< পরম গীত 2 >

1 প্রিয়াৰ কথা: মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল। প্রিয়ৰ কথা:
من نرگس شارون و سوسن وادیها هستم.۱
2 কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে। প্রিয়াৰ কথা:
چنانکه سوسن در میان خارها همچنان محبوبه من در میان دختران است.۲
3 বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।
چنانکه سیب در میان درختان جنگل همچنان محبوب من در میان پسران است. درسایه وی به شادمانی نشستم و میوه‌اش برای کامم شیرین بود.۳
4 তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল, আৰু প্রেমেই হ’ল মোৰ ওপৰত তেওঁৰ নিচান।
مرا به میخانه آورد و علم وی بالای سر من محبت بود.۴
5 কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ।
مرا به قرصهای کشمش تقویت دهید و مرا به سیبها تازه سازید، زیرا که من از عشق بیمار هستم.۵
6 মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।
دست چپش در زیر سر من است و دست راستش مرا در آغوش می‌کشد.۶
7 হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
‌ای دختران اورشلیم، شما را به غزالها وآهوهای صحرا قسم می‌دهم که محبوب مرا تاخودش نخواهد بیدار نکنید و برنینگیزانید.۷
8 সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! সেয়া চোৱা, তেওঁ আহিছে, তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি ডেও দি জপিয়াই আহিছে।
آواز محبوب من است، اینک بر کوهها جستان وبر تلها خیزان می‌آید.۸
9 মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ; সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে, তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে,
محبوب من مانند غزال یابچه آهو است. اینک او در عقب دیوار ما ایستاده، از پنجره‌ها می‌نگرد و از شبکه‌ها خویشتن رانمایان می‌سازد.۹
10 ১০ মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
محبوب من مرا خطاب کرده، گفت: «ای محبوبه من و‌ای زیبایی من برخیز و بیا.۱۰
11 ১১ চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল।
زیرا اینک زمستان گذشته و باران تمام شده ورفته است.۱۱
12 ১২ ভূমিত ফুলবোৰ ফুলি উঠিছে; পক্ষীবোৰে গান গোৱাৰ সময় আহিছে; আমাৰ দেশত কপৌৰ মাত শুনা গৈছে।
گلها بر زمین ظاهر شده و زمان الحان رسیده و آواز فاخته در ولایت ما شنیده می‌شود.۱۲
13 ১৩ ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
درخت انجیر میوه خود را می‌رساندو موها گل آورده، رایحه خوش می‌دهد. ای محبوبه من و‌ای زیبایی من، برخیز و بیا.»۱۳
14 ১৪ হে মোৰ কপৌ, তুমি শিলৰ ফাটত, পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া; তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।” ৰমণীসকলৰ প্রতি উক্তি:
‌ای کبوتر من که در شکافهای صخره و درستر سنگهای خارا هستی، چهره خود را به من بنما و آوازت را به من بشنوان زیرا که آواز تو لذیذو چهره ات خوشنما است.۱۴
15 ১৫ তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে। প্রিয়াৰ কথা:
شغالها، شغالهای کوچک را که تاکستانها را خراب می‌کنند برای مابگیرید، زیرا که تاکستانهای ما گل آورده است.۱۵
16 ১৬ মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; তেওঁ লিলি ফুলৰ মাজত চৰে।
محبوبم از آن من است و من از آن وی هستم. در میان سوسنها می‌چراند.۱۶
17 ১৭ হে মোৰ প্ৰিয়, তুমি গুছি যোৱা, অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে তুমি গুছি যোৱা। তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা।
‌ای محبوب من، برگرد و تا نسیم روز بوزد و سایه‌ها بگریزد، (مانند) غزال یا بچه آهو بر کوههای باتر باش.۱۷

< পরম গীত 2 >