< পরম গীত 1 >
1 ১ ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই- প্রিয়াৰ কথা
2 ২ তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
osculetur me osculo oris sui quia meliora sunt ubera tua vino
3 ৩ তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
fraglantia unguentis optimis oleum effusum nomen tuum ideo adulescentulae dilexerunt te
4 ৪ (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। আন ৰমণীসকলৰ প্রতি:
trahe me post te curremus introduxit me rex in cellaria sua exultabimus et laetabimur in te memores uberum tuorum super vinum recti diligunt te
5 ৫ হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
nigra sum sed formonsa filiae Hierusalem sicut tabernacula Cedar sicut pelles Salomonis
6 ৬ মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল’ব পৰা নাই। প্রিয়ৰ প্রতি যুৱতীৰ কথা:
nolite me considerare quod fusca sim quia decoloravit me sol filii matris meae pugnaverunt contra me posuerunt me custodem in vineis vineam meam non custodivi
7 ৭ হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম? প্রিয়ৰ কথা:
indica mihi quem diligit anima mea ubi pascas ubi cubes in meridie ne vagari incipiam per greges sodalium tuorum
8 ৮ তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
si ignoras te o pulchra inter mulieres egredere et abi post vestigia gregum et pasce hedos tuos iuxta tabernacula pastorum
9 ৯ হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।
equitatui meo in curribus Pharaonis adsimilavi te amica mea
10 ১০ গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
pulchrae sunt genae tuae sicut turturis collum tuum sicut monilia
11 ১১ মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। প্রিয়াৰ কথা:
murenulas aureas faciemus tibi vermiculatas argento
12 ১২ ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
dum esset rex in accubitu suo nardus mea dedit odorem suum
13 ১৩ মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
fasciculus murrae dilectus meus mihi inter ubera mea commorabitur
14 ১৪ মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। প্রিয়ৰ কথা:
botrus cypri dilectus meus mihi in vineis Engaddi
15 ১৫ চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। প্রিয়াৰ কথা:
ecce tu pulchra es amica mea ecce tu pulchra oculi tui columbarum
16 ১৬ চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
ecce tu pulcher es dilecte mi et decorus lectulus noster floridus
17 ১৭ এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।
tigna domorum nostrarum cedrina laquearia nostra cypressina