< পরম গীত 3 >

1 কইনাৰ সপোন: ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ;
על משכבי בלילות בקשתי את שאהבה נפשי בקשתיו ולא מצאתיו
2 মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ।
אקומה נא ואסובבה בעיר בשוקים וברחבות--אבקשה את שאהבה נפשי בקשתיו ולא מצאתיו
3 প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে। মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?”
מצאוני השמרים הסבבים בעיר את שאהבה נפשי ראיתם
4 তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই, মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, মই তেওঁক এৰি নিদিলোঁ; যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো। ৰমণীসকলৰ প্রতি উক্তি:
כמעט שעברתי מהם עד שמצאתי את שאהבה נפשי אחזתיו ולא ארפנו--עד שהביאתיו אל בית אמי ואל חדר הורתי
5 হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। বিবাহৰ বাবে চলোমনৰ আগমণ
השבעתי אתכם בנות ירושלם בצבאות או באילות השדה אם תעירו ואם תעוררו את האהבה עד שתחפץ
6 মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে? তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ, গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে।
מי זאת עלה מן המדבר כתימרות עשן מקטרת מר ולבונה מכל אבקת רוכל
7 চোৱা, সৌৱা চলোমনৰ দোলা; ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে; তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য।
הנה מטתו שלשלמה--ששים גברים סביב לה מגברי ישראל
8 তেওঁলোক সকলোৰে লগত আছে তৰোৱাল; যুদ্ধত তেওঁলোক সুদক্ষ; তৰোৱাল ককালত বান্ধি লৈ তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে।
כלם אחזי חרב מלמדי מלחמה איש חרבו על ירכו מפחד בלילות
9 ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে, এটি দোলা নির্মাণ কৰিলে।
אפריון עשה לו המלך שלמה--מעצי הלבנון
10 ১০ দোলাৰ খুটাবোৰ ৰূপেৰে পিছৰ ভাগ সোণেৰে, আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী; যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল
עמודיו עשה כסף רפידתו זהב מרכבו ארגמן תוכו רצוף אהבה מבנות ירושלם
11 ১১ হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।
צאנה וראינה בנות ציון במלך שלמה--בעטרה שעטרה לו אמו ביום חתנתו וביום שמחת לבו

< পরম গীত 3 >