< ৰূথ 2 >
1 ১ ইলীমেলকৰ গোষ্ঠীৰ মাজৰ বোৱজ নামেৰে এজন ভদ্ৰ আৰু ধনীলোক নয়মীৰ স্বামীৰ সম্পৰ্কীয় আছিল।
Ɔbarima ɔdefoɔ a na ɔyɛ okunini bi tenaa Betlehem a na wɔfrɛ no Boas. Na ɔyɛ Naomi kunu Elimelek busuani.
2 ২ মোৱাবীয়া ৰূথে নয়মীক ক’লে, “নিবেদন কৰোঁ, মই পথাৰলৈ যাওঁ আৰু যি ব্যক্তিৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তাৰ পাছে পাছে শস্যৰ পৰি থকা থোক বোটলোগৈ।” তেতিয়া নয়মীয়ে তেওঁক ক’লে, “আইটি যোৱা।”
Ɛda koro bi, Rut, Moabni, ka kyerɛɛ Naomi sɛ, “Ma menkɔ afuo mu na menkɔboaboa atokoɔ nkaseɛ na menni obi a ɔbɛma me adi nʼakyi.” Na Naomi kaa sɛ, “Ɛyɛ, me babaa, kɔ.”
3 ৩ তেতিয়া তেওঁ গ’ল আৰু গৈ এখন পথাৰ পালে; তাতে তেওঁ ধান দাই থকাসকলৰ পাছে পাছে গৈ শস্যৰ পৰি থকা থোক বোটলিবলৈ ধৰিলে, আৰু ঘটনাক্ৰমে তেওঁ ইলীমেলকৰ গোষ্ঠীৰ মাজৰ সেই বোৱজৰ মাটি ডোখৰতে উপস্থিত হ’ল।
Enti, Rut kɔ kɔdii atwafoɔ no akyi. Na sɛdeɛ ɛbaeɛ ne sɛ, ɔhunuu sɛ ɔreyɛ adwuma wɔ Boas a ɔyɛ nʼase Elimelek busuani no afuo mu.
4 ৪ পাছত বোৱজে বৈৎলেহেমৰ পৰা আহি ধান দোৱাসকলক ক’লে, “যিহোৱা তোমালোকৰ সঙ্গী হওক।” সিহঁতে উত্তৰ দিলে, “যিহোৱাই আপোনাক আশীৰ্ব্বাদ কৰক।”
Ɛberɛ a ɔwɔ hɔ no, Boas firi Betlehem baeɛ. Ɔkyeaa atwafoɔ no sɛ, “Awurade ne mo ntena!” Atwafoɔ no gyee so sɛ, “Awurade nhyira wo.”
5 ৫ পাছত বোৱজে ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা নিজ দাসক সুধিলে, “সেইজনী গাভৰু কোন ঠাইৰ?”
Ɛnna Boas bisaa ne sohwɛfoɔ sɛ, “Ababaawa bɛn na ɔwɔ nohoa hɔ no?”
6 ৬ তেতিয়া ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা দাসে ক’লে, “তাই নয়মীৰ লগত মোৱাব দেশৰ পৰা অহা মোৱাবীয়া গাভৰু৷
Sohwɛfoɔ no buaa sɛ, “Ɔyɛ ababaawa bi a ɔfiri Moab a ɔne Naomi baeɛ.
7 ৭ তাই আহি মোক ক’লে, ‘অনুগ্ৰহ কৰি ধান দোৱাসকলৰ পাছে পাছে গৈ মুঠিৰ মাজে মাজে পৰি থকা থোকবোৰ বুটলি গোটাবলৈ মোক দিয়ক’, সেয়ে ৰাতিপুৱাৰে পৰা এতিয়ালৈকে তাই থোকবোৰ বুটলি আছে। তাই ঘৰত অলপ সময়হে জিৰণি লৈছিল।”
Anɔpa yi ara na ɔbisaa me sɛ, ɔbɛtumi aboaboa atokoɔ ano adi atwafoɔ no akyi anaa. Ɔyɛ nsiyɛfoɔ a ɛberɛ kakra bi na ɔde homee wɔ pata no ase hɔ.”
8 ৮ তেতিয়া বোৱজে ৰূথক ক’লে, “আইটি, শুনাচোন, তুমি বুটলিবলৈ আন পথাৰলৈ নাযাবা; মোৰ পথাৰ ত্যাগ নকৰিবা, কিন্তু ইয়াতে থাকি, মোৰ গাভৰু দাসী সকলৰ লগত কাম কৰা।
Boas kɔɔ hɔ kɔka kyerɛɛ Rut sɛ, “Me babaa tie. Wo ne yɛn ntena ha ara na boaboa atokoɔ; mma nkɔ afuo foforɔ biara mu. Di mmaa a wɔreyɛ adwuma wɔ mʼafuo yi mu no akyi pɛɛ.
9 ৯ পথাৰৰ যি ভাগতে শস্য দোৱা হয়, তালৈকে চকু দি তুমি দাসীসকলৰ পাছত যাবা; তোমাক স্পৰ্শ কৰিবলৈ মই জানো ডেকাবোৰক নিষেধ কৰা নাই? আৰু পিয়াহ লাগিলে তুমি পাত্ৰৰ ওচৰলৈ গৈ ডেকাবোৰে তুলি অনা পানী খাবা।”
Hwɛ faako a wɔretwa wɔ afuo no mu na di wɔn akyi. Mabɔ mmeranteɛ no kɔkɔ sɛ wɔnnha wo. Na sɛ sukɔm de wo a, nom nsuo a wɔakɔsa afiri abura no mu no bi.”
10 ১০ তেতিয়া তেওঁ তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰিলে আৰু তেওঁক ক’লে, “মই বিদেশীনী হোৱা স্বত্তেও কিয় আপুনি মোক কৃপাদৃষ্টি কৰিছে, আৰু কিয় মই আপোনাৰ এই অনুগ্ৰহ লাভ কৰিছোঁ।”
Rut butuiɛ, de nʼanim kyerɛɛ fam daa no ase. Na ɔkaa sɛ, “Adɛn enti na manya saa adom yi wɔ wʼani so, me a meyɛ ɔnanani yi?”
11 ১১ বোৱজে উত্তৰ দি ক’লে, “তোমাৰ স্বামীৰ মৃত্যুৰ পাছত তুমি শাহুৱেৰালৈ যেনেদৰে ব্যৱহাৰ কৰি আছা, আৰু পিতৃ-মাতৃ লগতে নিজ জন্মভুমি এৰি, তুমি আগেয়ে নজনা লোকসকলৰ ওচৰলৈ আহিছা, এই সকলো কথা সম্পূৰ্ণকৈ মোক জানিবলৈ দিলে।
Boas buaa sɛ, “Deɛ woayɛ ama wʼase ɛfiri wo kunu wuo akyi no nyinaa, wɔaka akyerɛ me, sɛ wofirii wʼagya ne wo maame ne wo ɔman na wo ne nnipa a wonnim wɔn baabiara no bɛtenaeɛ no.
12 ১২ যিহোৱাই তোমাৰ কৰ্ম অনুসাৰে তোমাক ফল দিয়ক; তুমি ইস্ৰায়েলৰ যি যিহোৱাৰ ডেউকাৰ তলত আশ্রয় ল’বলৈ আহিছা, তেৱেঁই তোমাক সম্পূৰ্ণকৈ পুৰস্কাৰ দিয়ক।”
Awurade, Israel Onyankopɔn a woanya dwanekɔbea wɔ ne ntaban ase no nnom wo.”
13 ১৩ তেতিয়া ৰূথে ক’লে, “হে মোৰ প্ৰভু, আপুনি মোলৈ কৃপাদৃষ্টি কৰক; কিয়নো আপুনি মোক শান্তনা দিলে, আৰু মই আপোনাৰ দাসী নোহোৱা স্বত্তেও মোক নিজৰ দাসীৰ দৰে মৰমৰ কথা ক’লে।”
Na ɔno nso kaa sɛ, “Ma menkɔ so nnya wʼanim adom daa, me wura. Woama me awerɛkyekyerɛ na woakasa akyerɛ wʼafenaa ayamyɛ so, me a mensɛ na memfata wo nnwumayɛfoɔ no mu baako mpo no.”
14 ১৪ পাছত ভোজনৰ সময়ত বোৱজে ৰূথক ক’লে, “তুমি এই ঠাইলৈ আহি পিঠা লৈ খোৱা, আৰু তুমি লোৱা পিঠাডোখৰ টেঙা দ্ৰাক্ষাৰসত জুবুৰিওৱা।” তেতিয়া তেওঁ ধান দোৱা লোকসকলৰ কাষত আহি বহিল আৰু বোৱজে হাত মেলি ভজা যৱ তেওঁক খাবলৈ দিলে। তাতে তেওঁ ভোজন কৰি তৃপ্ত হ’ল, আৰু তাৰে কিছু অংশ ৰাখি হ’ল।
Ɛduruu adidiberɛ no, Boas frɛɛ no sɛ, “Bra ma yɛnnidi. Wotumi de wo burodo no bɔ nsã biara a wopɛ mu.” Enti, ɔne nʼayutwafoɔ no tenaa ase na Boas maa no aduane sene sɛdeɛ ɔbɛtumi adi mpo.
15 ১৫ পাছত তেওঁ ধান বুটলিবলৈ উঠি আহোতে, বোৱজে তেওঁৰ ডেকা দাসসকলক আজ্ঞা দি ক’লে, “তাইক মুঠিবোৰৰ মাজতো বুটলিবলৈ দে, আৰু তাইক অপমান নকৰিবি।
Ɛberɛ a Rut sane kɔɔ nʼadwuma so bio no, Boas ka kyerɛɛ ne mmeranteɛ no sɛ, “Momma no mmoaboa atokoɔ no ano mfiri nʼafiafi no mu na monnsi no kwan.
16 ১৬ বন্ধা মুঠিবোৰৰ পৰাও কিছু কিছু টানি উলিয়াই তাইক বুটলিবৰ কাৰণে এৰি দিবি, আৰু তাইক বুটলিবলৈ বাধা নিদিবি।”
Na monyiyi afiafi no mu deɛ no bi nnyae mu ngu fam mma no na ɔnsesa, na monnha no.”
17 ১৭ তেতিয়া ৰূথে সন্ধিয়ালৈকে সেই পথাৰত যৱ ধান বুটলিলে; আৰু নিজে বুটলা যৱ ধান মাৰোতে প্ৰায় এক ঐফা যৱ ধান পালে।
Enti, Rut sesaa atokoɔ no wɔ hɔ da mu no nyinaa na ɔporoo atokoɔ no saa anwummerɛ no, ɔnyaa bɛyɛ lita aduonu mmienu.
18 ১৮ পাছত তেওঁ সেই যৱ ধান খিনি লৈ নগৰলৈ গ’ল আৰু তেওঁ বুটলি গোটোৱা ধান শাহুৱেকে চালে। তাতে ৰূথে ভজা যৱ খাই তৃপ্ত হোৱাৰ পাছত যি অৱশিষ্ট ভাগ ৰাখিছিল, সেইখিনিও উলিয়াই তেওঁ শাহুৱেকক দিলে।
Ɔsoa de kɔɔ kurom, de kɔkyerɛɛ nʼase. Afei, Rut de nʼawiaduane a ɔgya sii ne hɔ no maa no.
19 ১৯ তেতিয়া শাহুৱেকে তেওঁক ক’লে, “তুমি আজি ক’ত ধান বুটলিছিলা? বা ক’ত কাম কৰিবলৈ গৈছিলা? যি জন মানুহে তোমাক ইমান মৰম কৰিলে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।” তেতিয়া তেওঁ যি জনৰ ওচৰত কাম কৰিছিল, সেই জনৰ বিষয়ে শাহুৱেকক বুজাই ক’লে, “যি মানুহৰ তাত মই আজি কাম কৰিছিলোঁ, তেওঁৰ নাম বোৱজ।”
Naomi hunuiɛ no, ɔteaam sɛ, “Ɛdɔɔso yie! Na ɛhe na ɛnnɛ woboaboaa saa atokoɔ yi nyinaa ano firi? Ɛhe na wokɔyɛɛ adwuma? Awurade nhyira deɛ ɔboaa wo no!” Rut kaa ɔbarima a ɔyɛɛ adwuma wɔ nʼafuom no ho asɛm kyerɛɛ nʼase no, ɔtoaa so kaa sɛ, “Deɛ meyɛɛ adwuma wɔ nʼafuom no, wɔfrɛ no Boas.”
20 ২০ তেতিয়া নয়মীয়ে নিজ বোৱাৰীয়েকক ক’লে, “সেই সৰ্ব্বশক্তিমান ঈশ্বৰে জীৱিত আৰু মৃত লোকলৈ দয়া কৰিবলৈ এৰা নাই, তেওঁ যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাওক।” নয়মীয়ে পুনৰ ক’লে, “সেই ব্যক্তিজন আমাৰ সম্পৰ্কীয়, আৰু আমাৰ উদ্ধাৰ পোৱা জাতি সমূহৰ মাজৰ এজন।”
Naomi ka kyerɛɛ nʼase no sɛ, “Awurade nhyira no. Ɔrekyerɛ yɛn ne wo kunu a wawuo no nʼayamyɛ. Saa ɔbarima no yɛ abusuafoɔ a wɔbɛn yɛn pɛɛ no mu baako a ɔyɛ abusua no mu ɔgyefoɔ baako.”
21 ২১ পাছত মোৱাবীয়া ৰূথে ক’লে, “তেওঁ মোক ইয়াকো ক’লে যে, ‘মোৰ ধান আটাইবোৰ দাই শেষ নোহোৱালৈকে তুমি মোৰ দাস-দাসীসকলৰ লগ নেৰিবা’।”
Rut kaa sɛ, “Deɛ ɛka ho bio ne sɛ, mpo, Boas ka kyerɛɛ me sɛ, mensane mmra na me ne nʼatwafoɔ no mmɛtena kɔsi ɛberɛ a wɔbɛwie otwa no.”
22 ২২ আৰু নয়মীয়ে নিজ বোৱাৰীয়েক ৰূথক ক’লে, “আইটি তুমি তেওঁৰ দাসীসকলৰ লগে লগে যোৱা ভাল; সেয়ে নহ’লে, আন কোনো পথাৰত কোনোবাই তোমাক অপমান কৰিব পাৰে।”
Naomi teaam sɛ, “Anwanwasɛm nie! Yɛ deɛ ɔka no. Wo ne nʼadwumayɛfoɔ no ntena kɔsi sɛ wɔbɛwie otwa no. Wʼasom bɛdwo wo wɔ hɔ sen afuo biara mu.”
23 ২৩ এইদৰে যৱ ধান আৰু ঘেহুঁ ধান দাই শেষ নকৰালৈকে তেওঁ ধান বুটলি বোৱজৰ দাসীসকলৰ লগে লগে থাকিল, আৰু নিজ শাহুৱেকৰ লগত বাস কৰিলে।
Enti, Rut ne mmaa a wɔwɔ Boas afuom hɔ no yɛɛ adwuma. Ɔne wɔn boaboaa atokoɔ no ano kɔsii atokotwa no awieeɛ. Afei, ɔne wɔn twaa ayuo nso. Nanso, saa ɛberɛ no nyinaa na ɔne nʼase na ɛte.