< ৰূথ 3 >
1 ১ নয়মীয়ে তেওঁৰ বোৱাৰীয়েক ৰূথক ক’লে, “হে মোৰ আইটি, যাৰ দ্বাৰাই তোমাৰ মঙ্গল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম?
Э Наоми пхэндя пэстеря боряти: — Мэрни щей, мэ камав тэ подродав тути лашо састо тхан.
2 ২ তুমি যি বোৱজৰ দাসীসকলৰ লগত কাম কৰিছিলা, সেই বোৱজ জানো আমাৰ সম্পৰ্কীয় লোক নহয়? চোৱা, তেওঁ আজি ৰাতি মৰণা মৰা ঠাইত যৱ ধান জাৰি আছে।
Гэн акэ, амаро родо о Боазо, савэстэ лэ бутярнянца ту санас андэ мал, адес увэчери лэла тэ вужарэл о ячмэно по гумэно.
3 ৩ সেয়ে, তুমি এতিয়া গা ধুই পৰিস্কাৰ হোৱা, সুগন্ধি তেল ঘঁহা, আৰু কাপোৰ সলনি কৰি সেই শস্যমৰা ঠাইলৈ যোৱা৷ কিন্তু সেই ব্যক্তিয়ে ভোজন-পান কৰি শেষ নকৰালৈকে তুমি তেওঁক দেখা নিদিবা।
Ту халадю, макпэ, вурядю и жа по гумэно, ай лэ Боазости на сыкадю, жы покэ вов хала и пэла.
4 ৪ তেওঁ যেতিয়া টোপনি যাব, তেতিয়া তুমি তেওঁৰ শোৱা ঠাই মনত ৰাখি, পাছত তেওঁৰ ওচৰলৈ যাবা আৰু তেওঁৰ ভৰি ফালৰ কাপোৰ গুচাই তাতেই তুমি শুবা; পাছত তুমি কি কৰিব লাগিব, সেই বিষয়ে তেওঁ তোমাক ক’ব।”
Роздикх, кай вов пэрэла тэ совэл, тунче поджа, розушарав лэстэ катар э пэрнэ о дияло и пэр. Вов пхэнэла тути, со тэ терэс майанглэ.
5 ৫ তেতিয়া ৰূথে নয়মীক ক’লে, “আপুনি যেনেদৰে ক’লে, মই সেই মতে কৰিম।”
Э Руфь пхэндя: — Мэ стерава ся, сар ту пхэндян.
6 ৬ পাছত তেওঁ সেই শস্যমৰা ঠাইলৈ গ’ল, আৰু তেওঁৰ শাহুৱেকে দিয়া আদেশ অনুসাৰে সকলো কৰিলে।
Вой жыля по гумэно и стердя ся, сар припхэндя лати э сасуи.
7 ৭ বোৱজে ভোজন-পান কৰি আনন্দ মনেৰে গৈ শস্যৰ দ’মৰ এমূৰত গৈ শুলে, তেতিয়া ৰূথে ধীৰে ধীৰে গৈ তেওঁৰ ভৰিৰ ফালৰ কাপোৰ আতৰালে আৰু তাতেই শুই পৰিল।
О Боазо халя тай пиля, и пэля тэ совэл катар э куча лэ ворзоса. Э Руфь полокорэ поджыля, розушарадя лэстэ катар э пэрнэ о дияло и пэля.
8 ৮ পাছত মাজনিশা বোৱজে বাগৰ সলাওঁতে, নিজৰ ভৰিৰ ওচৰত এজনী তিৰোতা মানুহ শুই থকা গম পাই উচপ খাই উঠিল।
Андэ машкар рят вов ля тэ мишкпэ, обрисайля и додикхля, со катар лэсти пэрнэ пашлёл жувли.
9 ৯ তেতিয়া তেওঁ সুধিলে, “তুমি কোন?” তেওঁ ক’লে, “মই আপোনাৰ দাসী ৰূথ; এতেকে আপোনাৰ এই দাসীৰ ওপৰলৈ আপোনাৰ কাপোৰৰ আঁচল মেলি দিয়ক; কাৰণ আপুনি আমাৰ উদ্ধাৰকৰ্তা আৰু আমাৰ সম্পৰ্কীয়।”
— Ко ту? — пушля вов. Вой пхэндя: — Мэ э Руфь, тери копэльница, — пхэндя вой. — Лэ ман пала пэстэ, ту амаро фиримари.
10 ১০ তেতিয়া তেওঁ ক’লে, “আইটি তুমি যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা; কিয়নো তুমি ধনী বা দুখীয়া কোনো ডেকা পুৰুষৰ ওচৰলৈ নগৈ, প্ৰথমতকৈ শেষত পুনৰ অধিক প্রেম দেখুৱালা।
Вов пхэндя лати: — Тэ дэл о РАЙ тути бахт, мэрни щей! Ту икхатар терэс майбаро лашымос колэстар, саво сас данглал: на лян тэ родэс тути тэрнэс — ни чёрэс, ни барвалэс.
11 ১১ এতেকে আইটি, তুমি ভয় নকৰিবা; তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী, ইয়াক মোৰ নিজ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে।
На дара, мэрни щей, мэ стерава ся, пала со ту ман мангэс. Андэ кадыва форо саворэ ганэн, кай ту лашы жувли.
12 ১২ এইটো সত্য যে, মই তোমালোকৰ সম্পৰ্কীয় লোক হওঁ, কিন্তু মোতকৈও ওচৰ-সম্পৰ্কীয় আন এজন আছে।
Када чячес, мэ тумаро родо, но исын инке родо, майпашэ мандар.
13 ১৩ আজি ৰাতি ইয়াতে থাকা৷ ৰাতিপুৱা তেওঁ যদি ওচৰ সম্পৰ্কীয় হিচাপে তোমাক গ্ৰহণ কৰে, তেন্তে ভালেই, তেওঁৱেই সেই কাৰ্য কৰক৷ কিন্তু তেওঁ তোমাক যদি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, তেন্তে যিহোৱাৰ জীৱনৰ শপত, ময়েই তোমাক গ্ৰহণ কৰিম। তুমি ৰাতিপুৱালৈকে ইয়াতেই শুই থাকা।”
Ашпэ пэ рят катэ, ай тэся, сар вов закамэла тэ авэл тумаро фиримари — драго, мэк авэл. Ай сар вов на закамэла, тунче, солахав лэ РАЕСА, када терава мэ. Сов катэ жы каринг э тэсара.
14 ১৪ তেতিয়া ৰূথে ৰাতিপুৱালৈকে তেওঁৰ ভৰিৰ ওচৰত শুই থাকিল; পাছত দোকমোকালিতে অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল; কাৰণ বোৱজে কৈছিল, ‘শস্যমৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে’।
Вой сутя катар лэсти пэрнэ жы каринг э тэсара, и ущиля жы колэстэ, сар екх мануш тэ додикхэл аврэс. О Боазо гындояс: «Мэк нико на ганэн, кай жувли авилясас по гумэно».
15 ১৫ পাছত তেওঁ পুনৰ ক’লে, “তুমি গাত লোৱা ওপৰৰ কাপোৰ মেলি ধৰা।” তেতিয়া ৰূথে কাপোৰখন মেলি ধৰোতে তেওঁ ছয় দোন যৱ ধান জুখি কাপোৰত ঢালি দি তেওঁৰ মুৰত তুলি দিলে; আৰু তেওঁ নগৰলৈ গুচি গ’ল।
Вов пхэндя лати: — Дэ теро косно и подритяр лэс. Э Руфь ростэлисардя о косно, и о Боазо шутя андо косно баро гоно о ячмэно. Вов тходя лати пэ пхикэ о ячмэно и жылятар андо форо.
16 ১৬ পাছত ৰূথে যেতিয়া নিজৰ শাহুৱেকৰ ওচৰলৈ আহিল, তেতিয়া শাহুৱেকে তেওঁক ক’লে, “আইটি তোমাৰ কি হ’ল?” তেতিয়া সেই ব্যক্তি জনে তেওঁলৈ কৰা আটাই কথা শাহুৱেকক তেওঁ ক’লে।
Кала э Руфь авиля каринг э сасуи, э Наоми пушля латар: — Сар ту, мэрни щей? Э Руфь роспхэндя пала кода ся, со тердя лати о Боазо.
17 ১৭ ৰূথে পুনৰ ক’লে, “তেওঁ মোক ‘শাহুৱেৰাৰ ওচৰলৈ শুদাহাতে যাব নালাগে’, এই বুলি কৈ এই ছয় দোন যৱ ধান দিলে।”
И инке пхэндя: — Вов дя манди баро гоно ячмэно и пхэндя: «На рисав каринг тери сасуи шушэ вастэнца».
18 ১৮ তেতিয়া তেওঁৰ শাহুৱেকে তেওঁক ক’লে, “আইটি, এই বিষয়ে কি ঘটিব, সেই বিষয়ে যেতিয়ালৈকে নাজানা তেতিয়ালৈকে তুমি অপেক্ষা কৰি বহি থাকা; কিয়নো সেই ব্যক্তিয়ে আজি এই কাৰ্য সমাধান নকৰালৈকে মনে মনে বহি নাথাকিব।”
Э Наоми пхэндя: — Акана, мэрни щей, подаштяр, йито уганэса, соза э дила стерэлапэ. Кадыва мануш на улэлапэ, покэ адес жэ на стерэла сяй дила.