< তীত 2 >
1 ১ কিন্তু তুমি নিৰাময় শিক্ষাৰ সৈতে উপযুক্ত কথা ক’বা৷
Ti pa govórí, kar se spodobi zdravemu uku:
2 ২ বৃদ্ধ সকল যেন পৰিমিত ভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্যত নিৰাময় হয়৷
Da starci bodijo trezni, spodobni, zmerni, zdravi v veri, ljubezni, stanovitnosti;
3 ৩ সেইদৰে বৃদ্ধ মহিলা সকলেয়ো যেন সকলো সময়তে পবিত্ৰ লোক সকলৰ দৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহয়৷ যি যি উত্তম, সেই শিক্ষা তেওঁলোকে দিয়ক৷
Starke enako v vedenji, kakor se svetim spodobi, ne obrekljive, ne mnogemu vinu vdane, dobrega učiteljice,
4 ৪ ইয়াৰ দ্বাৰা যুৱতী সকলক তেওঁলোকে শিক্ষা দিয়ক, তেওঁলোক যাতে চিন্তাধাৰাত সুস্হিৰ হয়, পতিক প্ৰেম কৰোঁতা আৰু সন্তান-প্ৰিয়া হবলৈ উৎসাহিত হয়, এইদৰে বিবেচক হবলৈ,
Da svaré mlajše ženske, naj ljubijo može in otroke,
5 ৫ নিৰ্দোষী, ঘৰ-ধৰোতা, সৎ স্বভাৱৰ, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷
Spodobne bodo, čiste, dobre gospodinje, blagovoljne, pokorne svojim možém, da se ne preklinja Božja beseda.
6 ৬ সেইদৰে যুৱক সকলকো সুবোধ হবলৈ উদগোৱা৷
Mlajše moške isto tako opominjaj, da naj bodo zmerni;
7 ৭ নিজে সকলো বিষয়তে সৎ কর্মৰ আর্হি হৈ, শিক্ষা দিওঁতে শুদ্ধ, ধীৰ আৰু অনিন্দনীয় হৈ নিৰাময় বাক্য প্ৰকাশ কৰিবা;
Stavi se vsem za zgled dobrih dél, v uku nopopačenost, dostojnost, zdravo besedo, neoporečno,
8 ৮ তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কু-কথা কবলৈ নোপোৱাত, লাজ পাব।
Da se nasprotnik osramoti, ker nima kaj slabega reči o vas.
9 ৯ দাস সকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভু সকলৰ আজ্ঞাধীন হব লাগে৷ তেওঁলোকৰ প্ৰতি সন্তোষদায়ক হব লাগে, কিন্তু উত্তৰা-উত্তৰি নকৰি
Hlapci naj bodo pokorni svojim gospodom, v vsem ugodni, naj ne odgovarjajo,
10 ১০ আৰু হাত লৰ নহৈ, বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবৰ বাবে তেওঁলোকক উদগোৱা, তাতে আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰক৷
Ne izmikajo, nego kažejo sleherno dobro zvestobo, da uk rešitelja našega Boga lepšajo v vsem.
11 ১১ কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;
Kajti prikazala se je milost Božja rešilna vsem ljudém,
12 ১২ আৰু আমি ভক্তি লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্মিক আৰু সৎ ভাবেৰে এই বর্তমান সংসাৰত যেন জীৱন-যাপন কৰিব পাৰোঁ, তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে। (aiōn )
Opominjajoč nas, da zatajivši brezbožnost in posvetno poželenje zmerno in pravično in pobožno živimo na tem svetu, (aiōn )
13 ১৩ এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷
Čakajoč blaženega upanja in prikazni slave velikega Boga in zveličarja našega Jezusa Kristusa,
14 ১৪ আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।
Kateri se je dal za nas, da bi nas rešil sleherne nepostavnosti in posvétil sebi za izbrano ljudstvo, goreče za vsa dobra dela.
15 ১৫ তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।
Tako govóri in opominjaj in svári z vsem poudarkom! Nihče naj te ne zaničuje!