< ৰোমীয়া 9 >
1 ১ মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,
ⲁ̅ⲐⲘⲎⲒ ⲠⲈϮϪⲰ ⲘⲘⲞⲤ ϦⲈⲚⲠⲬⲢⲒⲤⲦⲞⲤ ⲚϮϪⲈⲘⲈⲐⲚⲞⲨϪ ⲀⲚ ⲈⲤⲈⲢⲘⲈⲐⲢⲈ ⲈⲢⲞⲒ ⲚⲈⲘⲎⲒ ⲚϪⲈⲦⲀⲤⲨⲚⲎⲆⲈⲤⲒⲤ ϦⲈⲚⲞⲨⲠⲚⲈⲨⲘⲀⲈϤⲞⲨⲀⲂ.
2 ২ মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।
ⲃ̅ϪⲈ ⲞⲨⲞⲚ ⲞⲨⲚⲒϢϮ ⲚⲘⲔⲀϨ ⲚϨⲎⲦ ⲚⲈⲘⲎ ⲒⲚⲈⲘ ⲞⲨϢⲈⲚϨⲎⲦ ⲘⲠⲀϤⲘⲞⲨⲚⲔ ϦⲈⲚⲠⲀϨⲎ Ⲧ.
3 ৩ কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।
ⲅ̅ⲚⲀⲒⲦⲰⲂϨ ⲄⲀⲢ ⲀⲚⲞⲔ ⲈⲈⲢⲀⲚⲀⲐⲎⲘⲀ ⲈⲂⲞⲖ ϨⲀ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲈϪⲈⲚ ⲚⲀⲤⲚⲎⲞⲨ ⲚⲀⲤⲨⲚⲄⲈⲚⲎⲤ ⲔⲀⲦⲀ ⲤⲀⲢⲜ
4 ৪ তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷
ⲇ̅ⲈⲦⲈ ⲚⲒⲤⲢⲀⲎⲖⲒⲦⲎⲤ ⲚⲈⲚⲎ ⲈⲦⲈ ⲐⲰⲞⲨ ⲦⲈ ϮⲘⲈⲦϢⲎⲢⲒ ⲚⲈⲘ ⲠⲒⲰⲞⲨ ⲚⲈⲘ ⲚⲒⲆⲒⲀⲐⲎⲔⲎ ⲚⲈⲘ ⲠⲒⲤⲈⲘⲚⲈ ⲚⲞⲘⲞⲤ ⲚⲈⲘ ⲠⲒϢⲈⲘϢⲒ ⲚⲈⲘ ⲚⲒⲰϢ.
5 ৫ ওপৰ-পুৰুষ সকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন। (aiōn )
ⲉ̅ⲚⲎ ⲈⲦⲈ ⲚⲞⲨⲞⲨ ⲚⲈⲚⲒⲒⲞϮ ⲞⲨⲞϨ ⲚⲐⲰⲞⲨ ⲞⲚ ⲀⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲈⲂⲞⲖ ⲚϦⲎⲦⲞⲨ ⲔⲀⲦⲀ ⲤⲀⲢⲜ ⲪⲎ ⲈⲦⲬⲎ ϨⲒϪⲈⲚ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲪⲚⲞⲨϮ ⲈⲦⲤⲘⲀⲢⲰⲞⲨⲦ ϢⲀ ⲈⲚⲈϨ ⲀⲘⲎⲚ. (aiōn )
6 ৬ কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল, এনে নহয়৷
ⲋ̅ⲠⲀⲒⲢⲎϮ ⲆⲈ ⲘⲠⲈ ⲠⲒⲤⲀϪⲒ ⲚⲦⲈⲪⲚⲞⲨϮ ϨⲈⲒ ⲈⲂⲞⲖ ⲞⲨ ⲄⲀⲢ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲀⲚ ⲈⲦⲈ ⲈⲂⲞⲖ ϦⲈⲚⲠⲒⲤⲖ ⲚⲀⲒ ⲚⲈⲠⲒⲤⲖ.
7 ৭ তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু “ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ’ব৷”
ⲍ̅ⲞⲨⲆⲈ ϪⲈ ϨⲀⲚϪⲢⲞϪ ⲚⲦⲈⲀⲂⲢⲀⲀⲘ ⲚⲈϨⲀⲚϢⲎⲢⲒ ⲦⲎⲢⲞⲨ ⲚⲈⲀⲖⲖⲀ ϦⲈⲚⲒⲤⲀⲀⲔ ⲈⲨⲈⲐⲀϨⲈⲘ ⲞⲨϪⲢⲞϪ ⲚⲀⲔ.
8 ৮ এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ’ল; শৰীৰৰ যি সন্তান, তেওঁলোক ঈশ্বৰৰ সন্তান নহয়; কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান, তেওঁলোকহে বংশ বুলি গণিত হয়৷
ⲏ̅ⲈⲦⲈ ⲪⲀⲒ ⲠⲈ ϪⲈ ⲚⲒϢⲎⲢⲒ ⲚⲦⲈⲦⲤⲀⲢⲜ ⲀⲚ ⲚⲀⲒ ⲚⲈⲚⲒϢⲎⲢⲒ ⲚⲦⲈⲪⲚⲞⲨϮ ⲀⲖⲖⲀ ⲚⲒϢⲎⲢⲒ ⲚⲦⲈⲠⲒⲰϢ ⲈⲦⲞⲨⲚⲀⲞⲠⲞⲨ ⲈⲨϪⲢⲞϪ.
9 ৯ কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই: এনেকুৱা সময়ত মই আহিম, তেতিয়া চাৰাৰ এটি পুত্ৰ হ’ব।
ⲑ̅ⲠⲀⲒⲤⲀϪⲒ ⲄⲀⲢ ⲪⲀ ⲞⲨⲰϢ ⲠⲈ ϪⲈ ⲔⲀⲦⲀ ⲠⲀⲒⲤⲎⲞⲨ ⲪⲀⲒ ⲈⲒⲈⲒ ⲞⲨⲞϨ ⲈⲢⲈ ⲞⲨϢⲎⲢⲒ ϢⲰⲠⲒ ⲚⲤⲀⲢⲢⲀ.
10 ১০ অকল সেয়ে নহয়; কিন্তু ৰিবেকাও এজনৰ পৰা, আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত,
ⲓ̅ⲞⲨ ⲘⲞⲚⲞⲚ ⲆⲈ ⲀⲖⲖⲀ ⲚⲈⲘ ⲦⲔⲈⲈⲢⲈⲂⲈⲔⲔⲀ ⲈⲀⲤϬⲒ ⲈⲂⲞⲖ ϦⲈⲚⲞⲨϢⲀⲒⲢⲒ ⲚⲞⲨⲰⲦ ⲚⲦⲈⲒⲤⲀⲀⲔ ⲠⲈⲚⲒⲰⲦ.
11 ১১ সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ,
ⲓ̅ⲁ̅ⲈⲘⲠⲀⲚⲦⲞⲨⲘⲀⲤⲞⲨ ⲄⲀⲢ ⲞⲨⲆⲈ ⲘⲠⲀⲦⲞⲨⲒⲢⲒ ⲚⲞⲨϨⲰⲂ ⲈⲚⲀⲚⲈϤ ⲒⲈ ⲈϤϨⲰⲞⲨ ϨⲒⲚⲀ ϮⲘⲈⲦⲤⲰⲦⲠ ⲈⲦⲀ ⲪⲚⲞⲨϮ ⲐⲀϢⲤ ⲒⲤϪⲈⲚ ϢⲞⲢⲠ ⲚⲦⲈⲤϢⲰⲠⲒ ⲈⲤⲤⲘⲞⲚⲦ.
12 ১২ তেওঁক কোৱা গৈছিল, বোলে, “বৰটোৱে সৰুটোৰ সেৱাকৰ্ম কৰিব।”
ⲓ̅ⲃ̅ⲈⲚⲞⲨ ⲈⲂⲞⲖ ϦⲈⲚϨⲀⲚϨⲂⲎⲞⲨⲒ ⲀⲚ ⲦⲈ ⲀⲖⲖⲀ ⲈⲂⲞⲖ ϦⲈⲚⲠⲈⲦⲐⲰϨⲈⲘ ⲀⲨϪⲞⲤ ⲚⲀⲤ ϪⲈ ⲈⲢⲈ ⲠⲒⲚⲒϢϮ ⲈⲢⲂⲰⲔ ⲘⲠⲒⲔⲞⲨϪⲒ.
13 ১৩ এই বিষয়ে লিখাও আছে: “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।”
ⲓ̅ⲅ̅ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲤϦⲎⲞⲨⲦ ϪⲈ ⲒⲀⲔⲰⲂ ⲘⲈⲚ ⲀⲒⲘⲈⲚⲢⲒⲦϤ ⲎⲤⲀⲨ ⲆⲈ ⲀⲒⲘⲈⲤⲦⲰϤ.
14 ১৪ তেনেহলে আমি কি ক’ম? ঈশ্বৰত অধাৰ্মিকতা আছে নে? এনে নহওক।
ⲓ̅ⲇ̅ⲞⲨ ϪⲈ ⲠⲈⲦⲈⲚⲚⲀϪⲞϤ ⲘⲎ ⲞⲨⲞⲚ ⲞⲨⲘⲈⲦϬ ⲒⲚϪⲞⲚⲤ ϦⲀⲦⲈⲚ ⲪⲚⲞⲨϮ ⲚⲚⲈⲤϢⲰⲠⲒ.
15 ১৫ কিয়নো তেওঁ মোচিক কৈছিল, “মই যি জনক দয়া কৰোঁ, তেওঁকেই দয়া কৰিম; আৰু যি জনক কৃপা কৰোঁ, তেওঁকেই কৃপা কৰিম।”
ⲓ̅ⲉ̅ϤϪⲰ ⲄⲀⲢ ⲘⲘⲞⲤ ⲘⲘⲰⲨⲤⲎⲤ ϪⲈ ϮⲚⲀⲚⲀⲒ ⲘⲪⲎ ⲈϮⲚⲀⲚⲀⲒ ⲚⲀϤ ⲞⲨⲞϨ ϮⲚⲀϢⲈⲚϨⲎ ⲦϦⲀ ⲪⲎ ⲈϮⲚⲀϢⲈⲚϨⲎⲦ ϦⲀⲢⲞϤ.
16 ১৬ এতেকে এয়ে, ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়।
ⲓ̅ⲋ̅ϨⲀⲢⲀ ⲞⲨⲚ ⲪⲀ ⲠⲈⲐⲞⲨⲰϢ ⲀⲚ ⲠⲈ ⲞⲨⲆⲈ ⲘⲪⲀ ⲠⲈⲦϬⲞϪⲒ ⲀⲚ ⲠⲈ ⲀⲖⲖⲀ ⲪⲀ ⲪⲚⲞⲨϮ ⲈⲐⲚⲀⲒ ⲠⲈ.
17 ১৭ কিয়নো ধৰ্মশাস্ত্ৰই ফৌৰণকো কৈছে, “তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ’বৰ বাবে, মই তোমাক তুলিলোঁ।”
ⲓ̅ⲍ̅ⲤϪⲰ ⲄⲀⲢ ⲘⲘⲞⲤ ⲚϪⲈϮⲄⲢⲀⲪⲎ ⲘⲪⲀⲢⲀⲰ ϪⲈ ⲈⲐⲂⲈ ⲪⲀⲒ ⲀⲒⲦⲞⲨⲚⲞⲤⲔ ϨⲒⲚⲀ ⲚⲦⲀⲞⲨⲰⲚϨ ⲚⲦⲀϪⲞⲘ ⲈⲂⲞⲖ ⲚϦⲢⲎⲒ ⲚϦⲎⲦⲔ ⲞⲨⲞϨ ⲚⲤⲈⲪⲒⲢⲒ ⲈⲠⲀⲢⲀⲚ ϨⲒϪⲈⲚ ⲠⲔⲀϨⲒ ⲦⲎⲢϤ.
18 ১৮ এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।
ⲓ̅ⲏ̅ϨⲀⲢⲀ ⲞⲨⲚ ⲠⲈⲦⲈϤⲞⲨⲀϢϤ ϢⲀϤⲚⲀⲒ ⲚⲀϤ ⲪⲎ ⲆⲈ ⲈⲦⲀϤⲞⲨⲀϢϤ ⲀⲚ ϢⲀϤⲈⲐⲢⲈϤⲈⲚϢⲰⲦ.
19 ১৯ তেতিয়া আপুনি মোক ক’ব, বোলে, “তেনেহলে তেওঁ আকৌ দোষ ধৰে কিয়? কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে?”
ⲓ̅ⲑ̅ⲬⲚⲀϪⲞⲤ ⲞⲨⲚ ⲚⲎⲒ ϪⲈ ⲈⲐⲂⲈⲞⲨ ϤϪⲈⲘ ⲀⲢⲒⲔⲒ ⲚⲒⲘ ⲄⲀⲢ ⲈϤϮ ⲈϦⲞⲨⲚ ⲈϨⲢⲈⲚ ⲠⲈϤⲤⲞϬ ⲚⲒ.
20 ২০ হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, “তুমি মোক এনেকুৱা কিয় কৰিলা” বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে?
ⲕ̅ⲘⲈⲚⲞⲨⲚⲄⲈ ⲰⲪⲢⲰⲘⲒ ⲚⲐⲞⲔ ⲚⲒⲘ ⲚⲐⲞⲔ ⲪⲎ ⲈⲦⲈⲢⲞⲨⲰ ⲈϦⲞⲨⲚ ⲈϨⲢⲈⲚ ⲪⲚⲞⲨϮ ⲘⲎ ⲈⲢⲈϢ ⲠⲒⲘⲞⲚⲔ ϪⲞⲤ ⲘⲪⲎ ⲈⲦⲀϤⲘⲞⲚⲔϤ ϪⲈ ⲈⲐⲂⲈⲞⲨ ⲀⲔⲐⲀⲘⲒⲞⲒ ⲘⲠⲀⲒⲢⲎϮ.
21 ২১ একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে?
ⲕ̅ⲁ̅ϢⲀⲚ ⲘⲘⲞⲚ ⲚⲦⲈⲠⲒⲔⲈⲢⲀⲘⲈⲨⲤ ⲘⲠⲈⲢϢⲒϢⲒ ⲘⲠⲈϤⲞⲘⲒ ⲈⲂⲞⲖ ϦⲈⲚⲠⲀⲒⲞⲨⲰϢⲈⲘ ⲢⲰ ⲈⲐⲀⲘⲒⲞ ⲚⲞⲨⲤⲔⲈⲨⲞⲤ ⲞⲨⲀⲒ ⲘⲈⲚ ⲈⲠⲦⲀⲒⲞ ⲔⲈⲞⲨⲀⲒ ⲆⲈ ⲈⲨϢⲰϢ.
22 ২২ ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে,
ⲕ̅ⲃ̅ⲒⲤϪⲈ ⲆⲈ ⲀϤⲞⲨⲰϢ ⲚϪⲈⲪⲚⲞⲨϮ ⲈϤⲞⲨⲰⲚϨ ⲘⲠⲈϤϪⲰⲚⲦ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲈⲦⲀⲘⲞⲚ ⲈⲦⲈϤϪⲞⲘ ⲀϤⲒⲚⲒ ϦⲈⲚⲞⲨⲚⲒϢϮ ⲘⲘⲈⲦⲢⲈϤⲰⲞⲨ ⲚϨⲎⲦ ⲚϨⲀⲚⲤⲔⲈⲨⲞⲤ ⲚⲦⲈⲠϪⲰⲚⲦ ⲈⲨⲤⲈⲂⲦⲰⲦ ⲈⲠⲦⲀⲔⲞ.
23 ২৩ আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে,
ⲕ̅ⲅ̅ϨⲒⲚⲀ ⲚⲦⲈϤⲞⲨⲰⲚϨ ⲚϮⲘⲈⲦⲢⲀⲘⲀⲞ ⲚⲦⲈⲠⲈϤⲰⲞⲨ ⲈϨⲢⲎⲒ ⲈϪⲈⲚ ϨⲀⲚⲤⲔⲈⲨⲞⲤ ⲚⲚⲀⲒ ⲈⲦⲈ ⲚⲎ ⲚⲈⲈⲦⲀϤⲈⲢϢⲞⲢⲠ ⲚⲤⲈⲂⲦⲰⲦⲞⲨ ⲈⲨⲰⲞⲨ.
24 ২৪ তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি, কেৱল ইহুদী সকলৰ মাজৰ পৰা নহয়, কিন্তু অনা-ইহুদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে।
ⲕ̅ⲇ̅ⲈⲦⲈ ⲀⲚⲞⲚ ⲠⲈ ϦⲀ ⲚⲎ ⲈⲦⲀϤⲐⲀϨⲘⲞⲨ ⲞⲨ ⲘⲞⲚⲞⲚ ⲈⲂⲞⲖ ϦⲈⲚⲚⲒⲒⲞⲨⲆⲀⲒ ⲀⲖⲖⲀ ⲚⲈⲘ ⲈⲂⲞⲖ ϦⲈⲚⲚⲒⲔⲈⲈⲐⲚⲞⲤ.
25 ২৫ সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে: “যি লোক মোৰ নহয়, তেওঁক মোৰ লোক বুলি, আৰু অপ্ৰিয় জনীক প্ৰেমৰ বুলি মাতিম।
ⲕ̅ⲉ̅ⲘⲪⲢⲎϮ ⲞⲚ ⲈⲦⲈϤϪⲰ ⲘⲘⲞⲤ ⲚⲰⲤⲒⲈ ϪⲈ ϮⲚⲀⲘⲞⲨϮ ⲈⲪⲎ ⲈⲦⲈ ⲠⲀⲖⲀⲞⲤ ⲀⲚ ⲠⲈ ϪⲈ ⲠⲀⲖⲀⲞⲤ ⲞⲨⲞϨ ⲐⲎ ⲈⲦⲈ ⲘⲠⲞⲨⲘⲈⲚⲢⲒⲦⲤ ϪⲈ ⲀⲨⲘⲈⲚⲢⲒⲦⲤ.
26 ২৬ আৰু ‘তোমালোক মোৰ লোক নোহোৱা,’ এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল, তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ’ব।”
ⲕ̅ⲋ̅ⲞⲨⲞϨ ⲈⲤⲈϢⲰⲠⲒ ϦⲈⲚⲠⲒⲘⲀ ⲈⲦⲀⲨϪⲞⲤ ⲚⲰⲞⲨ ⲘⲘⲞϤ ϪⲈ ⲚⲐⲰⲦⲈⲚ ⲠⲀⲖⲀⲞⲤ ⲀⲚ ⲘⲠⲒⲘⲀ ⲈⲦⲈⲘⲘⲀⲨ ⲈⲨⲈⲘⲞⲨϮ ⲈⲢⲰⲞⲨ ϪⲈ ⲚⲈⲚϢⲎ ⲢⲒ ⲘⲪⲚⲞⲨϮ ⲈⲦⲞⲚϦ.
27 ২৭ কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, “ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷
ⲕ̅ⲍ̅ⲎⲤⲀⲎⲀⲤ ⲆⲈ ⲈϤⲰϢ ⲈⲂⲞⲖ ⲈϪⲈⲚ ⲠⲒⲤⲖ ϪⲈ ⲈϢⲰⲠ ⲈⲢⲈ ⲦⲎⲠⲒ ⲚⲦⲈⲚⲈⲚϢⲎⲢⲒ ⲘⲠⲒⲤⲖ ⲈⲤⲞⲒ ⲘⲪⲢⲎϮ ⲘⲠⲒϢⲰ ⲚⲦⲈⲪⲒⲞⲘ ⲠⲤⲰϪⲠ ⲈϤⲈⲚⲞϨⲈⲘ.
28 ২৮ কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি, পৃথিৱীত সিদ্ধ কৰিব।
ⲕ̅ⲏ̅ⲞⲨⲤⲀϪⲒ ⲄⲀⲢ ⲈϤϪⲰⲔ ⲘⲘⲞϤ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲈϤϢⲰⲦ ⲘⲘⲞϤ ⲈⲂⲞⲖ ⲪⲎ ⲈⲦⲈ ⲠϬⲞⲒⲤ ⲚⲀⲀⲒϤ ϨⲒϪⲈⲚ ⲠⲔⲀϨⲒ.
29 ২৯ এই বিষয়ে যিচয়া আগেয়ে কৈছিল, “বাহিনী সমূহৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হ’লে, আমি চদোমৰ নিচিনা হ’লোঁহেঁতেন আৰু ঘমোৰা নগৰৰ তুল্য হ’লোঁহেঁতেন।
ⲕ̅ⲑ̅ⲞⲨⲞϨ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲞⲚ ⲈⲦⲀϤϪⲞⲤ ⲚϪⲈⲎⲤⲀⲎⲀⲤ ϪⲈ ⲈⲚⲈⲘⲠⲈ ⲠϬⲞⲒⲤ ⲤⲀⲂⲀⲰⲐ ⲤⲰϪⲠ ⲚⲞⲨϪⲢⲞϪ ⲚⲀⲚ ⲚⲀⲚⲚⲀⲈⲢ ⲘⲪⲢⲎϮ ⲚⲤⲞⲆⲞⲘⲀ ⲠⲈ ⲞⲨⲞϨ ⲚⲀⲚⲚⲀⲒⲚⲒ ⲚⲄⲞⲘⲞⲢⲢⲀ.
30 ৩০ তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, ধাৰ্মিকতা পালে;
ⲗ̅ⲞⲨ ϪⲈ ⲠⲈⲦⲈⲚⲚⲀϪⲞϤ ϪⲈ ⲚⲒⲈⲐⲚⲞⲤ ⲈⲦⲈ ⲘⲠⲞⲨϬⲞϪⲒ ⲚⲤⲀϮⲘⲈⲐⲘⲎⲒ ⲀⲨⲦⲀϨⲈ ϮⲘⲈⲐⲘⲎ ⲒϮⲘⲈⲐⲘⲎⲒ ⲆⲈ ϮⲈⲂⲞⲖ ϦⲈⲚⲪⲚⲀϨϮ.
31 ৩১ কিন্তু ইস্ৰায়েল লোকে ধাৰ্মিকতাৰ বিধানলৈ কার্য কৰিও, সেই বিধান নাপালে।
ⲗ̅ⲁ̅ⲠⲒⲤⲖ ⲆⲈ ⲈϤϬⲞϪⲒ ⲚⲤⲀⲠⲒⲚⲞⲘⲞⲤ ⲚⲦⲈϮⲘⲈⲐⲘⲎⲒ ⲘⲠⲈϤⲪⲞϨ ⲈⲠⲒⲚⲞⲘⲞⲤ.
32 ৩২ কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে। উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে;
ⲗ̅ⲃ̅ⲈⲐⲂⲈⲞⲨ ϪⲈ ⲈⲂⲞⲖ ϦⲈⲚⲪⲚⲀϨϮ ⲀⲚ ⲠⲈ ⲀⲖⲖⲀ ϨⲰⲤ ⲈⲂⲞⲖ ϦⲈⲚϨⲀⲚϨⲂⲎⲞⲨⲒ ⲀⲨϬⲒϬⲢⲞⲠ ⲈⲠⲒⲰⲚⲒ ⲚϬⲢⲞⲠ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲤϦⲎⲞⲨⲦ
33 ৩৩ এই বিষয়ে লিখাও আছে, “চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”
ⲗ̅ⲅ̅ϪⲈ ϨⲎⲠⲠⲈ ϮⲚⲀⲬⲰ ϦⲈⲚⲤⲒⲰⲚ ⲚⲞⲨⲰⲚⲒ ⲚϬⲢⲞⲠ ⲚⲈⲘ ⲞⲨⲠⲈⲦⲢⲀ ⲚⲤⲔⲀⲚⲆⲀⲖⲞⲚ ⲞⲨⲞϨ ⲪⲎ ⲈⲐⲚⲀϨϮ ⲈⲢⲞϤ ⲚⲚⲈϤϬⲒϢⲒⲠⲒ.