< জাখারিয়া 5 >

1 পাছত মই উভতি আহিলোঁ আৰু চকু তুলি চালোঁ, তাতে মই এখন উড়ি থকা নুৰিয়াব পৰা পুথি দেখিলোঁ।
Je levai de nouveau les yeux et regardai, et je vis un rouleau qui volait.
2 তেতিয়া দূতে মোক ক’লে, “তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই নুৰিয়াব পৰা এখন উড়ি থকা পুথি দেখিছোঁ, সেয়ে দীঘলে বিশ হাত আৰু বহলে দহ হাত।”
Et il me dit: Que vois-tu? Et je dis: Je vois un rouleau qui vole, dont la longueur est de vingt coudées et la largeur de dix coudées.
3 তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
Et il me dit: C'est la malédiction qui se répand sur toute la face du pays; car selon elle tout voleur sera exterminé d'ici, et selon elle tout faiseur de faux serment sera exterminé d'ici.
4 বাহিনীসকলৰ যিহোৱাই কৈছে, ‘ইয়াক মই উলিয়ালোঁ,’ আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত খোৱাজনৰ ঘৰত সোমাব। আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।”
Je la répandrai, dit l'Éternel des armées; et elle entrera dans la maison du voleur, et dans la maison de celui qui jure faussement par mon nom; et elle logera au milieu de leur maison, et la consumera avec son bois et ses pierres.
5 তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনে ওলাই আহি মোক ক’লে, “তুমি চকু তুলি চোৱা, সৌটো কি আহিছে?”
Puis l'ange qui me parlait s'avança dehors, et me dit: Lève les yeux, et regarde ce qui sort là.
6 তেতিয়া মই সুধিলোঁ, “সেইটো কি?” তেওঁ ক’লে, “আহি থকা সেইটো এটা ঐফা-পাত্ৰ। সেইটোৱেই গোটেই দেশৰ লোকসকলৰ অতিশয় অনৈতিক আচৰণৰ উপমাস্বৰূপ।”
Et je dis: Qu'est-ce? Il répondit: C'est un épha qui paraît. Il dit encore: C'est l'aspect qu'ils présentent dans tout le pays.
7 তাৰ পাছত দূতে সেই পাত্রটোৰ পৰা ঘূৰণীয়া সীহৰ ঢাকনীখন মুকলি কৰি দিলে আৰু সেই ঐফা-পাত্ৰটোৰ তলিত এগৰাকী তিৰোতা বহি আছিল।
Et je vis une masse de plomb soulevée, et il y avait là une femme assise au milieu de l'épha.
8 দূতে মোক ক’লে, “এয়ে দুষ্টতা!” এইবুলি তেওঁ তাইক ঐফা-পাত্ৰৰ ভিতৰলৈ হেঁচা মাৰি ঠেলি দিলে আৰু মুকলি কৰা সীহৰ ঢাকনি খন পুনৰ বন্ধ কৰিলে।
Et il dit: C'est là l'iniquité! Et il la rejeta au milieu de l'épha, et rejeta la masse de plomb sur l'ouverture.
9 তেতিয়া মই চকু তুলি চাই দেখিলোঁ যে, দুগৰাকী মহিলা মোৰ ফালে আহি আছিল আৰু সেই দুগৰাকীৰ ডেউকাত বায়ু আছিল; সিহঁতৰ ডেউকা বৰটোকোলাৰ ডেউকাৰ নিচিনা আছিল। সেই দুগৰাকীয়ে পৃথিৱী আৰু আকাশৰ মাজেদি ঐফা-পাত্ৰটো তুলি লৈ গৈছিল।
Et, levant les yeux, je regardai, et je vis paraître deux femmes; et le vent soufflait dans leurs ailes; elles avaient des ailes comme les ailes de la cigogne, et elles enlevèrent l'épha entre la terre et les cieux.
10 ১০ সেয়ে মোৰে সৈতে কথা হৈ থকা দূতজনক মই সুধিলোঁ, “সেই দুগৰাকীয়ে ঐফা-পাত্ৰটো লৈ ক’লৈ গৈছে?”
Et je dis à l'ange qui me parlait: Où emportent-elles l'épha?
11 ১১ তেওঁ মোক ক’লে, “চিনাৰ দেশত সেই পাত্রৰ বাবে এটা মন্দিৰ সাজিবলৈ গৈছে, সেইটো সজা হ’লে, তাইক তাইৰ নিজৰ ঠাইত স্থাপন কৰা হ’ব।”
Et il me dit: C'est pour lui bâtir une maison au pays de Shinear; et quand elle sera préparée, il sera posé là sur sa base.

< জাখারিয়া 5 >