< পরম গীত 7 >

1 প্রিয়ৰ কথা: হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।
How beautiful are thy feet in sandals, O prince’s daughter! the joints of thy thighs are like jewels, the work of the hands of a cunning workman.
2 তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা।
Thy navel is [like] a round goblet, [wherein] no mingled wine is wanting: thy belly is [like] an heap of wheat set about with lilies.
3 তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণসাৰৰ যমজ পোৱালি।
Thy two breasts are like two fawns that are twins of a roe.
4 হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠণ; তোমাৰ নয়ন দুটি, হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।
Thy neck is like the tower of ivory; thine eyes [as] the pools in Heshbon, by the gate of Bath-rabbim; thy nose is like the tower of Lebanon which looketh toward Damascus.
5 তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া; সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।
Thine head upon thee is like Carmel, and the hair of thine head like purple; the king is held captive in the tresses [thereof].
6 হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
How fair and how pleasant art thou, O love, for delights!
7 তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।
This thy stature is like to a palm tree, and thy breasts to clusters [of grapes].
8 মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;
I said, I will climb up into the palm tree, I will take hold of the branches thereof: let thy breasts be as clusters of the vine, and the smell of thy breath like apples;
9 তোমাৰ মূখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা। সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক।
And thy mouth like the best wine, that goeth down smoothly for my beloved, gliding through the lips of those that are asleep.
10 ১০ প্রিয়াৰ কথা: মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ;
I am my beloved’s, and his desire is toward me.
11 ১১ হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁবোৰত গৈ থাকোঁগৈ।
Come, my beloved, let us go forth into the field; let us lodge in the villages.
12 ১২ ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।
Let us get up early to the vineyards; let us see whether the vine hath budded, [and] its blossom be open, [and] the pomegranates be in flower: there will I give thee my love.
13 ১৩ দুদা ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; ন-পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাইৰ দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।
The mandrakes give forth fragrance, and at our doors are all manner of precious fruits, new and old, which I have laid up for thee, O my beloved.

< পরম গীত 7 >