< জেফানিয়া 3 >
1 ১ ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।
Ègbé ni fún ìlú aninilára, ọlọ̀tẹ̀ àti aláìmọ́.
2 ২ তাই ঈশ্বৰৰ কথালৈ মনোযোগ নিদিয়ে; যিহোৱাৰ শাসন গ্রাহ্য নকৰে! যিহোৱাৰ ওপৰত ভাৰসা নকৰে; নিজ ঈশ্বৰৰ ওচৰলৈ তাই নাহে।
Òun kò gbọ́rọ̀ sí ẹnikẹ́ni, òun kò gba ìtọ́ni, òun kò gbẹ́kẹ̀lé Olúwa, bẹ́ẹ̀ ni òun kò súnmọ́ ọ̀dọ̀ Ọlọ́run rẹ̀.
3 ৩ তাইৰ ৰাজপুত্রবোৰ যেন গৰ্জ্জনকাৰী সিংহ আৰু বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ক্ষুধার্ত ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে।
Àwọn olórí rẹ̀ jẹ́ kìnnìún tí ń ké ramúramù, àwọn onídàájọ́ rẹ̀, ìkookò àṣálẹ́ ni wọn, wọn kò sì fi nǹkan kan kalẹ̀ fún òwúrọ̀.
4 ৪ তাইৰ ভাববাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক! তাইৰ পুৰোহিতসকলে পবিত্রক অপবিত্ৰ কৰিছে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কার্য কৰিছে!
Àwọn wòlíì rẹ̀ gbéraga, wọ́n sì jẹ́ alárékérekè ènìyàn. Àwọn àlùfáà rẹ̀ ti ba ibi mímọ́ jẹ́, wọ́n sì rú òfin.
5 ৫ তাইৰ মাজত থকা যিহোৱা ধাৰ্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায় বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
Olúwa ni àárín rẹ̀ jẹ́ olódodo; kì yóò ṣe ohun tí kò tọ̀nà. Àràárọ̀ ni ó máa ń mú ìdájọ́ rẹ̀ wá sí ìmọ́lẹ̀, kì í sì kùnà ní gbogbo ọjọ́ tuntun, síbẹ̀ àwọn aláìṣòótọ́ kò mọ ìtìjú.
6 ৬ যিহোৱাই কৈছে, “মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ কোঁঠবোৰ ধ্বংস কৰা হ’ল; মই তেওঁলোকৰ আলিবোৰ জনশূন্য কৰিলোঁ; কোনেও সেইবোৰেদি অহা-যোৱা নকৰে; তেওঁলোকৰ সকলো নগৰ বিনষ্ট হৈ গ’ল; সেইবোৰত কোনো মানুহ নাই; কোনেও বাস নকৰে।
“Èmi ti ké àwọn orílẹ̀-èdè kúrò, ilé gíga wọn sì ti bàjẹ́. Mo ti fi ìgboro wọn sílẹ̀ ní òfo tó bẹ́ẹ̀ tí ẹnìkankan kò kọjá níbẹ̀. Ìlú wọn parun tó bẹ́ẹ̀ tí kò sí ẹnìkan tí yóò ṣẹ́kù, kò sì ní sí ẹnìkan rárá.
7 ৭ মই যিৰূচালেমক ক’লো, ‘এতিয়া তুমি অৱশ্যেই মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ’ব।’ এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাইৰ লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্রহেৰে সৈতে দুষ্টতাৰ কার্যবোৰ কৰি থাকিল।”
Èmi wí fún ìlú náà wí pé, ‘Nítòótọ́, ìwọ yóò bẹ̀rù mi, ìwọ yóò sì gba ìtọ́ni!’ Bẹ́ẹ̀ ni, a kì yóò ké ibùgbé rẹ̀ kúrò bí ó ti wù kí ń jẹ wọ́n ní yà tó. Ṣùgbọ́n síbẹ̀ wọ́n sì tún ní ìtara láti ṣe ìbàjẹ́.
8 ৮ যিহোৱাই এইদৰে কৈছে, “সেইবাবে তোমালোক সেই দিন পর্যন্ত মোৰ অপেক্ষাত থাকা, যি দিনা মই লুটপাত কৰিবলৈ উঠিম! কিয়নো মই এয়ে ঠিক কৰিছোঁ যে, জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্রিত কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ কোপ, মোৰ জ্বলন্ত ক্রোধ ঢালি দিম। মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ’ব।
Nítorí náà ẹ dúró dè mí,” ni Olúwa wí, “títí di ọjọ́ náà tí èmi yóò fi jẹ́rìí sí yin. Nítorí ìpinnu mi ni láti kó orílẹ̀-èdè jọ kí èmi kí ó lè kó ilẹ̀ ọba jọ àti láti da ìbínú mi jáde sórí wọn, àní gbogbo ìbínú gbígbóná mi. Nítorí gbogbo ayé ni a ó fi iná owú mi jẹ run.
9 ৯ তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।
“Nígbà náà ni èmi yóò yí èdè àwọn ènìyàn padà sí èdè mímọ́, nítorí kí gbogbo wọn bá a lè máa pe orúkọ Olúwa, láti fi ọkàn kan sìn ín.
10 ১০ মোৰ লোকসকল, যিসকল সিচঁৰিত হৈ ইথোপীয়া দেশৰ নৈৰ সিপাৰত থাকে, মোৰ সেই আৰাধনাকাৰীসকলে মোৰ উদ্দেশ্যে উৎসর্গৰ উপহাৰ লৈ আহিব।
Láti òkè odò Etiopia, àwọn olùjọsìn mi, àwọn ènìyàn mi tí ó ti fọ́nká, yóò mú ọrẹ wá fún mi.
11 ১১ তুমি মোৰ আহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেই দিনা লজ্জিত কৰা নহ’ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোঁতা লোকসকলক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে মোৰ পবিত্ৰ পৰ্ব্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহংকাৰ নকৰিবা।
Ní ọjọ́ náà ni a kì yóò sì dójútì nítorí gbogbo iṣẹ́ ibi ni tí ó ti ṣẹ̀ sí mi, nígbà náà ni èmi yóò mu kúrò nínú ìlú yìí, àwọn tí ń yọ̀ nínú ìgbéraga wọn. Ìwọ kì yóò sì gbéraga mọ́ ní òkè mímọ́ mi.
12 ১২ কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।
Ṣùgbọ́n Èmi yóò fi àwọn ọlọ́kàn tútù àti onírẹ̀lẹ̀ sílẹ̀ pẹ̀lú ni àárín rẹ̀, wọn yóò sì gbẹ́kẹ̀lé orúkọ Olúwa.
13 ১৩ ইস্ৰায়েলৰ সেই অৱশিষ্ট ভাগে অপৰাধ নকৰিব; তেওঁলোকে মিছা কথা নকব আৰু তেওঁলোকৰ মুখত ছলনাৰ কথা নাথাকিব। এইদৰে তেওঁলোকে চৰিব আৰু শুব; তেওঁলোকক ভয় দেখুৱাবলৈ কোনো নাথাকিব।”
Àwọn ìyókù Israẹli kì yóò hùwà ibi, wọn kì yóò sọ̀rọ̀ èké. Bẹ́ẹ̀ ni a kì yóò rí ahọ́n àrékérekè ní ẹnu wọn. Àwọn yóò jẹun, wọn yóò sì dùbúlẹ̀, bẹ́ẹ̀ ni ẹnikẹ́ni kì yóò dẹ́rùbà wọ́n.”
14 ১৪ হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!
Kọrin, ìwọ ọmọbìnrin Sioni, kígbe sókè, ìwọ Israẹli! Fi gbogbo ọkàn yọ̀, kí inú rẹ kí ó sì dùn, ìwọ ọmọbìnrin Jerusalẹmu.
15 ১৫ যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা।
Olúwa ti mú ìdájọ́ rẹ wọ̀n-ọn-nì kúrò, ó sì ti ti àwọn ọ̀tá rẹ padà sẹ́yìn. Olúwa, ọba Israẹli wà pẹ̀lú rẹ; ìwọ kì yóò sì bẹ̀rù ibi kan mọ́.
16 ১৬ সেই দিনা যিৰূচালেমক এই কথা কোৱা হ’ব, ‘হে চিয়োন, তুমি ভয় নকৰিবা; তোমাৰ হাত শিথিল নহওক।।
Ní ọjọ́ náà, wọn yóò sọ fún Jerusalẹmu pé, “Má ṣe bẹ̀rù Sioni; má sì ṣe jẹ́ kí ọwọ́ rẹ kí ó dẹ̀.
17 ১৭ তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
Olúwa Ọlọ́run rẹ wà pẹ̀lú rẹ, Ó ní agbára láti gbà ọ là. Yóò yọ̀ ni orí rẹ fún ayọ̀; Yóò tún ọ ṣe nínú ìfẹ́ rẹ̀, Yóò sì fi orin yọ̀ ní orí rẹ.”
18 ১৮ পৰ্ব্বৰ সময়ত আনন্দ কৰা মানুহৰ দৰে আনন্দ কৰিব।” যিহোৱাই কৈছে, “মই তোমাৰ লজ্জা আৰু বিনাশৰ ভয়বোৰ দূৰ কৰিম।
“Èmi ó kó àwọn tí ó ń banújẹ́ fún àjọ̀dún tí a yàn jọ, àwọn tí ó jẹ́ tirẹ̀; àwọn tí ẹ̀gàn rẹ̀ jásí ẹ̀rù.
19 ১৯ চোৱা! তোমাৰ উপদ্রৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে, তাকে কৰিম; মই সহায়হীন খোৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিচঁৰিত হোৱাসকলক গোটাম; যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্রশংসা আৰু সুখ্যাতি দান কৰিম।
Ní àkókò náà ni èmi yóò dojúkọ àwọn tí ń ni yín lára, èmi yóò gba àtiro là, èmi yóò sì ṣa àwọn tí ó ti fọ́nká jọ, èmi yóò fi ìyìn àti ọlá fún wọn ní gbogbo ilẹ̀ tí a bá ti dójútì wọ́n.
20 ২০ সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”
Ní àkókò náà ni èmi yóò ṣà yín jọ; nígbà náà ni èmi yóò mú un yín padà wá sílé. Èmi yóò fi ọlá àti ìyìn fún un yín láàrín gbogbo ènìyàn àgbáyé, nígbà tí èmi yóò yí ìgbèkùn yín padà bọ sípò ní ojú ara yín,” ni Olúwa wí.