< পরম গীত 8 >
1 ১ প্রিয়াৰ কথা: অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
Who makes you as a brother to me, Suckling the breasts of my mother? I find you outside, I kiss you, Indeed, they do not despise me,
2 ২ মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
I lead you, I bring you into my mother’s house, She teaches me, I cause you to drink of the spiced wine, Of the juice of my pomegranate,
3 ৩ তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
His left hand [is] under my head, And his right embraces me.
4 ৪ হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। যিৰূচালেমৰ ৰমণীসকলৰ কথা:
I have adjured you, daughters of Jerusalem, How you stir up, And how you wake the love until she pleases!
5 ৫ নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
Who [is] this coming from the wilderness, Hastening herself for her beloved? Under the citron-tree I have awoken you, There your mother pledged you, There she [who] bore you gave a pledge.
6 ৬ মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। (Sheol )
Set me as a seal on your heart, as a seal on your arm, For strong as death is love, Sharp as Sheol is jealousy, Its burnings [are] burnings of fire, a flame of YAH! (Sheol )
7 ৭ জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব। যুৱতীৰ ককায়েকসকলৰ কথা;
Many waters are not able to quench the love, And floods do not wash it away. If one gives all the wealth of his house for love, Treading down—they tread on it.
8 ৮ আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
We have a little sister, and she does not have breasts, What do we do for our sister, In the day that it is told of her?
9 ৯ তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম। ককায়েকসকললৈ যুৱতীৰ কথা:
If she is a wall, we build by her a palace of silver. And if she is a door, We fashion by her board-work of cedar.
10 ১০ মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত।
I [am] a wall, and my breasts as towers, Then I have been in his eyes as one finding peace.
11 ১১ বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
Solomon has a vineyard in Ba‘al-Hamon, He has given the vineyard to keepers, Each brings for its fruit one thousand pieces of silver;
12 ১২ মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে। প্রিয়ৰ কথা:
My vineyard—my own—is before me, The one thousand [is] for you, O Solomon. And the two hundred for those keeping its fruit. O dweller in gardens!
13 ১৩ হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া। প্রিয়াৰ কথা:
The companions are attending to your voice, Cause me to hear. Flee, my beloved, and be like to a roe,
14 ১৪ হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।
Or to a young one of the harts on mountains of spices!