< জাখারিয়া 10 >

1 তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেঁই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব।
Просите от Господа дождя во время ранняго и поздняго: Господь сотвори привидения, и дождь зимен даст им, комуждо злак на селе.
2 কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
Зане провещающии глаголаша труды, и вражбителие видения ложна и сония лжива глаголаху, суетными утешаху: сего ради изсхоша яко овцы, и озлоблени быша, понеже не бе изцеления.
3 মেৰ-ছাগ ৰখীয়াসকলৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে, আৰু এই পৰিচাৰকসকলক মই দণ্ড দিম; কিয়নো বাহিনীসকলৰ যিহোৱাই তেওঁৰ জাক যিহূদা-বংশৰ বুজ-বিচাৰ লৈ, তেওঁলোকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব!
На пастырей прогневася ярость Моя, и на агнцы посещу: и посетит Господь Бог Вседержитель стадо Свое, дом Иудин, и учинит я аки коня благолепна Своего во брани.
4 তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব।
И от него призре, и от него учини, и от него лук в дусе ярости, и от него изыдет всяк изгоняяй в том.
5 তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।
И будут яко ратницы попирающе брение на путех во брани, и ополчатся, яко Господь с ними, и постыдятся всадницы коннии.
6 “মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ’ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম।
И укреплю дом Иудов и дом Иосифов спасу, и вселю я, понеже возлюбих я, и будут аки бы не отвратих их: зане Аз Господь Бог их и услышу я.
7 তেতিয়া ইফ্ৰয়িমীয়াসকল বীৰপুৰুষৰ নিচিনা হ’ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁলোকৰ হৃদয়ত তেনে আনন্দ হ’ব; তেওঁলোকৰ সন্তান সকলে তাকে দেখি আনন্দ কৰিব। তেওঁলোকৰ হৃদয়ে যিহোৱাত উল্লাস কৰিব!
И будут яко ратницы Ефремовы, и возрадуется сердце их аки от вина: и чада их увидят и возвеселятся, и возрадуется сердце их о Господе.
8 মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব!
Возвещу им и прииму я, зане искуплю их, и умножатся, якоже бяху мнози:
9 মই তেওঁলোকক জাতি সমূহৰ মাজত বীজ সিঁচাৰ দৰে সিঁচিছিলোঁ, কিন্তু তেওঁলোকে দূৰ দেশত মোক সোঁৱৰণ কৰিব যাতে তেওঁলোকে নিজ নিজ সন্তান সকলৰ সৈতে জীৱন-যাপন কৰি ঘূৰি আহিব।
и всею я в людех, и дальнии помянут Мя, и воспитают чада своя, и обратятся:
10 ১০ কিয়নো মই তেওঁলোকক মিচৰ দেশৰ পৰা ঘূৰাই আনিম আৰু অচূৰৰ পৰা তেওঁলোকক গোট খুৱাম। যেতিয়া তেওঁলোকৰ ঠাইৰ নাটনি হ’ব, তেতিয়া মই তেওঁলোকক গিলিয়দ দেশ আৰু লিবানোনলৈ আনিম।
и возвращу я от земли Египетския и от Ассириан прииму я, и в Галаадит и в Ливан введу я, и не имать остати от них ни един.
11 ১১ তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ব তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব।
И пройдут морем узким и поразят в мори волны, и изсякнут вся глубины речныя, и отимется всяко досаждение Ассирийско, и скиптр Египетск отимется.
12 ১২ মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।
И укреплю я о Где Бозе их, и о имени Его восхвалятся, глаголет Господь.

< জাখারিয়া 10 >