< জাখারিয়া 1 >
1 ১ দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল:
Le huitième mois de la seconde année de Darius, la parole de l'Eternel fut [adressée] à Zacharie, fils de Barachie, fils d'Hiddo, le Prophète, en disant:
2 ২ “যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল!
L'Eternel a été extrêmement indigné contre vos pères.
3 ৩ সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য; “তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
C'est pourquoi tu leur diras: Ainsi a dit l'Eternel des armées: Retournez-vous vers moi, dit l'Eternel des armées; et je me retournerai vers vous, dit l'Eternel des armées.
4 ৪ তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।
Ne soyez point comme vos pères, auxquels les Prophètes qui ont été ci-devant criaient, en disant: Ainsi a dit l'Eternel des armées: Détournez-vous maintenant de votre mauvais train, et de vos mauvaises actions; mais ils n'ont pas écouté, et n'ont pas été attentifs à ce que je leur disais, dit l'Eternel.
5 ৫ “তোমালোকৰ পূৰ্বপুৰুষসকল ক’ত? আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছে নে?
Vos pères où sont-ils? Et ces Prophètes-là devaient-ils vivre à toujours?
6 ৬ কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”
Cependant mes paroles et mes ordonnances que j'avais enjointes aux Prophètes mes serviteurs, n'ont-elles pas atteint vos pères? De sorte que, s'étant convertis, ils ont dit: Comme l'Eternel des armées avait pensé de nous faire selon notre train, et selon nos actions, ainsi nous a-t-il fait.
7 ৭ দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ একাদশ, অৰ্থাৎ চবাট মাহৰ চৌবিশ দিনৰ দিনা ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীক যিহোৱাৰ দ্বাৰাই এই বাক্য জনোৱা হ’ল,
Le vingt-quatrième jour du onzième mois, qui est le mois de Sébat, en la seconde année de Darius, la parole de l'Eternel fut [adressée] à Zacharie, fils de Barachie, fils d'Hiddo, le Prophète, comme s'ensuit.
8 ৮ “মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল।
J'eus de nuit une vision: et voici, un homme était monté sur un cheval roux, et il se tenait entre des myrtes qui étaient en un lieu profond; et après lui il y avait des chevaux roux, des chevaux pommelés et des blancs.
9 ৯ তেতিয়া মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইবোৰ কি বস্তু?” তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম।”
Et je dis: Mon Seigneur! Que [signifient] ces choses? Et l’Ange qui parlait avec moi me dit: Je te montrerai ce que ces choses [signifient].
10 ১০ তেতিয়া মেন্দি গছবোৰৰ মাজত থিয় দি থকা সেই লোকজনে উত্তৰ দি ক’লে, “পৃথিৱীত চাৰিওফালে ফুৰিবলৈ যিহোৱাই পঠোৱা লোক এইসকল।”
Et l'homme qui se tenait entre les myrtes, répondit, et dit: Ce sont ici ceux que l'Eternel a envoyés pour parcourir la terre.
11 ১১ তেতিয়া তেওঁলোকে মেন্দি গছবোৰৰ মাজত থিয় হৈ থকা যিহোৱাৰ দূতজনাক উত্তৰ দি ক’লে, “আমি পৃথিৱীৰ সকলো ফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে।”
Et ils répondirent à l'Ange de l'Eternel qui se tenait entre les myrtes, et dirent: Nous avons parcouru la terre; et voici, toute la terre est habitée, et est en repos.
12 ১২ তেতিয়া যিহোৱাৰ দূতজনে উত্তৰ দি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, যি যিৰূচালেমৰ, আৰু যিহূদাৰ নগৰবোৰৰ অহিতে আপুনি এই সত্তৰ বছৰ ক্ৰোধ কৰিয়েই আছে, সেই যিৰূচালেম আৰু যিহূদাৰ সেই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব?”
Alors l'Ange de l'Eternel répondit, et dit: Eternel des armées, jusqu'à quand n'auras-tu point compassion de Jérusalem et des villes de Juda, contre lesquelles tu as été indigné pendant ces soixante et dix années?
13 ১৩ তেতিয়া যিহোৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি, শান্ত্বনাদায়ক বাক্যেৰে উত্তৰ দিলে।
Et l'Eternel répondit à l'Ange qui parlait avec moi, de bonnes paroles, des paroles de consolation.
14 ১৪ তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “তুমি ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যিৰূচালেম আৰু চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ।
Puis l'Ange qui parlait avec moi, me dit: Crie, en disant: Ainsi a dit l'Eternel des armées: Je suis ému d'une grande jalousie pour Jérusalem et pour Sion.
15 ১৫ আৰু নিশ্চিন্তে থকা জাতি সমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ; কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহায্য কৰোঁতা হ’ল।”
Et je suis extrêmement indigné contre les nations qui sont à leur aise; car j'étais indigné pour un peu [de temps], et ils ont aidé au mal.
16 ১৬ এই হেতুকে যিহোৱাই এই কথা কৈছে: “মই নানা দয়াৰে সৈতে যিৰূচালেমলৈ ঘূৰিলোঁ; তাত মোৰ গৃহ সজা হ’ব।” বাহিনীসকলৰ যিহোৱাৰ এই বচন- “আৰু যিৰূচালেমৰ ওপৰত এডাল পৰিমাণ-জৰী বিস্তাৰ কৰা হ’ব!”
C'est pourquoi ainsi a dit l'Eternel: Je me suis retourné vers Jérusalem par compassion, et ma maison sera rebâtie dans elle, dit l'Eternel des armées; et le niveau sera étendu sur Jérusalem.
17 ১৭ তুমি আকৌ ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব, যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।”
Crie encore, en disant: Ainsi a dit l'Eternel des armées: Mes villes regorgeront encore de biens, et l'Eternel consolera encore Sion, et élira encore Jérusalem.
18 ১৮ পাছত চকু তুলি চাই মই চাৰিটা শিং দেখিলোঁ।
Puis j'élevai mes yeux, et regardai; et voici quatre cornes.
19 ১৯ তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, “এইবোৰ কি?” তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “যিহূদা, ইস্ৰায়েল আৰু যিৰূচালেমক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ।”
Alors je dis à l'Ange qui parlait avec moi: Que veulent dire ces choses? Et il me répondit: Ce sont les cornes qui ont dissipé Juda, Israël et Jérusalem.
20 ২০ তাৰ পাছত যিহোৱাই মোক চাৰিজন শিল্পকাৰ দেখুৱালে।
Puis l'Eternel me montra quatre forgerons.
21 ২১ তেতিয়া মই সুধিলোঁ, “এওঁলোকে কি কৰিবলৈ আহিছে?” তেওঁ উত্তৰ দি ক’লে, “যি কোনো মানুহকে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যিহূদাক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ; কিন্তু যি জাতিবোৰে যিহূদা দেশ ছিন্ন-ভিন্ন কৰিবলৈ নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ আৰু তেওঁলোকৰ শিংবোৰ ভাঙি পেলাবলৈ, এওঁলোক আহিছে।
Et je dis: Que viennent faire ceux-ci? Et il répondit, et dit: Ce sont là les cornes qui ont dissipé Juda, tellement que personne ne levait la tête; mais ceux-ci sont venus pour les effrayer, et pour abattre les cornes des nations qui ont élevé la corne contre le pays de Juda, pour le dissiper.