< পরম গীত 1 >

1 ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই-
Orin, àwọn orin tí í ṣe orin Solomoni.
2 প্রিয়াৰ কথা তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
Fi ìfẹnukonu ìfẹ́ kò mí ní ẹnu, nítorí ìfẹ́ rẹ dára ju ọtí wáìnì lọ.
3 তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
Òórùn ìkunra rẹ fanimọ́ra. Orúkọ rẹ rí bí ìkunra tí a tú jáde abájọ tí àwọn wúńdíá fi fẹ́ ọ.
4 (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা।
Fà mí lọ pẹ̀lú rẹ, kí a lọ kíákíá ọba ti mú mi wá sínú yàrá rẹ̀. Ọ̀rẹ́ Àwa yọ̀ inú wa sì dùn sí ọ; a gbé ìfẹ́ rẹ ga ju ọtí wáìnì lọ. Olólùfẹ́ Wọ́n fẹ́ ọ nítòótọ́!
5 আন ৰমণীসকলৰ প্রতি: হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
Èmi dúdú mo sì ní ẹwà. Ẹ̀yin ọmọbìnrin Jerusalẹmu dúdú bí àgọ́ ìlú Kedari, bí aṣọ títa ti Solomoni.
6 মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল’ব পৰা নাই।
Má ṣe wò mí nítorí wí pé mo dúdú, nítorí oòrùn mú mi dúdú, ọmọkùnrin ìyá mi bínú sí mi ó sì fi mí ṣe olùtọ́jú ọgbà àjàrà; ọgbà àjàrà tèmi ni èmi kò tọ́jú.
7 প্রিয়ৰ প্রতি যুৱতীৰ কথা: হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম?
Wí fún mi, ìwọ ẹni tí ọkàn mí fẹ́, níbo ni ìwọ ń da agbo ẹran lọ. Níbi tí ìwọ mú agbo ẹran rẹ sinmi ní ọ̀sán, kí ni ìdí tí èmi yóò fi jẹ́ obìnrin asán ní ẹ̀bá agbo ẹran àwọn ọ̀rẹ́ rẹ.
8 প্রিয়ৰ কথা: তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
Bí ìwọ kò bá mọ̀, ìwọ arẹwà jùlọ nínú àwọn obìnrin. Bá ọ̀nà tí agbo ẹran rìn lọ, kí o sì bọ́ àwọn ọmọ ewúrẹ́ rẹ. Ní ẹ̀bá àgọ́ àwọn olùṣọ́-àgùntàn.
9 হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।
Olùfẹ́ mi, mo fi ọ́ wé ẹṣin mi nínú kẹ̀kẹ́ Farao.
10 ১০ গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
Ẹ̀rẹ̀kẹ́ rẹ dára ní ohun ọ̀ṣọ́, ọrùn rẹ sì yẹ ọ̀ṣọ́ ìlẹ̀kẹ̀.
11 ১১ মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম।
A ó fi wúrà ṣe òrùka etí fún ọ, a ó fi fàdákà ṣe ìlẹ̀kẹ̀.
12 ১২ প্রিয়াৰ কথা: ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
Nígbà tí ọba wà ní orí ìjókòó rẹ̀, òróró ìkunra mi tú òórùn jáde.
13 ১৩ মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
Ìdì òjìá ni olùfẹ́ mi jẹ sí mi, òun ó sinmi lé àárín ọmú mi.
14 ১৪ মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়।
Bí ìdì ìtànná Henina ni olùfẹ́ mi rí sí mi láti inú ọgbà àjàrà ti En-Gedi.
15 ১৫ প্রিয়ৰ কথা: চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।
Báwo ni o ti lẹ́wà tó, olólùfẹ́ mi! Háà, báwo ni o ṣe lẹ́wà tó! Ìwọ ní ojú ẹyẹlé.
16 ১৬ প্রিয়াৰ কথা: চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
Báwo ni o ṣe dára tó, olùfẹ́ mi! Háà, báwo ni o ṣe wu ni! Ibùsùn wa ní ìtura.
17 ১৭ এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।
Ìtànṣán ilé wa jẹ́ ti igi kedari ẹkẹ́ ilé wa jẹ́ ti igi firi.

< পরম গীত 1 >