< পরম গীত 8 >

1 প্রিয়াৰ কথা: অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
τίς δῴη σε ἀδελφιδόν μου θηλάζοντα μαστοὺς μητρός μου εὑροῦσά σε ἔξω φιλήσω σε καί γε οὐκ ἐξουδενώσουσίν μοι
2 মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
παραλήμψομαί σε εἰσάξω σε εἰς οἶκον μητρός μου καὶ εἰς ταμίειον τῆς συλλαβούσης με ποτιῶ σε ἀπὸ οἴνου τοῦ μυρεψικοῦ ἀπὸ νάματος ῥοῶν μου
3 তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
εὐώνυμος αὐτοῦ ὑπὸ τὴν κεφαλήν μου καὶ ἡ δεξιὰ αὐτοῦ περιλήμψεταί με
4 হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। যিৰূচালেমৰ ৰমণীসকলৰ কথা:
ὥρκισα ὑμᾶς θυγατέρες Ιερουσαλημ ἐν ταῖς δυνάμεσιν καὶ ἐν ταῖς ἰσχύσεσιν τοῦ ἀγροῦ τί ἐγείρητε καὶ τί ἐξεγείρητε τὴν ἀγάπην ἕως ἂν θελήσῃ
5 নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
τίς αὕτη ἡ ἀναβαίνουσα λελευκανθισμένη ἐπιστηριζομένη ἐπὶ τὸν ἀδελφιδὸν αὐτῆς ὑπὸ μῆλον ἐξήγειρά σε ἐκεῖ ὠδίνησέν σε ἡ μήτηρ σου ἐκεῖ ὠδίνησέν σε ἡ τεκοῦσά σου
6 মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। (Sheol h7585)
θές με ὡς σφραγῖδα ἐπὶ τὴν καρδίαν σου ὡς σφραγῖδα ἐπὶ τὸν βραχίονά σου ὅτι κραταιὰ ὡς θάνατος ἀγάπη σκληρὸς ὡς ᾅδης ζῆλος περίπτερα αὐτῆς περίπτερα πυρός φλόγες αὐτῆς (Sheol h7585)
7 জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব। যুৱতীৰ ককায়েকসকলৰ কথা;
ὕδωρ πολὺ οὐ δυνήσεται σβέσαι τὴν ἀγάπην καὶ ποταμοὶ οὐ συγκλύσουσιν αὐτήν ἐὰν δῷ ἀνὴρ τὸν πάντα βίον αὐτοῦ ἐν τῇ ἀγάπῃ ἐξουδενώσει ἐξουδενώσουσιν αὐτόν
8 আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
ἀδελφὴ ἡμῖν μικρὰ καὶ μαστοὺς οὐκ ἔχει τί ποιήσωμεν τῇ ἀδελφῇ ἡμῶν ἐν ἡμέρᾳ ᾗ ἐὰν λαληθῇ ἐν αὐτῇ
9 তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম। ককায়েকসকললৈ যুৱতীৰ কথা:
εἰ τεῖχός ἐστιν οἰκοδομήσωμεν ἐπ’ αὐτὴν ἐπάλξεις ἀργυρᾶς καὶ εἰ θύρα ἐστίν διαγράψωμεν ἐπ’ αὐτὴν σανίδα κεδρίνην
10 ১০ মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত।
ἐγὼ τεῖχος καὶ μαστοί μου ὡς πύργοι ἐγὼ ἤμην ἐν ὀφθαλμοῖς αὐτοῦ ὡς εὑρίσκουσα εἰρήνην
11 ১১ বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
ἀμπελὼν ἐγενήθη τῷ Σαλωμων ἐν Βεελαμων ἔδωκεν τὸν ἀμπελῶνα αὐτοῦ τοῖς τηροῦσιν ἀνὴρ οἴσει ἐν καρπῷ αὐτοῦ χιλίους ἀργυρίου
12 ১২ মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে। প্রিয়ৰ কথা:
ἀμπελών μου ἐμὸς ἐνώπιόν μου οἱ χίλιοι σοί Σαλωμων καὶ οἱ διακόσιοι τοῖς τηροῦσι τὸν καρπὸν αὐτοῦ
13 ১৩ হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া। প্রিয়াৰ কথা:
ὁ καθήμενος ἐν κήποις ἑταῖροι προσέχοντες τῇ φωνῇ σου ἀκούτισόν με
14 ১৪ হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।
φύγε ἀδελφιδέ μου καὶ ὁμοιώθητι τῇ δορκάδι ἢ τῷ νεβρῷ τῶν ἐλάφων ἐπὶ ὄρη ἀρωμάτων

< পরম গীত 8 >