< পরম গীত 3 >
1 ১ কইনাৰ সপোন: ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ;
Där jag låg på mitt läger om natten, sökte jag honom som min själ har kär; jag sökte honom, men fann honom icke.
2 ২ মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ।
»Jag vill stå upp och gå omkring i staden, på gatorna och på torgen; jag vill söka honom som min själ har kär.» Jag sökte honom, men fann honom icke.
3 ৩ প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে। মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?”
Väktarna mötte mig, där de gingo omkring i staden. »Haven I sett honom som min själ har kär?»
4 ৪ তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই, মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, মই তেওঁক এৰি নিদিলোঁ; যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো।
Knappt hade jag kommit förbi dem, så fann jag honom som min själ har kär. Jag tog honom fatt, och jag släppte honom icke, förrän jag hade fört honom in i min moders hus, in i min fostrarinnas kammare.
5 ৫ ৰমণীসকলৰ প্রতি উক্তি: হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
Jag besvär eder, I Jerusalems döttrar, vid gaseller och hindar på marken: Oroen icke kärleken, stören den icke, förrän den själv så vill.
6 ৬ বিবাহৰ বাবে চলোমনৰ আগমণ মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে? তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ, গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে।
Vem är hon som kommer hitupp från öknen såsom i stoder av rök, kringdoftad av myrra och rökelse och alla slags köpmannakryddor?
7 ৭ চোৱা, সৌৱা চলোমনৰ দোলা; ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে; তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য।
Se, det är Salomos bärstol! Sextio hjältar omgiva den, utvalda bland Israels hjältar.
8 ৮ তেওঁলোক সকলোৰে লগত আছে তৰোৱাল; যুদ্ধত তেওঁলোক সুদক্ষ; তৰোৱাল ককালত বান্ধি লৈ তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে।
Alla bära de svärd och äro väl förfarna i strid. Var och en har sitt svärd vid sin länd, till värn mot nattens faror.
9 ৯ ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে, এটি দোলা নির্মাণ কৰিলে।
En praktbår är det som konung Salomo har låtit göra åt sig av virke från Libanon.
10 ১০ দোলাৰ খুটাবোৰ ৰূপেৰে পিছৰ ভাগ সোণেৰে, আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী; যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল
Dess sidostöd äro gjorda av silver, ryggstödet av guld, sätet belagt med purpurrött tyg. Innantill är den prydd i kärlek av Jerusalems döttrar.
11 ১১ হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।
I Sions döttrar, gån ut och skåden konung Salomo med lust, skåden kransen som hans moder har krönt honom med på hans bröllopsdag, på hans hjärtefröjds dag.