< পরম গীত 1 >

1 ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই- প্রিয়াৰ কথা
Salomos Højsang
2 তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
Kys mig, giv mig Kys af din mund thi din Kærlighed er bedre end Vin.
3 তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
Lifligt dufter dine Salver, dit Navn er en udgydt Salve, derfor har Kvinder dig kær.
4 (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। আন ৰমণীসকলৰ প্রতি:
Drag mig efter dig, kom, lad os løbe; Kongen tog mig ind i sine Kamre. Vi vil juble og glæde os i dig, prise din Hærlighed fremfor Vin. Med Rette har de dig kær.
5 হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
Jeg er sort, dog yndig, Jerusalems Døtre, som Kedars Telte, som Salmas Forhæng.
6 মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল’ব পৰা নাই। প্রিয়ৰ প্রতি যুৱতীৰ কথা:
Se ej på mig, fordi jeg er sortladen, fordi jeg er brændt af Solen. Min Moders Sønner vrededes på mig, til Vingårdsvogterske satte de mig - min egen Vingård vogted jeg ikke.
7 হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম? প্রিয়ৰ কথা:
Sig mig, du, som min Sjæl har kær, hvor du vogter din Hjord, hvor du holder Hvil ved Middag. Thi hvi skal jeg gå som en Landstryger ved dine Fællers Hjorde?
8 তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
Såfremt du ikke ved det, du fagreste blandt Kvinder, følg da kun Hjordens Spor og vogt dine Geder ved Hyrdernes Boliger.
9 হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।
Ved Faraos Forspand ligner jeg dig, min Veninde.
10 ১০ গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
Dine Kinder er yndige med Snorene din Hals med Kæderne.
11 ১১ মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। প্রিয়াৰ কথা:
Vi vil gøre dig Snore af Guld med Stænk af Sølv.
12 ১২ ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
Min Nardus spreder sin Duft, mens Kongen er til Bords;
13 ১৩ মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
min Ven er mig en Myrrapose, der ligger ved mit Bryst,
14 ১৪ মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। প্রিয়ৰ কথা:
min Ven er mig en Koferklase fra En-Gedis Vingårde.
15 ১৫ চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। প্রিয়াৰ কথা:
Hvor du er fager, min Veninde, hvor du er fager, dine Øjne er Duer!
16 ১৬ চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
Hvor du er fager, min Ven, ja dejlig er du, vort Leje er grønt,
17 ১৭ এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।
vor Boligs Bjælker er Cedre, Panelet Cypresser!

< পরম গীত 1 >