< পরম গীত 2 >
1 ১ প্রিয়াৰ কথা: মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল।
Ja sam ruža Saronska, ljiljan u dolu.
2 ২ প্রিয়ৰ কথা: কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে।
Što je ljiljan meðu trnjem, to je draga moja meðu djevojkama.
3 ৩ প্রিয়াৰ কথা: বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।
Što je jabuka meðu drvetima šumskim, to je dragi moj meðu momcima; željeh hlada njezina, i sjedoh, i rod je njezin sladak grlu mojemu.
4 ৪ তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল, আৰু প্রেমেই হ’ল মোৰ ওপৰত তেওঁৰ নিচান।
Uvede me u kuæu gdje je gozba a zastava mu je ljubav k meni.
5 ৫ কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ।
Potkrijepite me žbanovima, pridržite me jabukama, jer sam bolna od ljubavi.
6 ৬ মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।
Lijeva je ruka njegova meni pod glavom, a desnom me grli.
7 ৭ হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
Zaklinjem vas, kæeri Jerusalimske, srnama i košutama poljskim, ne budite ljubavi moje, ne budite je, dok joj ne bude volja.
8 ৮ সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! সেয়া চোৱা, তেওঁ আহিছে, তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি ডেও দি জপিয়াই আহিছে।
Glas dragoga mojega; evo ga, ide skaèuæi preko gora, poskakujuæi preko humova.
9 ৯ মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ; সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে, তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে,
Dragi je moj kao srna ili kao jelenèe; evo ga, stoji iza našega zida, gleda kroz prozor, viri kroz rešetku.
10 ১০ মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
Progovori dragi moj i reèe mi: ustani, draga moja, ljepotice moja, i hodi.
11 ১১ চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল।
Jer gle, zima proðe, minuše daždi, otidoše.
12 ১২ ভূমিত ফুলবোৰ ফুলি উঠিছে; পক্ষীবোৰে গান গোৱাৰ সময় আহিছে; আমাৰ দেশত কপৌৰ মাত শুনা গৈছে।
Cvijeæe se vidi po zemlji, doðe vrijeme pjevanju, i glas grlièin èuje se u našoj zemlji.
13 ১৩ ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
Smokva je pustila zametke svoje, i loza vinova ucvala miriše. Ustani, draga moja, ljepotice moja, i hodi.
14 ১৪ হে মোৰ কপৌ, তুমি শিলৰ ফাটত, পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া; তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।”
Golubice moja u rasjelinama kamenijem, u zaklonu vrletnom! daj da vidim lice tvoje, daj da èujem glas tvoj; jer je glas tvoj sladak i lice tvoje krasno.
15 ১৫ ৰমণীসকলৰ প্রতি উক্তি: তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে।
Pohvatajte nam lisice, male lisice, što kvare vinograde, jer naši vinogradi cvatu.
16 ১৬ প্রিয়াৰ কথা: মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; তেওঁ লিলি ফুলৰ মাজত চৰে।
Moj je dragi moj, i ja sam njegova, on pase meðu ljiljanima.
17 ১৭ হে মোৰ প্ৰিয়, তুমি গুছি যোৱা, অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে তুমি গুছি যোৱা। তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা।
Dok zahladi dan i sjenke otidu, vrati se, budi kao srna, dragi moj, ili kao jelenèe po gorama razdijeljenijem.