< জাখারিয়া 3 >
1 ১ তেতিয়া যিহোৱাই দূতজনাৰ আগত প্ৰধান পুৰোহিত যিহোচূৱাক থিয় হৈ থকা দেখুৱালে আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ কাৰণে তেওঁৰ সোঁহাতে চয়তানক থিয় হৈ থকা যেন তেওঁ মোক দেখুৱালে।
Ningĩ akĩnyonia Joshua, mũthĩnjĩri-Ngai ũrĩa mũnene, arũgamĩte mbere ya mũraika wa Jehova, nake Shaitani arũgamĩte mwena wake wa ũrĩo nĩguo amũcuuke.
2 ২ তেতিয়া যিহোৱাৰ দূতে চয়তানক ক’লে, “হে চয়তান, যিহোৱাই তোমাক ধমকি দিয়ক; যিজনে যিৰূচালেমক মনোনীত কৰিলে, তেওঁ তোমাক ধমকি দিয়ক! এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয় নে?”
Nake Jehova akĩĩra Shaitani atĩrĩ, “Jehova arogũkũũma, wee Shaitani! Jehova ũrĩa ũthuurĩte Jerusalemu arogũkũũma wee! Githĩ mũndũ ũyũ ti gĩcinga gĩtharĩtwo kuuma mwaki-inĩ?”
3 ৩ সেই সময়ত যিহোচূৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল,
Na rĩrĩ, Joshua eehumbĩte nguo irĩ gĩko hĩndĩ ĩyo aarũgamĩte mbere ya mũraika.
4 ৪ সেইবাবে দূতে ক’লে আৰু তেওঁৰ আগত থিয় হৈ থকাসকলক ক’লে, “এওঁৰ গাৰ পৰা মলিন বস্ত্ৰ সোলোকাই পেলোৱা।” তেতিয়া তেওঁ যিহোচূৱাক ক’লে, “চোৱা! মই তোমাৰ অপৰাধ তোমাৰ পৰা আতৰালোঁ, আৰু মই তোমাক উত্তম বস্ত্ৰ পিন্ধাম।”
Mũraika ũcio akĩĩra arĩa maarũngiĩ mbere yake atĩrĩ, “Mũrutei nguo icio ciake irĩ na gĩko.” Agĩcooka akĩĩra Joshua atĩrĩ, “Atĩrĩrĩ, nĩnjeheretie mehia maku, na nĩngũkũhumba nguo cia goro.”
5 ৫ মই কলোঁ, “তেওঁৰ মূৰত তোমালোকে এটা পাগুৰি পিন্ধাই দিয়া!” এইদৰে যিহোৱাৰ দূত যেতিয়া তেওঁলোকৰ ওচৰত থিয় হৈ আছিল, তেতিয়া তেওঁলোকে যিহোচূৱাৰ মুৰত এটা শুচি পাগুৰি পিন্ধাই দিলে, আৰু তেওঁক বস্ত্ৰ পিন্ধালে।
Ngĩcooka ngiuga atĩrĩ, “Muohei kĩremba gĩtheru mũtwe.” Nĩ ũndũ ũcio makĩmuoha kĩremba gĩtheru mũtwe, na makĩmũhumba nguo, mũraika wa Jehova arũgamĩte o hau.
6 ৬ তাৰ পাছত যিহোৱাৰ দূতজনাই যিহোচূৱাক শ্রদ্ধাৰে আজ্ঞা কৰি ক’লে,
Mũraika wa Jehova agĩatha Joshua, akĩmwĩra atĩrĩ,
7 ৭ “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তুমি যদি মোৰ পথত চলা, আৰু মোৰ আজ্ঞাবোৰ যদি পালন কৰা, তেনেহ’লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা আৰু মোৰ চোতালখন ৰাখিবা; কাৰণ মোৰ আগত থিয় হৈ থকা এই লোকসকলৰ মাজত, মই তোমাক অহা যোৱা কৰিবলৈ অধিকাৰ দিম।
“Jehova Mwene-Hinya-Wothe ekuuga ũũ, ‘Ũngĩrũmĩrĩra mĩthiĩre yakwa na ũmenyagĩrĩre maũndũ marĩa nyendaga mekwo, nĩũgaathaga nyũmba yakwa, o na ũtuĩke mũrũgamĩrĩri wa nja ciayo, na ngwĩtĩkĩrie ũtuĩke ũmwe wa andũ aya marũngiĩ haha.
8 ৮ হে প্ৰধান পুৰোহিত যিহোচূৱা, শুনা, তুমি আৰু তোমাৰ আগত বহি থকা লগৰীয়াসকল শুনা! কিয়নো তেওঁলোকেই চিনস্বৰূপ লোক, কাৰণ চোৱা, মই মোৰ দাসৰ এটি গজালি উৎপন্ন কৰিম।
“‘Ta thikĩrĩria, wee Joshua, mũthĩnjĩri-Ngai ũrĩa mũnene, hamwe na athiritũ aku aya maikarĩte thĩ mbere yaku, o acio kĩmenyithia kĩa maũndũ marĩa magooka: Nĩngarehe ndungata yakwa, o we Rũhonge.’
9 ৯ এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।
Jehova Mwene-Hinya-Wothe ekuuga ũũ, ‘Atĩrĩrĩ, nĩnjigĩte ihiga mbere ya Joshua! Ihiga rĩu rĩrĩ na maitho mũgwanja, na nĩngakurura maandĩko igũrũ warĩo, na njeherie mehia ma bũrũri ũyũ na mũthenya ũmwe.
10 ১০ বাহিনীসকলৰ যিহোৱাই কৈছে, ‘সেইদিনা প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াক নিজ নিজ দ্ৰাক্ষালতাৰ ডালৰ ওচৰলৈ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা।
“‘Mũthenya ũcio-rĩ, o mũndũ wanyu nĩageeta mũndũ wa itũũra rĩake maikare rungu rwa mũtĩ wake wa mũthabibũ na wa mũkũyũ,’” ũguo nĩguo Jehova Mwene-Hinya-Wothe ekuuga.