< পরম গীত 7 >
1 ১ প্রিয়ৰ কথা: হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।
Bàn chân em mang hài đẹp biết bao, công nương hỡi. Vòng đùi em khác nào châu ngọc do công trình của thợ khéo tài năng.
2 ২ তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা।
Rốn em tròn trịa như chung rượu đầy rượu pha. Bụng em như một ôm lúa mạch, chung quanh có hoa huệ thơm ngát.
3 ৩ তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণসাৰৰ যমজ পোৱালি।
Ngực em như cặp nai con, cặp nai song sinh của con linh dương.
4 ৪ হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠণ; তোমাৰ নয়ন দুটি, হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।
Cổ em như ngọn tháp ngà. Mắt em như ao hồ lấp lánh tại Hết-bôn bên cổng Bát Ra-bim. Mũi em cao đẹp như tháp Li-ban trông ngóng hướng về thành Đa-mách.
5 ৫ তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া; সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।
Đầu em oai nghiêm như ngọn Núi Cát-mên, và tóc em lộng lẫy như thảm hoàng cung. Vua bị làn tóc này vương vấn.
6 ৬ হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
Ôi, em xinh đẹp biết bao! Thật khoái lạc, em yêu dấu, em khiến anh vui thích thể nào!
7 ৭ তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।
Thân em thon như cây chà là, và bầu ngực em như chùm quả chín.
8 ৮ মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;
Anh đã nói: “Ta sẽ trèo lên cây chà là, và ôm lấy những chùm quả chín.” Ước gì bầu ngực em như chùm nho, và hơi thở em thơm như táo ngọt.
9 ৯ তোমাৰ মূখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা। সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক। প্রিয়াৰ কথা:
Nụ hôn em kích thích như rượu ngon, chảy dịu dàng qua môi và răng!
10 ১০ মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ;
Em thuộc về người em yêu, và ước vọng chàng hướng về em.
11 ১১ হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁবোৰত গৈ থাকোঁগৈ।
Hãy đến, người yêu dấu, chúng ta cùng đến những cánh đồng, và trải qua đêm ở giữa đồng hoa dại.
12 ১২ ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।
Chúng ta cùng dậy sớm và đến vườn nho để xem những dây nho nứt đọt, xem các loài hoa đang nở, và thạch lựu trổ hoa. Tại nơi đó em trao cả tình yêu cho chàng.
13 ১৩ দুদা ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; ন-পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাইৰ দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।
Quả phong già tỏa mùi thơm ngát, và hoa quả ngon ngọt, cùng với niềm vui thích cũ và mới, em đặt trước cửa để dành cho anh, người em yêu dấu.