< জাখারিয়া 12 >
1 ১ ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা:
Profeta vorto de la Eternulo pri Izrael. Diro de la Eternulo, kiu etendis la ĉielon, fondis la teron, kaj kreis la spiriton de la homo interne de li:
2 ২ চোৱা! মই যিৰূচালেমক চাৰিওফালে থকা আটাই জাতিবোৰক ঢলংপলং হোৱা পান-পাত্ৰস্বৰূপ কৰিম আৰু যিৰূচালেমক অৱৰোধ কৰা সময়ত এয়ে যিহূদাৰ বিৰুদ্ধেও ঘটিব।
Jen Mi faros Jerusalemon freneziga kaliko por ĉiuj popoloj ĉirkaŭe, kaj eĉ por Judujo, kiam Jerusalem estos sieĝata.
3 ৩ সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; আৰু যিসকলে তাক তুলিব, তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাইৰ অহিতে গোট খাব।
En tiu tempo Mi faros Jerusalemon peza ŝtono por ĉiuj popoloj: ĉiuj, kiuj ĝin levos, faros al si vundojn; kaj kolektiĝos kontraŭ ĝi ĉiuj nacioj de la tero.
4 ৪ সেইদিনা যিহোৱাৰ ঘোষণা এই - “মই প্ৰত্যেক ঘোঁৰাক আঘাত কৰি ভয় লগাম আৰু তাত উঠা জনক বলীয়া কৰিম; মই যিহূদা বংশলৈ মোৰ চকু মুকলি কৰিম, কিন্তু সৈন্যসকলৰ প্ৰত্যেক ঘোঁৰাক আঘাত কৰি কণা কৰিম।
En tiu tempo, diras la Eternulo, Mi frapos ĉiun ĉevalon per rabio kaj ĝian rajdanton per frenezeco; kaj sur la domon de Jehuda Mi malfermos Miajn okulojn; ĉiujn ĉevalojn de la popoloj Mi frapos per blindeco.
5 ৫ তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক’ব, ‘যিৰূচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঈশ্বৰ’।
Kaj la estroj de Judujo diros en sia koro: Mia forto estas la loĝantoj de Jerusalem, dank’ al la Eternulo Cebaot, ilia Dio.
6 ৬ সেই দিনা মই যিহূদাৰ পৰিচাৰকসকলক খৰিৰ মাজত থকা জুই ধৰা পাত্ৰৰদৰে আৰু ডাঙৰিবোৰৰ মাজত জ্বলাই থোৱা আৰিয়াৰ দৰে কৰিম; তেওঁলোকে সোঁ আৰু বাওঁ ফালে চাৰিওকাষে আটাই জাতিক গ্ৰাস কৰিব আৰু নিজ ঠাই যিৰূচালেমতেই পুনৰায় বাস কৰিব।
En tiu tempo Mi faros la estrojn de Judujo kiel pato kun fajro inter ligno kaj kiel brulanta torĉo inter garboj, kaj ili formanĝos dekstre kaj maldekstre ĉiujn popolojn ĉirkaŭe; kaj Jerusalem estos denove priloĝata sur sia loko, en Jerusalem.
7 ৭ দায়ূদৰ বংশ আৰু যিৰূচালেম-নিবাসীসকল যিহূদাতকৈ বৰ বুলি বিবেচিত নহ’বৰ কাৰণে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।
Kaj antaŭe la Eternulo savos la tendojn de Judujo, por ke la gloro de la domo de David kaj la gloro de la loĝantoj de Jerusalem ne estu tro alta super Judujo.
8 ৮ সেইদিনা যিহোৱা যিৰূচালেম-নিবাসীসকলৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকৰ মাজৰ দুৰ্ব্বল লোক সেইদিনা দায়ূদৰ সদৃশ হ’ব আৰু দায়ূদৰ বংশ ঈশ্বৰৰ সদৃশ, তেওঁলোকৰ আগে আগে যোৱা যিহোৱাৰ দূতৰেই সদৃশ হ’ব।
En tiu tempo la Eternulo defendos la loĝantojn de Jerusalem, kaj la plej malforta el ili estos en tiu tempo kiel David, kaj la domo de David estos kiel Dio, kiel anĝelo de la Eternulo antaŭ ili.
9 ৯ আৰু সেইদিনা যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিক মই নষ্ট কৰিবলৈ থিৰ কৰিম।”
En tiu tempo Mi decidos ekstermi ĉiujn naciojn, kiuj atakas Jerusalemon.
10 ১০ আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।
Sed sur la domon de David kaj sur la loĝantojn de Jerusalem Mi verŝos spiriton de amo kaj de preĝoj; kaj ili rigardos tiun, kiun ili trapikis, kaj ili ploros pri li, kiel oni ploras pri solfilo, kaj ili malĝojos pri li, kiel oni malĝojas pri unuenaskito.
11 ১১ মগিদ্দোন সমথলৰ হদদ-ৰিম্মোণত কৰা বিলাপৰ নিচিনাকৈ যিৰূচালেমত সেই দিনা মহা বিলাপ হ’ব।
En tiu tempo estos granda plorado en Jerusalem, kiel la plorado en Hadadrimon en la valo de Megidon.
12 ১২ দেশৰ প্ৰত্যেক গোষ্ঠীয়ে বেলেগে বেলেগে বিলাপ কৰিব; দায়ূদ-বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; নাথন বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে বিলাপ কৰিব।
Ploros la lando, ĉiu familio aparte: la familio de la domo de David aparte, kaj iliaj edzinoj aparte; la familio de la domo de Natan aparte, kaj iliaj edzinoj aparte;
13 ১৩ লেবী-বংশৰ গোষ্ঠীয়ে বেলেগকৈ আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; চিমিয়ীৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে;
la familio de la domo de Levi aparte, kaj iliaj edzinoj aparte; la familio de la Ŝimeiidoj aparte, kaj iliaj edzinoj aparte;
14 ১৪ প্রত্যেক অৱশিষ্ট গোষ্ঠীৰ মাজত এক এক গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকলে বেলেগে বেলেগে বিলাপ কৰিব।
ĉiuj ceteraj familioj ĉiu familio aparte, kaj iliaj edzinoj aparte.