< পরম গীত 5 >

1 প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা। প্রিয়াৰ কথা:
나의 누이, 나의 신부야! 내가 내 동산에 들어와서 나의 몰약과 향재료를 거두고 나의 꿀송이와 꿀을 먹고 내 포도주와 내 젖을 마셨으니 나의 친구들아 먹으라 나의 사랑하는 사람들아! 마시고 많이 마시라
2 মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল, তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে, “হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী, দুৱাৰখন খুলি দিয়া। মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।”
내가 잘지라도 마음은 깨었는데 나의 사랑하는 자의 소리가 들리는구나 문을 두드려 이르기를 나의 누이, 나의 사랑, 나의 비둘기, 나의 완전한 자야 문 열어 다고 내 머리에는 이슬이, 내 머리털에는 밤 이슬이 가득하였다 하는구나
3 “মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?”
내가 옷을 벗었으니 어찌 다시 입겠으며 내가 발을 씻었으니 어찌 다시 더럽히랴마는
4 মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।
나의 사랑하는 자가 문틈으로 손을 들이밀매 내 마음이 동하여서
5 মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি দুৱাৰৰ শলখাডালো ভিজি গ’ল।
일어나서 나의 사랑하는 자 위하여 문을 열 때 몰약이 내 손에서 몰약의 즙이 내 손가락에서 문 빗장에 듣는구나
6 মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
내가 나의 사랑하는 자 위하여 문을 열었으나 그가 벌써 물러갔네 그가 말할 때에 내 혼이 나갔구나 내가 그를 찾아도 못 만났고 불러도 응답이 없었구나
7 প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে; তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।
성중에서 행순하는 자들이 나를 만나매 나를 쳐서 상하게 하였고 성벽을 파수하는 자들이 나의 웃옷을 벗겨 취하였구나
8 হে যিৰূচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ। যিৰূচালেমৰ ৰমণীসকলৰ কথা:
예루살렘 여자들아 너희에게 내가 부탁한다 너희가 나의 사랑하는 자를 만나거든 내가 사랑하므로 병이 났다고 하려무나
9 নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা? প্রিয়াৰ কথা:
여자 중 극히 어여쁜 자야, 너의 사랑하는 자가 남의 사랑하는 자보다 나은 것이 무엇인가 너의 사랑하는 자가 남의 사랑하는 자 보다 나은 것이 무엇이기에 이같이 우리에게 부탁하는가
10 ১০ মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী; তেওঁৰ লগত কাৰো তুলনা নহয়।
나의 사랑하는 자는 희고도 붉어 만 사람에 뛰어난다
11 ১১ তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা।
머리는 정금 같고 머리털은 고불고불하고 까마귀 같이 검구나
12 ১২ তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা; তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে খোদিত কৰা।
눈은 시냇가의 비둘기 같은데 젖으로 씻은 듯하고 아름답게도 박혔구나
13 ১৩ তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, য’ৰ পৰা সুগন্ধি সুঘ্রাণ ওলায়। তেওঁৰ ওঁঠযুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল।
뺨은 향기로운 꽃밭 같고 향기로운 풀언덕과도 같고 입술은 백합화 같고 몰약의 즙이 뚝뚝 떨어진다
14 ১৪ তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।
손은 황옥을 물린 황금 노리개 같고 몸은 아로새긴 상아에 청옥을 입힌듯 하구나
15 ১৫ তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম।
다리는 정금 받침에 세운 화반석 기둥같고 형상은 레바논 같고 백향목처럼 보기 좋고
16 ১৬ তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।
입은 심히 다니 그 전체가 사랑스럽구나 예루살렘 여자들아! 이는 나의 사랑하는 자요 나의 친구일다

< পরম গীত 5 >