যৱসায়ী লোকক নিঃশেষ কৰা হ’ব; ৰূপ বৈ অনা সকলোকে নিঃশেষ কৰা হ’ব।
Heult, die ihr in dem Machtesch wohnet; denn all das Volk der Händler ist untergegangen und ausgerottet alle, die beladen sind mit Silber.
12 ১২ সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।
Und zu der Zeit wird es geschehen, daß mit Leuchten Ich Jerusalem durchsuche, und die Leute heimsuche, die verhärtet auf ihren Hefen sitzen, die in ihrem Herzen sagen: Jehovah tut nicht Gutes und nicht Böses.
13 ১৩ তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।
Und ihr Vermögen soll geplündert werden, und zur Verwüstung ihre Häuser. Und sie bauen Häuser, aber wohnen nicht darin, und pflanzen Weinberge und trinken nicht ihren Wein.
14 ১৪ যিহোৱাৰ সেই মহৎ দিন নিকটৱর্তী; ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে! সৌৱা শুনা, সেয়া যিহোৱাৰ সেই দিনৰ শব্দ! তেতিয়া যোদ্ধাসকলে চিঞঁৰি চিঞঁৰি কান্দোনত ভাঙি পৰিব।
Nahe ist der große Tag Jehovahs, nahe und eilt sehr: Die Stimme des Tages Jehovahs, bitterlich schreit dort auf der Held.
15 ১৫ সেই দিন হ’ব ক্ৰোধৰ দিন, অতি সঙ্কটময় আৰু ক্লেশৰ দিন, এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন, মেঘাছন্ন আৰু উত্তাল তৰঙ্গৰ অন্ধকাৰৰ দিন,
Ein Tag des Wütens ist jener Tag, ein Tag der Drangsal und der Angst, ein Tag des Tosens und des Getöses, ein Tag der Finsternis und der Dunkelheit, ein Tag der Wolke und des Wolkendunkels.
16 ১৬ শিঙা-ধ্বনি আৰু ৰণনাদৰ দিন; সেই দিন গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হ’ব!
Ein Tag der Posaune und des Feldgeschreis über den festen Städten und den hohen Ecken.
17 ১৭ মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
Und Ich werde die Menschen in Drangsal bringen; sie werden wie die Blinden umhergehen, weil sie wider Jehovah sündigten. Und ihr Blut soll hingeschüttet werden wie Staub und wie Kot ihr Fleisch.
18 ১৮ যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
Weder ihr Silber, noch ihr Gold vermag sie zu erretten am Tage von Jehovahs Wüten, und mit Seines Eifers Feuer wird das ganze Land aufgefressen; denn eine Vollendung, ja eine bestürzende macht Er mit allen, die im Lande wohnen.