< পরম গীত 6 >

1 যিৰূচালেমৰ ৰমণীসকলৰ কথা: হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ। প্রিয়াৰ কথা:
אנה הלך דודך היפה בנשים אנה פנה דודך ונבקשנו עמך׃
2 মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে, সুগন্ধি মছলাৰ দলিচাখনলৈ; তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ, আৰু লিলি ফুল গোটাবলৈ গৈছে।
דודי ירד לגנו לערוגות הבשם לרעות בגנים וללקט שושנים׃
3 মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা:
אני לדודי ודודי לי הרעה בשושנים׃
4 হে মোৰ প্ৰিয়া, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী, যিৰূচালেমৰ নিচিনা মনোৰম, মোক সম্পূর্ণকৈ বিমুগ্ধ কৰিছা।
יפה את רעיתי כתרצה נאוה כירושלם אימה כנדגלות׃
5 তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক ব্যাকুল কৰি তোলে। তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা তললৈ নামি অহা ছাগলীৰ জাকৰ নিচিনা।
הסבי עיניך מנגדי שהם הרהיבני שערך כעדר העזים שגלשו מן הגלעד׃
6 এইমাত্র গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।
שניך כעדר הרחלים שעלו מן הרחצה שכלם מתאימות ושכלה אין בהם׃
7 ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা।
כפלח הרמון רקתך מבעד לצמתך׃
8 ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;
ששים המה מלכות ושמנים פילגשים ועלמות אין מספר׃
9 কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।
אחת היא יונתי תמתי אחת היא לאמה ברה היא ליולדתה ראוה בנות ויאשרוה מלכות ופילגשים ויהללוה׃
10 ১০ “পুৱাৰ অৰুণৰ দৰে দেখা দিয়া, কোন এইগৰাকী যুৱতী, যি চন্দ্ৰৰ নিচিনা সুন্দৰী, সূৰ্যৰ দৰে উজ্জ্বল আৰু সম্পূর্ণ মোহময়ী?” প্রিয়াৰ কথা:
מי זאת הנשקפה כמו שחר יפה כלבנה ברה כחמה אימה כנדגלות׃
11 ১১ মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই, তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ।
אל גנת אגוז ירדתי לראות באבי הנחל לראות הפרחה הגפן הנצו הרמנים׃
12 ১২ মই আনন্দত উত্রাৱল হ’লো, মই বুজি পোৱাৰ আগেয়েই যেন মোৰ ভালপোৱাই মোক মোৰ স্বজন, যুৱৰাজৰ এখন ৰথত বহালে আৰু মই গৈ আছিলোঁ। আন ৰমণীসকলৰ কথা:
לא ידעתי נפשי שמתני מרכבות עמי נדיב׃
13 ১৩ হে চূলম্মীৎ, উলটি আহাঁ, উলটি আহাঁ; আমি যেন তোমাক দেখা পাওঁ, উলটি আহাঁ। প্রিয়ৰ কথা: মহনয়িমৰ নৃত্য চোৱাৰ দৰে, নিখুঁত যুৱতীজনীক আপোনালোকে কিয় চাবলৈ বিচাৰিছে?
שובי שובי השולמית שובי שובי ונחזה בך מה תחזו בשולמית כמחלת המחנים׃

< পরম গীত 6 >