< পরম গীত 1 >
1 ১ ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই-
Salomon korkea veisu.
2 ২ প্রিয়াৰ কথা তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
Hän suuta antakoon minun, suunsa antamisella; sillä sinun rakkautesi on suloisempi kuin viina,
3 ৩ তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
Sinun hyväin voidettes hajuin tähden. Sinun nimes on vuodatettu öljy; sen piikaiset sinua rakastavat.
4 ৪ (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা।
Vedä minua, niin me juoksemme perässäs: Kuningas vie minun kammioonsa: Me iloitsemme ja riemuitsemme sinusta, me muistamme sinun rakkauttas enempi kuin viinaa: hurskaat rakastavat sinua.
5 ৫ আন ৰমণীসকলৰ প্রতি: হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
Minä olen musta, mutta sangen otollinen, te Jerusalemin tyttäret, niinkuin Kedarin majat, niinkuin Salomon kirjoiteltu vaate.
6 ৬ মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল’ব পৰা নাই।
Älkäät sitä katsoko, että minä niin musta olen; sillä päivä on minun polttanut: minun äitini lapset vihastuivat minun päälleni: he ovat asettaneet minun viinamäen vartiaksi, mutta en minä varjellut viinamäkeäni.
7 ৭ প্রিয়ৰ প্রতি যুৱতীৰ কথা: হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম?
Sano minulle sinä, jota minun sieluni rakastaa: kussas laidunta pidät, ja kussas lounaalla lepäät? ettei minun pitäisi poikkeeman kumppanies lauman tykö.
8 ৮ প্রিয়ৰ কথা: তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
Jos et sinä sinuas tunne, sinä kaikkein ihanaisin vaimoin seassa, niin mene lammasten jäljille, ja kaitse vohlias paimenien huonetten tykönä.
9 ৯ হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।
Minä vertaan sinun, ystäväni, ratsaskaluihini, Pharaon vaunuihin.
10 ১০ গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
Sinun sasupääs ovat ihanat pankkuin keskellä, ja sinun kaulas kultakäädyissä.
11 ১১ মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম।
Me teemme sinulle kultaiset pankut, hopianastoilla.
12 ১২ প্রিয়াৰ কথা: ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
Kuin kuningas istui pöytänsä tykönä, antoi nardukseni hajunsa.
13 ১৩ মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
Ystäväni on minun mirrhamkimppuni, joka minun rinnoillani riippuu.
14 ১৪ মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়।
Minun ystäväni on minulle Kyprin viinamarjan rypäle, Engeddin viinamäessä.
15 ১৫ প্রিয়ৰ কথা: চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।
Katso, armaani, sinä olet ihana: katso, sinä olet ihana, silmäs ovat niinkuin kyhkyläisen silmät.
16 ১৬ প্রিয়াৰ কথা: চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
Katso, ystäväni, sinä olet ihana ja suloinen, ja meidän vuoteemme myös viheriöitsee.
17 ১৭ এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।
Meidän huoneemme kaaret ovat sedripuusta, vuolteet hongasta.