< জাখারিয়া 10 >
1 ১ তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেঁই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব।
Bed Herren om regn når tiden for vårregnet er inne! Herren sender lynstråler, og regnskyll skal han gi dem, så hver mann får grøde på sin mark.
2 ২ কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
For husgudene talte usant, og spåmennene skuet løgn; tomme drømmer forkynte de, og den trøst de gav, var intet verd; derfor måtte folket dra avsted som får og li ondt, fordi der ingen hyrde var.
3 ৩ মেৰ-ছাগ ৰখীয়াসকলৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে, আৰু এই পৰিচাৰকসকলক মই দণ্ড দিম; কিয়নো বাহিনীসকলৰ যিহোৱাই তেওঁৰ জাক যিহূদা-বংশৰ বুজ-বিচাৰ লৈ, তেওঁলোকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব!
Mot hyrdene er min vrede optendt, og bukkene vil jeg hjemsøke; for Herren, hærskarenes Gud, ser til sin hjord, Judas hus, og gjør den lik sin stolte stridshest.
4 ৪ তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব।
Fra det skal hjørnestenene komme, fra det naglene, fra det krigsbuene - fra det skal alle herskere utgå.
5 ৫ তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।
Og de skal være lik kjemper som trår sine fiender ned i krigen likesom skarnet på gatene; ja, stride skal de, for Herren er med dem, og de som rider på hester, skal bli til skamme.
6 ৬ “মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ’ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম।
Jeg vil styrke Judas hus og frelse Josefs hus og gi dem et bosted; for jeg forbarmer mig over dem, og de skal være som om jeg aldri hadde forkastet dem; for jeg er Herren deres Gud og vil bønnhøre dem.
7 ৭ তেতিয়া ইফ্ৰয়িমীয়াসকল বীৰপুৰুষৰ নিচিনা হ’ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁলোকৰ হৃদয়ত তেনে আনন্দ হ’ব; তেওঁলোকৰ সন্তান সকলে তাকে দেখি আনন্দ কৰিব। তেওঁলোকৰ হৃদয়ে যিহোৱাত উল্লাস কৰিব!
Og Efra'ims menn skal være lik kjemper, og deres hjerter skal bli glade som av vin; deres barn skal se det og glede sig, deres hjerter skal fryde sig i Herren.
8 ৮ মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব!
Jeg vil pipe til dem og samle dem, for jeg har utfridd dem; og de skal bli tallrike, som de har vært.
9 ৯ মই তেওঁলোকক জাতি সমূহৰ মাজত বীজ সিঁচাৰ দৰে সিঁচিছিলোঁ, কিন্তু তেওঁলোকে দূৰ দেশত মোক সোঁৱৰণ কৰিব যাতে তেওঁলোকে নিজ নিজ সন্তান সকলৰ সৈতে জীৱন-যাপন কৰি ঘূৰি আহিব।
Og jeg vil så dem ut blandt folkene, men i de fjerne land skal de komme mig i hu; og de skal leve med sine barn og komme tilbake.
10 ১০ কিয়নো মই তেওঁলোকক মিচৰ দেশৰ পৰা ঘূৰাই আনিম আৰু অচূৰৰ পৰা তেওঁলোকক গোট খুৱাম। যেতিয়া তেওঁলোকৰ ঠাইৰ নাটনি হ’ব, তেতিয়া মই তেওঁলোকক গিলিয়দ দেশ আৰু লিবানোনলৈ আনিম।
Og jeg vil føre dem tilbake fra Egyptens land og samle dem fra Assur og føre dem til Gileads land og til Libanon, og der skal det ikke bli rum nok for dem.
11 ১১ তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ব তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব।
Han skal dra frem gjennem havet, gjennem farer, og slå ned bølgene i havet, og alle Nilens dyp skal tørkes ut, og Assurs stolthet skal støtes ned, og kongespiret skal vike fra Egypten.
12 ১২ মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।
Jeg vil gjøre dem sterke i Herren, og i hans navn skal de gå frem, sier Herren.