< জাখারিয়া 13 >
1 ১ “সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।
In that day every place shall be opened to the house of David and to the inhabitants of Jerusalem for removal and for separation.
2 ২ বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।
And it shall come to pass in that day, says the Lord of hosts, [that] I will utterly destroy the names of the idols from off the land, and there shall be no longer [any] remembrance of them: and I will cut off the false prophets and the evil spirit from the land.
3 ৩ তেতিয়াও যদি কোনোৱে ভাববাণী প্ৰচাৰ কৰে, তেনেহ’লে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক ক’ব, ‘তই জীয়াই নাথাকিবি, কিয়নো তই যিহোৱাৰ নাম লৈ মিছা কথা কৱ!’ আৰু সি প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক খুচি মাৰিব।
And it shall come to pass, if a man will yet prophesy, that his father and his mother which gave birth to him shall say to him, You shall not live; for you has spoken lies in the name of the Lord: and his father and his mother who gave him birth shall bind him as he is prophesying.
4 ৪ তেতিয়া এনে ঘটিব যে, সেই দিনা প্রত্যেক ভাববাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ’ব আৰু তেওঁলোকে ছল কৰিবৰ অৰ্থে নোমাল হোলৌচোলা পুনৰ নিপিন্ধিব।
And it shall come to pass in that day, [that] the prophets shall be ashamed every one of his vision when he prophesies; and they shall clothe themselves with a garment of hair, because they have lied.
5 ৫ কিয়নো তেওঁ ক’ব, “মই ভাববাদী নহয়! মই কেৱল খেতিয়কহে; কিয়নো ল’ৰা কালৰে পৰা মই খেতি কৰি আহিছোঁ।
And [one] shall say, I am not a prophet, for I am a tiller of the ground, for a man brought me up [thus] from my youth.
6 ৬ কিন্তু কোনোৱে তেওঁক ক’ব, ‘তোমাৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ?’ তেতিয়া তেওঁ উত্তৰ দিব, ‘মোৰ বন্ধুসকলৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ’।”
And I will say to him, What are these wounds between your hands? and he shall say, [Those] with which I was wounded in my beloved house.
7 ৭ “হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
Awake, O sword, against my shepherds, and against the man [who is] my citizen, says the Lord Almighty: strike the shepherds, and draw out the sheep: and I will bring mine hand upon the little ones.
8 ৮ যিহোৱাই কৰা ঘোষণা এই, গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ’ব!” তেওঁলোক অৱশিষ্ট নাথাকিব; কেৱল তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব।
And it shall come to pass, [that] in all the land, says the Lord, two parts thereof shall be cut off and perish; but the third shall be left therein.
9 ৯ আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”
And I will bring the third [part] through the fire, and I will try them as silver is tried, and I will prove them as gold is proved: they shall call upon my name, and I will hear them, and say, This is my people: and they shall say, The Lord [is] my God.