< পরম গীত 5 >
1 ১ প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা। প্রিয়াৰ কথা:
Přišelť jsem do zahrady své, sestro má choti, sbírám mirru svou i vonné věci své, jím plást svůj i med svůj, pijí víno své a mléko své. Jezte, přátelé, píte a hojně se napíte, moji milí.
2 ২ মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল, তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে, “হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী, দুৱাৰখন খুলি দিয়া। মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।”
Spávámť, a však srdce mé bdí. Hlas milého mého, tlukoucího: Otevři mi, sestro má, přítelkyně má, holubičko má, upřímá má; nebo hlava má plná jest rosy, a kadeře mé krůpějí nočních.
3 ৩ “মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?”
Svlékla jsem sukni svou, kterakž ji obleku? Umyla jsem nohy své, což je mám káleti?
4 ৪ মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।
Milý můj sáhl rukou svou skrze dvéře, a vnitřnosti mé pohnuly se ve mně.
5 ৫ মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি দুৱাৰৰ শলখাডালো ভিজি গ’ল।
I vstala jsem, abych otevřela milému svému, a aj, z rukou mých kapala mirra, i z prstů mých, mirra tekutá na rukovětech závory.
6 ৬ মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
Otevřelať jsem byla milému svému, ale milý můj již byl ušel, a pominul. Duše má byla vyšla, když on promluvil. Hledala jsem ho, ale nenašla jsem ho; volala jsem ho, ale neozval se mi.
7 ৭ প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে; তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।
Nalezše mne strážní, kteříž chodí po městě, zbili mne, ranili mne, vzali i rouchu mou se mne strážní zdí městských.
8 ৮ হে যিৰূচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ। যিৰূচালেমৰ ৰমণীসকলৰ কথা:
Zavazuji vás přísahou dcery Jeruzalémské, jestliže byste našly milého mého, co jemu povíte? Že jsem nemocná milostí.
9 ৯ নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা? প্রিয়াৰ কথা:
Což má milý tvůj mimo jiné milé, ó nejkrásnější z žen? Co má milý tvůj nad jiné milé, že nás tak přísahou zavazuješ?
10 ১০ মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী; তেওঁৰ লগত কাৰো তুলনা নহয়।
Milý můj jest bílý a červený, znamenitější nežli deset tisíců jiných.
11 ১১ তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা।
Hlava jeho jako ryzí zlato, vlasy jeho kadeřavé, černé jako havran.
12 ১২ তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা; তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে খোদিত কৰা।
Oči jeho jako holubic nad stoky vod, jako v mléce umyté, stojící v slušnosti.
13 ১৩ তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, য’ৰ পৰা সুগন্ধি সুঘ্রাণ ওলায়। তেওঁৰ ওঁঠযুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল।
Líce jeho jako záhonkové vonných věcí, jako květové vonných věcí; rtové jeho jako lilium prýštící mirru tekutou.
14 ১৪ তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।
Ruce jeho prstenové zlatí, vysazení kamením drahým jako postavcem modrým; břicho jeho stkvělost slonové kosti zafiry obložené.
15 ১৫ তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম।
Hnátové jeho sloupové mramoroví, na podstavcích zlata nejčistšího založení; oblíčej jeho jako Libán, výborný jako cedrové.
16 ১৬ তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।
Ústa jeho přesladká, a všecken jest přežádostivý. Takovýť jest milý můj, takový jest přítel můj, ó dcery Jeruzalémské.