< জাখারিয়া 7 >
1 ১ পাছত ৰজা দাৰিয়াবচৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ কিশ্লেব নামেৰে নৱম মাহৰ চতুৰ্থ দিনা, জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
Bara Daariyoos Mootichaa keessa waggaa afuraffaatti, bultii afuraffaa jiʼa saglaffaa, jiʼa Kaaseluu jedhamu keessa dubbiin Waaqayyoo gara Zakkaariyaas dhufe.
2 ২ সেই সময়ত, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ বৈৎএলৰ লোকসকলে চৰেচৰ, ৰেগক-মেলক আৰু তেওঁলোকৰ লোকসকলক পঠিয়াই দিলে।
Namoonni Beetʼeel akka isaan Waaqayyoon kadhataniif Sharezerii fi Reege-Meleekin namoota isaanii wajjin ergan;
3 ৩ তেওঁলোকে যিহোৱাৰ গৃহত উপস্থিত থকা বাহিনীসকল আৰু ভাববাদীসকলক ক’লে “মই ইমান বছৰ যি দৰে শোক কৰি আহিছোঁ, সেইদৰে নিজকে পৃথক ৰাখি পঞ্চম মাহত ব্রত ৰাখিম নে”?
kunis akka isaan, “Ani akkuman waggoota hedduu godhe sana ammas jiʼa shanaffaa keessa gaddee soomuu qabaa?” jedhanii luboota mana qulqullummaa Waaqayyo Waan Hunda Dandaʼuutii fi raajota gaafataniif.
4 ৪ তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Dubbiin Waaqayyo Waan Hunda Dandaʼuu akkana jedhee gara koo dhufe;
5 ৫ “তুমি দেশৰ সকলো লোকসকলক আৰু পুৰোহিতসকলক এই কথা কোৱা, ‘যেতিয়া তোমালোকে যি পঞ্চম আৰু সপ্তম মাহত ব্ৰত আৰু শোক কৰিছিলা, তেতিয়া তোমালোকে সেই সত্তৰ বছৰত, মোৰে উদ্দেশ্যে প্রকৃততে ব্ৰত কৰিছিলা নে?
“Uummata biyya kanaatii fi luboota hunda akkana jedhii gaafadhu; ‘Isin waggoota torbaataman darban yeroo jiʼa shanaffaa fi torbaffaa keessa soomtanii gadditanitti dhugumaan anaaf soomtanii?
6 ৬ আৰু যেতিয়া তোমালোকে ভোজন-পান কৰিছিলা, তেতিয়া তোমালোকে নিজৰ নিজৰ কাৰণে ভোজন-পান কৰা নাছিলা নে?
Yeroo nyaattanii fi dhugdanittis ofuma keessaniif nyaattanii dhugdan mitii?
7 ৭ এই কথাই পূৰ্বকালৰ ভাববাদীসকলৰ দ্বাৰাই যিহোৱাই ঘোষণা কৰি কোৱা সেই বাক্য নহয়নে, যি কালত যিৰূচালেম আৰু তাৰ চাৰিওফালে উন্নত অৱস্থাত থকা নগৰবোৰ আৰু তাৰে সৈতে দক্ষিণ অঞ্চল আৰু পশ্চিমাঞ্চলৰ নিম্নভুমিত তোমালোকে বাস কৰিছিলা’?”
Dubbiin kun isa Waaqayyo gaafa Yerusaalemii fi magaalaawwan naannoo ishee nagaa fi badhaadhummaadhaan jiraatanitti, yeroo Negeebii fi gaarran lixaa bira namoonni jiraachaa turanitti karaa raajota isaa kanneen duriitiin dubbate mitii?’”
8 ৮ পুনৰায় জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
Dubbiin Waaqayyoo ammas akkana jedhee gara Zakkaariyaas dhufe:
9 ৯ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
“Waaqayyo Waan Hunda Dandaʼu akkana jedha: ‘Murtii qajeelaadhaan bulchaa; waliif araaramaa; garaas walii laafaa.
10 ১০ আৰু যি সকল বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰ সেই লোকসকলক অত্যাচাৰ নকৰিবা; আৰু তোমালোক কোনেও নিজ নিজ ভাইৰ বিৰুদ্ধে নিজ মনত কু-কল্পনা নকৰিবা।’
Isin haadha hiyyeessaa yookaan ijoollee abbaa hin qabne yookaan alagaa yookaan hiyyeeyyii hin hacuucinaa. Garaa keessanitti hammina walitti hin yaadinaa.’
11 ১১ কিন্তু তেওঁলোকে শুনিবলৈ অসন্মত হ’ল; আৰু কান্ধ আঁতৰাবলৈ থিৰ কৰিলে; আৰু শুনাত সন্মত নহ’বলৈ নিজ নিজ কাণত সোপা দিলে।
“Isaan garuu dhagaʼuu didan; mataa jabinaanis dugda isaanii itti gatanii gurra isaanii cuqqaallatan.
12 ১২ এনে কি তেওঁলোকে বাহিনীসকলৰ যিহোৱাই নিজ আত্মাৰ দ্বাৰাই আগৰ কালৰ ভাববাদীসকলৰ যোগেদি পঠোৱা বাক্য নুশুনিবৰ কাৰণে তেওঁলোকে নিজ নিজ হৃদয় হীৰাৰদৰে টান কৰিলে; এই কাৰণে বাহিনীসকলৰ যিহোৱাৰ মহাক্ৰোধ হ’ল।
Isaan garaa isaanii akkuma dhagaa jabeeffatanii seera yookaan dubbii Waaqayyo Waan Hunda Dandaʼu karaa raajota isaa kanneen duriitiin Hafuura isaatiin erge dhaggeeffachuu didan. Kanaafuu Waaqayyo Waan Hunda Dandaʼu akka malee aare.
13 ১৩ যেতিয়া বাহিনীসকলৰ যিহোৱাই লোকসকলক মাতিছিল, তেতিয়া লোকসকলে নুশুনিলে। ‘সেই একেধৰণে’ বাহিনীসকলৰ যিহোৱাই ক’লে, “তেওঁলোকে চিঞৰি মাতিব, কিন্তু মই নুশুনিম।
“‘Yeroo ani waametti, isaan na hin dhaggeeffanne; kanaafuu yoo isaan na waammatan ani isaan hin dhaggeeffadhu’ jedha Waaqayyo Waan Hunda Dandaʼu.
14 ১৪ কিন্তু মই তেওঁলোকে নজনাকৈ আটাই জাতিৰ মাজলৈ বা’মাৰলি বতাহেৰে তেওঁলোকক ছিন্ন-ভিন্ন কৰিম। এইদৰে তেওঁলোকৰ পাছত দেশখন এনেদৰে উচ্ছন্ন হ’ল, যে তাৰ মাজেদি কোনেও অহা-যোৱা নকৰিলে; কিয়নো তেওঁলোকৰ দ্বাৰাই মনোহৰ দেশখন উচ্ছন্ন হ’ল।’”
‘Ani bubbeedhaan saba isaan hin beekne hunda gidduutti isaan nan bittinneesse. Biyyi isaanii hamma namni itti galuu fi keessaan darbu tokko iyyuu dhabamutti isaan booddee ni onte. Isaan akkasiin biyya namatti toltu sana onsan.’”