< পরম গীত 2 >
1 ১ প্রিয়াৰ কথা: মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল। প্রিয়ৰ কথা:
われはシャロンの野花 谷の百合なり
2 ২ কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে। প্রিয়াৰ কথা:
女子等の中にわが佳耦のあるは荊棘の中に百合花のあるがごとし
3 ৩ বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।
わが愛する者の男子等の中にあるは林の樹の中に林檎のあるがごとし 我ふかく喜びてその蔭にすわれり その實はわが口に甘かりき
4 ৪ তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল, আৰু প্রেমেই হ’ল মোৰ ওপৰত তেওঁৰ নিচান।
彼われをたづさへて酒宴の室にいれたまへり その我上にひるがへしたる旗は愛なりき
5 ৫ কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ।
請ふ なんぢら乾葡萄をもてわが力をおぎなへ 林檎をもて我に力をつけよ 我は愛によりて疾わづらふ
6 ৬ মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।
彼が左の手はわが頭の下にあり その右の手をもて我を抱く
7 ৭ হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
エルサレムの女子等よ我なんぢらに獐と野の鹿とをさし誓ひて請ふ 愛のおのづから起るときまでは殊更に喚起し且つ醒すなかれ
8 ৮ সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! সেয়া চোৱা, তেওঁ আহিছে, তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি ডেও দি জপিয়াই আহিছে।
わが愛する者の聲きこゆ 視よ 山をとび 岡を躍りこえて來る
9 ৯ মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ; সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে, তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে,
わが愛する者は獐のごとくまた小鹿のごとし 視よ彼われらの壁のうしろに立ち 窓より覗き 格子より窺ふ
10 ১০ মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
わが愛する者われに語りて言ふ わが佳耦よ わが美しき者よ 起ていできたれ 視よ 冬すでに過ぎ 雨もやみてはやさりぬ
11 ১১ চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল।
12 ১২ ভূমিত ফুলবোৰ ফুলি উঠিছে; পক্ষীবোৰে গান গোৱাৰ সময় আহিছে; আমাৰ দেশত কপৌৰ মাত শুনা গৈছে।
もろもろの花は地にあらはれ 鳥のさへづる時すでに至り 班鳩の聲われらの地にきこゆ
13 ১৩ ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
無花果樹はその青き果を赤らめ 葡萄の樹は花さきてその馨しき香氣をはなつ わが佳耦よ わが美しき者よ 起て出きたれ
14 ১৪ হে মোৰ কপৌ, তুমি শিলৰ ফাটত, পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া; তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।” ৰমণীসকলৰ প্রতি উক্তি:
磐間にをり 斷崖の匿處にをるわが鴿よ われに汝の面を見させよ なんぢの聲をきかしめよ なんぢの聲は愛らしく なんぢの面はうるはし
15 ১৫ তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে। প্রিয়াৰ কথা:
われらのために狐をとらへよ 彼の葡萄園をそこなふ小狐をとらへよ 我等の葡萄園は花盛なればなり
16 ১৬ মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; তেওঁ লিলি ফুলৰ মাজত চৰে।
わが愛する者は我につき我はかれにつく 彼は百合花の中にて其群を牧ふ
17 ১৭ হে মোৰ প্ৰিয়, তুমি গুছি যোৱা, অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে তুমি গুছি যোৱা। তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা।
わが愛する者よ 日の涼しくなるまで 影の消るまで身をかへして出ゆき 荒き山々の上にありて獐のごとく 小鹿のごとくせよ