< জাখারিয়া 4 >
1 ১ পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে।
Toen kwam de engel terug, die tot mij sprak; hij wekte mij, als iemand die uit de slaap wordt gewekt,
2 ২ তেওঁ মোক ক’লে, “তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে সেই পাত্ৰৰ ওপৰত সাতোটা প্ৰদীপ আছে, আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে;
en sprak tot mij: Wat ziet ge? Ik antwoordde: Ik zie daar een luchter, geheel van goud; er staat een oliehouder boven op, en zeven lampen daar omheen met zeven toevoerbuizen naar de lampen, die er eveneens op staan;
3 ৩ আৰু তাৰ ওচৰত দুজোপা জিতগছ আছে, এজোপা তেলধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফালে।”
twee olijfbomen staan er naast: de een rechts, de ander links van de oliehouder.
4 ৪ পাছত মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, “হে মোৰ প্ৰভু এইবোৰৰ অর্থ কি?”
Ik vervolgde tot den engel, die tot mij sprak: Wat hebben ze te betekenen, heer?
5 ৫ তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
De engel, die tot mij sprak, gaf ten antwoord: Weet ge niet, wat ze beduiden? Ik zeide: Neen!
6 ৬ তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
Dit is het woord, dat Jahweh tot Zorobabel spreekt: Niet door kracht, en niet door geweld, Maar door mijn geest, spreekt Jahweh der heirscharen!
7 ৭ “হে বৃহৎ পৰ্ব্বত, তুমি কোন? জৰুব্বাবিলৰ আগত তুমি সমথল হৈ যাবা, আৰু ‘অনুগ্ৰহ, ইয়ালৈ অনুগ্ৰহ হওক!’ এই জয়ধ্বনিৰ সৈতে তেওঁ প্ৰধান শিলটো উলিয়াই আনিব।”
Wat gij ook zijt, gij grote berg: Voor Zorobabel wordt gij een vlakte! Hij zal de sluitsteen plaatsen, En men zal juichen: Hoe heerlijk, hoe heerlijk!
8 ৮ পাছত যিহোৱাৰ বাক্য মোলৈ আহিল আৰু ক’লে,
En het woord van Jahweh werd tot mij gericht:
9 ৯ “বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব; ইয়াতে তুমি জানিবা যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে
De handen van Zorobabel hebben dit huis gegrond, Zijn handen zullen het ook voltooien, En gij zult weten, dat Jahweh der heirscharen mij tot u heeft gezonden!
10 ১০ কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে।
Waarachtig, die de dag der kleine dingen veracht, Zal met vreugde de uitverkoren steen In de hand van Zorobabel aanschouwen! Hij sprak: Deze zeven lampen zijn de ogen van Jahweh, die de hele aarde doorvorsen.
11 ১১ পাছত মই তেওঁক উত্তৰ দিলোঁ আৰু আকৌ সুধিলোঁ, “দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই দুজোপা জিতগছ কি?”
Ik vervolgde tot hem: Wat betekenen die beide olijfbomen, rechts en links van de oliehouder?
12 ১২ পাছত দ্বিতীয়বাৰ মই তেওঁক সুধিলো আৰু ক’লো, “যি দুডাল সোণোৱালী নলীয়ে নিজৰ নিজৰ পৰা সোণোৱালী তেল ঢালি দিয়ে, সেই নলী দুডালৰ ওচৰত থকা জিতগছৰ সেই ডালদুটা বা কি?”
En ik herhaalde: Wat betekenen die beide olijftakken, aan weerskanten van de twee gouden gootjes, die de olie in de gouden oliehouder laten vloeien?
13 ১৩ তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “সেই কেইডাল কি, ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
Hij gaf mij ten antwoord: Weet ge niet, wat ze beduiden? Ik zeide: Neen!
14 ১৪ তেতিয়া তেওঁ মোক ক’লে, “গোটেই পৃথিৱীৰ যিহোৱাৰ ওচৰত থিয় হৈ থকা এই দুডাল তেল যোগাওঁতা পুৰুষ।”
Hij sprak: Het zijn de twee gezalfden, die voor den Heer van de hele aarde staan.