< জাখারিয়া 8 >
1 ১ তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Asafo Awurade asɛm baa me nkyɛn bio.
2 ২ “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ, মই তাইৰ অৰ্থে মহা ক্ৰোধেৰে জ্বলিছোঁ!’
Sɛɛ na Asafo Awurade se: “Metwe Sion ho ninkunu pa ara; metwe ne ho ninkunu anibere so.”
3 ৩ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনলৈ উলটি আহিলোঁ আৰু যিৰূচালেমৰ মাজত বাস কৰিম, কাৰণ যিৰূচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ যিহোৱাৰ পৰ্ব্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ’ব’!”
Nea Awurade se ni, “Mɛsan akɔ Sion na makɔtena Yerusalem. Afei wɔbɛfrɛ Yerusalem Nokware Kuropɔn, na Asafo Awurade bepɔw no, wɔbɛfrɛ no Bepɔw Kronkron.”
4 ৪ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: অতি বুঢ়া হোৱাৰ কাৰণে পুনৰায় যিৰূচালেমৰ চকবোৰত বহিব, প্ৰতিজন বুঢ়া-বুঢ়ীয়ে নিজ নিজ হাতত লাখুটি ল’ব।
Nea Asafo Awurade se ni: “Nkwakoraa ne mmerewa bɛtenatena Yerusalem mmɔnten so bio a obiara kura pema, esiane onyin nti.
5 ৫ আৰু ল’ৰা-ছোৱালীবোৰৰ খেল ধেমালিৰে সেই নগৰৰ আলিবাটবোৰ পৰিপূৰ্ণ হ’ব!”
Na mmarimaa ne mmeawa a wɔredi agoru bɛhyɛ kuropɔn no mmɔnten so ma.”
6 ৬ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “সেই দিনত এই লোকসকলৰ যি অৱশিষ্ট ভাগ থাকিব, সেই লোকসকলৰ দৃষ্টিত সেয়ে আচৰিত বোধ হ’ব; মোৰ দৃষ্টিতো সেয়ে আচৰিত বোধ হ’ব নে?” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Nea Asafo Awurade se ni: “Nkae no de, ɛbɛyɛ wɔn nwonwa saa bere no, na me nso ɛbɛyɛ me nwonwa ana?”
7 ৭ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই পূৱ আৰু পশ্চিম দেশৰ পৰা মোৰ প্ৰজাসকলক নিস্তাৰ কৰি আনিম!
Nea Asafo Awurade se ni: “Megye me nkurɔfo afi aman a ɛwɔ apuei ne atɔe no so.
8 ৮ কিয়নো যিৰূচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম, যাতে তেওঁলোক পুনৰায় মোৰ প্ৰজা হ’ব, আৰু সত্যতাত আৰু ধাৰ্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ’ম!”
Mede wɔn bɛsan aba abɛtena Yerusalem; wɔbɛyɛ me nkurɔfo, na mayɛ wɔn Nyankopɔn wɔ nokware ne trenee mu.”
9 ৯ “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোক সাহিয়াল হোৱা, যি কথা বর্তমান শুনি আছা সেই একেই বাক্য ভাববাদীসকলৰ মুখেৰে কোৱা হৈছিল, যেতিয়া তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হৈছিল, তেতিয়াই মন্দিৰ নিৰ্মান কৰা হৈছিল।
Nea Asafo Awurade se ni: “Mo a afei na morete nsɛm a adiyifo no kae no; adiyifo a na wɔwɔ hɔ bere a wɔtoo Asafo Awurade fi fapem no, monhyɛ mo ho den, na moatumi asi asɔredan no.
10 ১০ কিয়নো সেই কালৰ পূৰ্বে কোনো লোকক মজুৰি দিবৰ বাবে বা কোনো পশুক কেৰেয়া ল’বৰ বাবে টকা নাছিল। আৰু বাহিৰলৈ যোৱাজনৰেই হওঁক বা কি ভিতৰলৈ অহা জনৰেই হওঁক শত্রুৰ পৰা কোনো শান্তি নাছিল। কিয়নো মই প্ৰতিজনক নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে উচটাই দিছিলোঁ।
Bere no nnya nsoe no, na wontua apaade mma nnipa anaa mmoa. Atamfo nti, na obiara ntumi nkɔ nʼadwuma so asomdwoe mu, efisɛ na mede mpaapaemu aba wɔn mu.
11 ১১ কিন্তু এতিয়া মই পূৰ্ব কালৰ দৰে এই লোকসকলৰ অৱশিষ্ট ভাগলৈ ব্যৱহাৰ নকৰিম!’” এইটোৱেই হ’ল বাহিনীসকলৰ যিহোৱাৰ ঘোষণা।
Nanso afei de, merenyɛ nkae yi sɛnea meyɛɛ kan no,” sɛnea Asafo Awurade se ni.
12 ১২ “কিয়নো কুশলযুক্ত কঠীয়া সিচাঁ হ’ব। দ্ৰাক্ষালতাই নিজ নিজ ফল ধৰিব, ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু আকাশ-মণ্ডলে নিজৰ নিয়ৰ বৰষাব, কাৰণ মই এই অৱশিষ্ট লোকসকলক সেই সকলোৰে অধিকাৰী কৰিম।
“Aba no benyin yiye, bobe bɛsow nʼaba, asase no bɛbɔ nʼaduan na ɔsoro nso bɛtɔ ne bosu. Mede saa nneɛma yi nyinaa bɛma nkae yi sɛ wɔn agyapade.
13 ১৩ জাতিবোৰৰ মাজত তোমালোক যেনেকৈ শাওৰ উদাহৰণস্বৰূপ হৈছিলা, হে যিহূদা বংশ আৰু হে ইস্ৰায়েল বংশ, তেনেকৈ এতিয়া মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্ব্বাদৰ বিষয় হ’বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওঁক!”
Mo, Yuda ne Israel, moayɛ nnome wɔ aman no mu, nanso megye mo na moayɛ nhyira. Munnsuro, na monhyɛ mo ho den.”
14 ১৪ কিয়নো বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব-পুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে, ‘আৰু মই মন পালটোৱা নাছিলোঁ,
Nea Asafo Awurade se ni: “Sɛnea meyɛɛ mʼadwene sɛ mede atoyerɛnkyɛm bɛba mo so, na mannya ahummɔbɔ bere a mo agyanom fuw me bo no,
15 ১৫ তেনেকৈ আকৌ এই কালত যিৰূচালেমৰ আৰু যিহূদা-বংশৰ মঙ্গল কৰিবলৈ সঙ্কল্প কৰিছোঁ! তোমালোকে ভয় নকৰিবা!
saa ara na afei mayɛ mʼadwene sɛ mɛyɛ Yerusalem ne Yuda yiye. Munnsuro.
16 ১৬ তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ: প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰিবা, তোমালোকে নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰিবা।
Nea ɛsɛ sɛ moyɛ ni: Munni mo ho mo ho nokware. Mummu atɛntrenee wɔ mo asennii;
17 ১৭ তোমালোক কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে কু-কল্পনা নকৰিবা আৰু মিছা শপত নিদিবা; কিয়নো এই আটাইবোৰ মই ঘিণ কৰোঁ!” এই কথা যিহোৱাই কৈছে।
mommmɔ pɔw bɔne ntia mo ho mo ho, na monnnɔ ntam hunu. Mikyi saa nneɛma yi nyinaa,” sɛnea Awurade se ni.
18 ১৮ পাছে বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Asafo Awurade asɛm baa me nkyɛn bio.
19 ১৯ “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!”
Nea Asafo Awurade se ni: “Asram anan, anum, ason ne du mu mmuadadi no bɛyɛ anigye ne ahosɛpɛwmmere, na ɛbɛyɛ anigye afahyɛ ama Yuda. Enti monnɔ nokware ne asomdwoe.”
20 ২০ “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
Nea Asafo Awurade se ni, “Nnipa bebree ne wɔn a wɔtete nkuropɔn bebree so bɛba ara,
21 ২১ আৰু এখন নগৰৰ নিবাসীসকলে আন এখন নগৰলৈ গৈ ক’ব, ‘ব’লা, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আমি বেগাই যাওঁহঁক! ময়ো যাম’!
na nnipa a wofi kuropɔn baako so bɛkɔ foforo so akɔka se, ‘Momma yɛnkɔ mprempren ara nkɔsrɛ Awurade na yɛnhwehwɛ Asafo Awurade. Me de, merekɔ.’
22 ২২ হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতি সমূহ যিৰূচালেমত বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব’!”
Na nnipa bebree ne aman akɛse bɛba Yerusalem abɛhwehwɛ Asafo Awurade no, na wɔakotow asrɛ no.”
23 ২৩ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতি সমূহৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”
Nea Asafo Awurade se ni: “Nna no mu, nnipa du a wɔka kasa ahorow na wofi aman ahorow so bɛba abeso Yudani atade mmuano mu, na wɔbɛka se, ‘Wo ne yɛn nkɔ, efisɛ yɛate sɛ Onyankopɔn ka wo ho.’”