< ৰূথ 4 >
1 ১ তাৰ পাছত, বোৱজে বৈৎলেহেম নগৰৰ দুৱাৰৰ সন্মুখলৈ উঠি গৈ তাতে বহিল; এনেতে যিজন ওচৰ সম্পৰ্কীয় ব্যক্তিৰ কথা ৰূথক তেওঁ কৈছিল, সেই ব্যক্তি জন বাটেদি আহি আছিল; তেতিয়া বোৱজে তেওঁক নাম কাঢ়ি মাতি ক’লে, “ইয়ালৈ আহি বহাচোন।” পাছত তেওঁ তাতে আহি বহিল।
Tedy Bóz všed do brány, posadil se tam. A aj, příbuzný ten, o němž on byl mluvil, šel tudy. I řekl jemu: Poď sem, a poseď tuto. Kterýž zastaviv se, sedl.
2 ২ তেতিয়া বোৱজে নগৰৰ বৃদ্ধ সকলৰ মাজৰ দহজনক মাতি আনি ক’লে, “আপোনালোক এই ঠাইতে বহ’ক।” তেতিয়া তেওঁলোক আহি সেই ঠাইতে বহিল।
A vzav Bóz deset mužů z starších města toho, řekl: Posaďte se tuto. I posadili se.
3 ৩ তেতিয়া বোৱজে সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনক ক’লে, “আমাৰ ভাই ইলীমেলকৰ যি মাটিডোখৰ আছিল, সেই ডোখৰ মাটি মোৱাব দেশৰ পৰা ঘূৰি অহা নয়মীয়ে বেচিব খুজিছে৷
Tedy řekl příbuznému tomu: Díl pole, kteréž bylo bratra našeho Elimelecha, prodala Noémi, kteráž se navrátila z krajiny Moábské.
4 ৪ এই হেতুকে মই তোমাক এই কথা জনাব খুজিছোঁ যে, আমাৰ সন্মুখত বহি থকা ব্যক্তিসকলৰ আৰু মোৰ জাতিৰ বৃ্দ্ধসকলৰ আগত তুমি সেই মাটি ডোখৰ কিনি লোৱা৷ তুমি যদি মুক্ত কৰা, তেন্তে কৰা৷ কিন্তু যদি নকৰা, তেন্তে মোক কোৱা, মই জানিব খুজিছোঁ। কিয়নো মুক্ত কৰিবলৈ তোমাতকৈ ওচৰ-সম্পৰ্কীয় আন কোনো ব্যক্তি নাই, কিন্তু তোমাৰ পাছত মইহে আছোঁ।” তেতিয়া সেই ব্যক্তি জনে ক’লে, “মই মুক্ত কৰিম।”
A já jsem umínil netajiti toho před tebou, a pravímť: Ujmi pole to před přísedícími těmito a staršími lidu mého. Jestliže chceš koupiti, kup; pakli nekoupíš, oznam mi. Nebo vím, že kromě tebe není žádného, kterýž by měl právo koupiti je, a já jsem po tobě. Tedy on řekl: Já koupím.
5 ৫ তেতিয়া বোৱজে ক’লে, “তুমি যিদিনা নয়মীৰ হাতৰ পৰা মাটি ডোখৰ কিনিবা, সেইদিনা তুমি মৃতজনৰ বংশৰ নাম জীয়াই ৰাখিবলৈ তেওঁৰ মোৱাবীয়া পত্নী ৰূথকো গ্ৰহণ কৰিব লাগিব৷”
I řekl Bóz: Když ujmeš pole to od Noémi, tedy i Rut Moábskou, manželku mrtvého, sobě pojmeš, abys vzbudil jméno mrtvého v dědictví jeho.
6 ৬ তেতিয়া সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক’লে, “তেনেহ’লে মই নিজৰ বংশৰ ক্ষতি কৰি তেওঁক গ্ৰহণ কৰিব নোৱাৰোঁ; তুমি মোৰ অধিকাৰ লৈ তেওঁক গ্ৰহণ কৰা, কিয়নো মই কৰিব নোৱাৰোঁ।”
Odpověděl příbuzný ten: Nemohuť koupiti, abych snad nezahladil dědictví svého. Uživ ty práva příbuznosti mé, nebo já ho nemohu užiti.
7 ৭ ইস্ৰায়েলৰ মাজত মুক্ত কৰা আৰু সলোৱাৰ এনে ৰীতি-নীতি প্ৰচলিত আছিল, এই ৰীতি স্থিৰ কৰিবলৈ এজনে নিজৰ জোতা সোলোকাই আন জনক দিয়ে, এইদৰে ইস্ৰায়েলৰ মাজত সাক্ষীস্বৰূপ চৰ্ত আছিল।
(Byl pak ten obyčej od starodávna v Izraeli při koupi a směnách, ku potvrzení všelijakého jednání, že szul jeden obuv svou, a dal ji druhému. A to bylo na svědectví té věci v Izraeli.)
8 ৮ সেয়ে তেওঁৰ ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক’লে, “তুমি নিজে কিনি লোৱা।” এইদৰে কৈ, তেওঁ নিজৰ জোতা সোলোকাই দিলে।
Protož řekl příbuzný Bózovi: Ujmi ty. I szul obuv svou.
9 ৯ তাৰ পাছত বোৱজে বৃদ্ধ সকলক আৰু আটাই লোকসকলক ক’লে, “ইলীমেলকৰ যি যি আছিল, আৰু কিলিয়োন আৰু মহলোনৰ যি যি আছিল, সেই সকলোকে মই নয়মীৰ হাতৰ পৰা কিনিলোঁ; আজি তোমালোক ইয়াৰ সাক্ষী থ’লো।
Tedy řekl Bóz starším těm a všemu lidu: Vy svědkové jste dnes, že jsem ujal všecko, což bylo Elimelechovo, i všecko to, což bylo Chelionovo a Mahalonovo, od Noémi.
10 ১০ আপোনাৰ ভাইসকলৰ মাজৰ পৰা আৰু আপুনি বাস কৰা ঠাইৰ পৰা সেই মৃত লোকৰ নাম যেন লুপ্ত নহয়, সেইবাবে মৃতলোকৰ অধিকাৰত তেওঁৰ নাম ৰাখিবৰ অৰ্থে মই নিজ ভাৰ্য্যাস্বৰূপে মহলোনৰ ভাৰ্যা মোৱাবীয়া ৰূথকো কিনিলোঁ; আজি আপোনালোকে সকলোৱে ইয়াৰ সাক্ষী হৈ ৰ’ল।”
Ano i Rut Moábskou, ženu Mahalonovu, vzal jsem sobě za manželku, abych vzbudil jméno mrtvého v dědictví jeho, a aby nebylo zahlazeno jméno mrtvého z bratří jeho, a z brány místa jeho. Vy svědkové jste dnes toho.
11 ১১ নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক’লে, “আমি ইয়াৰ সাক্ষী হ’লো; যি গৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহোৱাই তেওঁক ইস্ৰায়েল বংশ স্থাপন কৰা যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক; আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈৎলেহেমত তোমাৰ সুখ্যাতি হওক।
I řekl všecken lid, kterýž byl v bráně města, i starší: Svědkové jsme. Dejž Hospodin, aby žena vcházející do domu tvého byla jako Ráchel a jako Lía, kteréžto dvě vzdělaly dům Izraelský. Počínejž sobě zmužile v Efratě, a dosáhni jména v Betlémě.
12 ১২ যিহোৱাই সেই মহিলাৰ পৰা তোমাক যি সন্তান দিব, সেই সন্তানৰ দ্বাৰাই, তামাৰৰ পৰা যিহূদালৈ জন্মা পেৰচৰ বংশৰ দৰে হওক।”
A ať jest dům tvůj jako dům Fáresa, (kteréhož porodila Támar Judovi, ) z semene toho, kteréž by dal tobě Hospodin s mladicí touto.
13 ১৩ বোৱজে ৰূথক বিবাহ কৰি তেওঁৰ ভাৰ্যা ৰূপে গ্রহণ কৰিলে আৰু বোৱজে তেওঁৰ লগত শয়ন কৰাৰ পাছত তেওঁ যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাই গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিলে।
A tak Bóz pojal sobě Rut, a byla manželkou jeho. A když všel k ní, dal jí to Hospodin, že počala a porodila syna.
14 ১৪ পাছত এই বাতৰি পাই, মহিলাসকলে নয়মীক ক’লে, “ধন্য যিহোৱা, তেওঁ আজি তোমাক ওচৰ সম্পৰ্কীয় কোনো নথকাকৈ অকলশৰে ৰখা নাই; এই সন্তানটিৰ নামো ইস্ৰায়েলৰ মাজত প্ৰখ্যাত হওক।
I řekly ženy Noémi: Požehnaný Hospodin, kterýž nedopustil toho, abys měla zbavena býti příbuzného v tento čas, tak aby trvalo v Izraeli jméno jeho.
15 ১৫ ই তোমাৰ জীৱন পুনৰ প্ৰতিষ্ঠা কৰিব, আৰু বৃদ্ধ অৱস্থাত তোমাৰ প্ৰতিপালক হ’ব, কাৰণ তোমাক প্ৰেম কৰোঁতা, আৰু তোমাৰ সাতজন পুত্ৰতকৈও উত্তম যি তোমাৰ বোৱাৰী তেওঁ ইয়াক প্ৰসৱ কৰিলে।”
Onť očerství duši tvou, a chovati tě bude v starosti tvé; nebo nevěsta tvá, kteráž tě miluje, porodila ho, kteráž tobě lepší jest, nežli sedm synů.
16 ১৬ তেতিয়া নয়মীয়ে ল’ৰাটিক নিজৰ কোলাত ল’লে, আৰু তেওঁ তাৰ ধাই মাতৃস্বৰূপ হ’ল।
Tedy vzavši Noémi dítě, položila je na klín svůj, a byla pěstounkou jeho.
17 ১৭ পাছত নয়মীৰ এটি পুত্ৰ জন্মিল, এই বুলি তেওঁৰ ওচৰ-চুবুৰীয়া মহিলাসকলে তাৰ নাম ওবেদ হ’ল। তেওঁ দায়ুদৰ ককাক, অৰ্থাৎ যিচয়ৰ বাপেক।
Daly mu pak jméno sousedy, kteréž pravily: Narodil se syn Noémi, a nazvaly ho jménem Obéd. Onť jest otec Izai, otce Davidova.
18 ১৮ এয়ে পেৰচৰ বংশাৱলী: পেৰচৰ পুতেক হিষ্ৰোণ,
A tito jsou rodové Fáresovi: Fáres zplodil Ezrona;
19 ১৯ হিষ্ৰোণৰ পুতেক ৰাম, ৰামৰ পুতেক অম্মীনাদব,
Ezron pak zplodil Rama, Ram pak zplodil Aminadaba;
20 ২০ অম্মীনাদবৰ পুতেক নহচোন, নহচোনৰ পুতেক চলমোন,
Aminadab pak zplodil Názona, Názon pak zplodil Salmona;
21 ২১ চলমোনৰ পুতেক বোৱজ, বোৱজৰ পুতেক ওবেদ,
Salmon pak zplodil Bóza, Bóz pak zplodil Obéda;
22 ২২ ওবেদৰ পুতেক যিচয়, যিচয়ৰ পুতেক দায়ুদ।
Obéd pak zplodil Izai, Izai pak zplodil Davida.