< পরম গীত 5 >

1 প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা।
YO vine á mi huerto, oh hermana, esposa [mía]: cogido he mi mirra y mis aromas; he comido mi panal y mi miel, mi vino y mi leche he bebido. Comed, amigos; bebed, amados, y embriagaos.
2 প্রিয়াৰ কথা: মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল, তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে, “হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী, দুৱাৰখন খুলি দিয়া। মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।”
Yo dormía, pero mi corazón velaba: la voz de mi amado que llamaba: Abreme, hermana mía, amiga mía, paloma mía, perfecta mía; porque mi cabeza está llena de rocío, mis cabellos de las gotas de la noche.
3 “মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?”
Heme desnudado mi ropa; ¿cómo la tengo de vestir? He lavado mis pies; ¿cómo los tengo de ensuciar?
4 মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।
Mi amado metió su mano por el agujero, y mis entrañas se conmovieron dentro de mí.
5 মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি দুৱাৰৰ শলখাডালো ভিজি গ’ল।
Yo me levanté para abrir á mi amado, y mis manos gotearon mirra, y mis dedos mirra que corría sobre las aldabas del candado.
6 মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
Abrí yo á mi amado; mas mi amado se había ido, había ya pasado: y tras su hablar salió mi alma: busquélo, y no lo hallé; llamélo, y no me respondió.
7 প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে; তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।
Halláronme los guardas que rondan la ciudad: hiriéronme, llagáronme, quitáronme mi manto de encima los guardas de los muros.
8 হে যিৰূচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ।
Yo os conjuro, oh doncellas de Jerusalem, si hallareis á mi amado, que le hagáis saber como de amor estoy enferma.
9 যিৰূচালেমৰ ৰমণীসকলৰ কথা: নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা?
¿Qué es tu amado más que [otro] amado, oh la más hermosa de todas las mujeres? ¿qué es tu amado más que [otro] amado, que así nos conjuras?
10 ১০ প্রিয়াৰ কথা: মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী; তেওঁৰ লগত কাৰো তুলনা নহয়।
Mi amado es blanco y rubio, señalado entre diez mil.
11 ১১ তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা।
Su cabeza, [como] oro finísimo; sus cabellos crespos, negros como el cuervo.
12 ১২ তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা; তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে খোদিত কৰা।
Sus ojos, como palomas junto á los arroyos de las aguas, que se lavan con leche, [y] á la perfección colocados.
13 ১৩ তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, য’ৰ পৰা সুগন্ধি সুঘ্রাণ ওলায়। তেওঁৰ ওঁঠযুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল।
Sus mejillas, como una era de especias aromáticas, [como] fragantes flores: sus labios, [como] lirios que destilan mirra que trasciende.
14 ১৪ তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।
Sus manos, [como] anillos de oro engastados de jacintos: su vientre, [como] claro marfil cubierto de zafiros.
15 ১৫ তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম।
Sus piernas, [como] columnas de mármol fundadas sobre basas de fino oro: su aspecto como el Líbano, escogido como los cedros.
16 ১৬ তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।
Su paladar, dulcísimo: y todo él codiciable. Tal es mi amado, tal es mi amigo, oh doncellas de Jerusalem.

< পরম গীত 5 >