< জাখারিয়া 14 >
1 ১ চোৱা! যি দিনা তুমি লুট কৰি লোৱা দ্ৰব্য শত্ৰুৱে তোমাৰ মাজত ভাগ কৰি ল’ব, যিহোৱাৰ এনে এটা সোধ-বিচাৰৰ দিন আহি আছে।
Katso, Herran päivä on tuleva, ja sinun saaliisi jaetaan sinun keskelläsi.
2 ২ কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
Minä kokoan kaikki pakanat sotaan Jerusalemia vastaan. Kaupunki valloitetaan, talot ryöstetään, naiset raiskataan, ja puoli kaupunkia lähtee pakkosiirtolaisuuteen, mutta jäljelle jäävää kansaa ei hävitetä kaupungista.
3 ৩ কিন্তু যিহোৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰেই যুঁজ কৰিব।
Ja Herra on lähtevä liikkeelle ja sotiva näitä pakanoita vastaan, niinkuin sotimispäivänänsä, taistelun päivänä.
4 ৪ সেই দিনা পূৱফালে যিৰূচালেমৰ সন্মুখত থকা জৈতুন পৰ্ব্বতৰ ওপৰত তেওঁৰ চৰণ স্থিতি হ’ব; আৰু জৈতুন পৰ্বত মাজেৰে ফাটি পূব আৰু পশ্চিম ফালে ভাগ হৈ বৰ ডাঙৰ উপত্যকা হ’ব আৰু পৰ্বতৰ এফাল উত্তৰ দিশে আৰু আন ফাল দক্ষিণ দিশে হুঁহকি যাব।
Hänen jalkansa seisovat sinä päivänä Öljymäellä, joka on Jerusalemin edustalla itää kohti. Ja Öljymäki halkeaa kahtia idästä länteen hyvin suureksi laaksoksi: toinen puoli mäkeä siirtyy pohjoiseen ja toinen puoli etelään päin.
5 ৫ তেতিয়া তোমালোকে মোৰ পৰ্ব্বত দুখনৰ উপত্যকাইদি পলাবা; কিয়নো পৰ্ব্বত দুখনৰ সেই উপত্যকা আঁচললৈকে বিস্তৃত হ’ব। এনে কি, যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা; তেতিয়া মোৰ ঈশ্বৰ যিহোৱা আহিব আৰু তোমালোকৰ সৈতে সকলো পবিত্ৰ লোক থাকিব।
Ja te pakenette minun mäkieni väliseen laaksoon, sillä mäkien välinen laakso on ulottuva Asaliin asti. Te pakenette, niinkuin pakenitte maanjäristystä Ussian, Juudan kuninkaan, päivinä. Ja Herra, minun Jumalani, tulee; kaikki pyhät sinun kanssasi.
6 ৬ আৰু সেই দিনা পোহৰ নাইকিয়া হব, তৰাবোৰ ম্লান হৈ যাব।
Sinä päivänä ei ole valoa: loistavat tähdet sammuvat.
7 ৭ কিন্তু সেয়ে যিহোৱাই জনা অনুপম দিন হ’ব, সেয়ে দিনো নহয় ৰাতিও নহয়, কিন্তু সন্ধিয়া সময়ত পোহৰ হ’ব।
Se on oleva yhtämittaista päivää-Herralle on se tunnettu-ei vaihdu päivä ja yö; ja ehtoolla on oleva valoisata.
8 ৮ আৰু সেইদিনা যিৰূচালেমৰ পৰা জীৱন্ত জল সমূহ ওলাব, তাৰ আধা পূৱ সমুদ্ৰৰ ফালে, আধা পশ্চিম সমুদ্ৰৰ ফালে যাব; সেয়ে গৰম বা জাৰকালতো থাকিব।
Sinä päivänä elävät vedet virtaavat Jerusalemista: toiset puolet niistä Idänmerta kohti, toiset puolet Länsimerta kohti. Niin on tapahtuva kesät ja talvet.
9 ৯ যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব।
Herra on oleva koko maan kuningas. Sinä päivänä on Herra oleva yksi ja hänen nimensä yksi.
10 ১০ গেবাৰে পৰা তাৰ মাজত দক্ষিণফালে থকা ৰিম্মোনলৈকে গোটেই দেশ পৰিবৰ্ত্তন হৈ অৰাবা যেন হ’ব আৰু নগৰখন বিন্যামীনৰ দুৱাৰৰ পৰা প্ৰথম দুৱাৰৰ ঠাইলৈকে, চুকৰ দুৱাৰলৈকে আৰু হননেলৰ ওখ কোঁঠৰ পৰা ৰজাৰ দ্ৰাক্ষাকুণ্ডলৈকে ওখ হৈ নিজ ঠাইত স্থাপিত হ’ব।
Koko maa muuttuu tasaiseksi kuin Aromaa Gebasta Rimmoniin asti, Jerusalemin eteläpuolelle. Ja tämä on oleva korkea ja oleva asuttu, paikallansa, Benjaminin portista entisen portin sijaan asti, Kulmaporttiin ja Hananelin-torniin asti, kuninkaan viinikuurniin asti.
11 ১১ লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব।
He asuvat siellä, eikä vihitä sitä enää tuhon omaksi, ja Jerusalem on oleva asuttu, oleva turvassa.
12 ১২ যিৰূচালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক যিহোৱাই এই মহামাৰীৰে আঘাত কৰিব: ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে তেওঁলোকৰ মাংস ক্ষয় পাব, চকুৰ গাতত তেওঁলোকৰ চকু ক্ষয় পাব আৰু তেওঁলোকৰ মুখত তেওঁলোকৰ জিভা ক্ষয় পাব।
Ja tämä on oleva vitsaus, jolla Herra rankaisee niitä kansoja, jotka sotivat Jerusalemia vastaan: hän mädättää siltä kansalta lihan, kun se vielä seisoo jaloillaan, sen silmät mätänevät kuopissansa, ja sen kieli mätänee sen suussa.
13 ১৩ আৰু সেই দিনা তেওঁলোকৰ মাজত যিহোৱাৰ পৰা মহাকোলাহল উপস্থিত হ’ব; তেতিয়া প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ হাতত ধৰিব আৰু প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ অহিতে হাত তুলিব।
Sinä päivänä on tuleva Herralta suuri hämminki heidän sekaansa, niin että he käyvät kiinni toinen toisensa käteen ja toisen käsi kohoaa toisen kättä vastaan.
14 ১৪ যিহূদায়ো যিৰূচালেমত যুঁজ কৰিব! তেওঁলোকে চাৰিওফালে থকা সকলো জাতিৰ সোণ ৰূপ, কাপোৰ আদি ধন-সম্পত্তি অধিকৰূপে গোটাব।
Myös Juuda on sotiva Jerusalemissa, ja kaikkien pakanakansojen rikkaudet kootaan joka taholta: kullat ja hopeat ja ylen paljon vaatteita.
15 ১৫ আৰু সেই ছাউনিবোৰত থকা ঘোঁৰা, খছৰ, গাধ আদি সকলো পশুৰ আঘাতবোৰ, সেই আঘাতৰ নিচিনাই হ’ব।
Samoin on vitsaus kohtaava hevosia ja muuleja ja kameleja ja aaseja ja kaikkea karjaa, mitä niissä leireissä on-samankaltainen vitsaus.
16 ১৬ আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব।
Mutta kaikki niiden pakanakansain tähteet, jotka ovat hyökänneet Jerusalemia vastaan, käyvät vuosi vuodelta sinne ylös kumartaen rukoilemaan kuningasta, Herraa Sebaotia, ja viettämään lehtimajanjuhlaa.
17 ১৭ পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব।
Ja mitkä maan sukukunnista eivät käy ylös Jerusalemiin kumartaen rukoilemaan kuningasta, Herraa Sebaotia, niille ei tule sadetta.
18 ১৮ আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব।
Ja jos egyptiläisten sukukunta ei käy eikä tule sinne ylös, ei tule sitä heillekään; vaan heitä on kohtaava se vitsaus, millä Herra rankaisee niitä pakanakansoja, jotka eivät tule sinne ylös viettämään lehtimajanjuhlaa.
19 ১৯ এয়ে মিচৰৰ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ’ব।
Tämä on oleva egyptiläisten synnin palkka ja kaikkien niiden pakanakansojen synnin palkka, jotka eivät käy sinne ylös viettämään lehtimajanjuhlaa.
20 ২০ কিন্তু সেই দিনা, “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব আৰু যিহোৱাৰ গৃহত থকা সকলো ৰন্ধন-পাত্ৰ যজ্ঞবেদীৰ আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ’ব;
Sinä päivänä on oleva hevosten kulkusissa kirjoitus: "Pyhitetty Herralle". Ja padat Herran temppelissä ovat uhrimaljain vertaisia, jotka ovat alttarin edessä.
21 ২১ এনে কি, যিৰূচালেম আৰু যিহূদাৰ প্ৰত্যেক ৰন্ধন-পাত্ৰ বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু বলিদান কৰোঁতা আটাইলোকে আহি তাৰ মাজত কোনো কোনো পাত্ৰ লৈ তাতে সিজাব। সেই দিনা বাহিনীসকলৰ যিহোৱাৰ গৃহত কনানীয়া লোক পুনৰ নাথাকিব।
Ja jokainen pata Jerusalemissa ja Juudassa on oleva pyhitetty Herralle Sebaotille, ja kaikki uhraajat tulevat ja ottavat niitä ja keittävät niissä. Eikä ole enää sinä päivänä yhtään kaupustelijaa Herran Sebaotin temppelissä.