< ৰোমীয়া 8 >
1 ১ এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই।
ⲁ̅ϨⲀⲢⲀ ⲞⲨⲚ ϮⲚⲞⲨ ⲘⲘⲞⲚ ϨⲖⲒ ⲚϨⲀⲠ ϬⲒ ⲈⲚⲎ ⲈⲦϦⲈⲚ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲎⲤⲞⲨⲤ.
2 ২ কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
ⲃ̅ⲠⲒⲚⲞⲘⲞⲤ ⲄⲀⲢ ⲚⲦⲈⲠⲒⲠⲚⲈⲨⲘⲀⲚⲦⲈⲠⲰⲚϦ ϦⲈⲚⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲎⲤⲞⲨⲤ ⲀϤⲀⲒⲦⲈⲚ ⲚⲢⲈⲘϨⲈ ⲈⲂⲞⲖ ϨⲀ ⲠⲒⲚⲞⲘⲞⲤ ⲚⲦⲈⲪⲚⲞⲂⲒ ⲚⲈⲘ ⲪⲘⲞⲨ.
3 ৩ বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷
ⲅ̅ϮⲘⲈⲦⲀⲦϪⲞⲘ ⲄⲀⲢ ⲚⲦⲈⲠⲒⲚⲞⲘⲞⲤ ⲐⲎ ⲈⲚⲀϤϢⲰⲚⲒ ⲚϦⲎⲦⲤ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ϮⲤⲀⲢⲜ Ⲁ- ⲪⲚⲞⲨϮ ⲦⲀⲞⲨⲞ ⲘⲠⲈϤϢⲎⲢⲒ ϦⲈⲚⲞⲨⲒⲚⲒ ⲚⲤⲀⲢⲜ ⲚⲦⲈⲪⲚⲞⲂⲒ ⲞⲨⲞϨ ⲈⲐⲂⲈ ⲪⲚⲞⲂⲒ ⲀϤϨⲒ ⲪⲚⲞⲂⲒ ⲈⲠϨⲀⲠ ϦⲈⲚⲦⲤⲀⲢⲜ.
4 ৪ তেওঁ সেইটোৱে কৰিলে, যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয়; সেয়েহে আমি মাংসিকৰ দৰে নহয়, কিন্তু আত্মা অনুসাৰে চলোঁ আহক৷
ⲇ̅ϨⲒⲚⲀ ⲚⲦⲈⲠⲒⲐⲘⲀⲒⲞ ⲚⲦⲈⲠⲒⲚⲞⲘⲞⲤ ϪⲰⲔ ⲈⲂⲞⲖ ⲚϦⲢⲎⲒ ⲚϦⲎⲦⲈⲚ ϦⲀ ⲚⲎ ⲈⲦⲈⲚⲤⲈⲘⲞϢⲒ ⲀⲚ ⲔⲀⲦⲀ ⲤⲀⲢⲜ ⲀⲖⲖⲀ ⲔⲀⲦⲀ ⲠⲚⲈⲨⲘⲀ.
5 ৫ কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে।
ⲉ̅ⲚⲎ ⲈⲦϢⲞⲠ ⲄⲀⲢ ⲔⲀⲦⲀ ⲤⲀⲢⲜ ⲚⲀⲦⲤⲀⲢⲜ ⲠⲈⲦⲞⲨⲘⲈⲨⲒ ⲈⲢⲰⲞⲨ ⲚⲈⲦⲘⲞϢⲒ ⲆⲈ ⲔⲀⲦⲀ ⲠⲚⲈⲨⲘⲀⲚⲀ ⲠⲒⲠⲚⲈⲨⲘⲀⲠⲈⲦⲞⲨⲘⲈⲨⲒ ⲈⲢⲰⲞⲨ.
6 ৬ কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি,
ⲋ̅ⲪⲘⲈⲨⲒ ⲄⲀⲢ ⲚⲦⲈϮⲤⲀⲢⲜ ⲪⲘⲞⲨ ⲠⲈ ⲪⲘⲈⲨⲒ ⲆⲈ ⲚⲦⲈⲠⲒⲠⲚⲈⲨⲘⲀⲠⲰⲚϦ ⲠⲈ ⲚⲈⲘ ϮϨⲒⲢⲎⲚⲎ.
7 ৭ কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷
ⲍ̅ϪⲈ ⲪⲘⲈⲨⲒ ⲚⲦⲈϮⲤⲀⲢⲜ ⲞⲨⲘⲈⲦϪⲀϪⲒ ⲠⲈ ⲈⲪⲚⲞⲨϮ ⲘⲠⲀϤϬⲚⲈ ϪⲰϤ ⲄⲀⲢ ⲘⲠⲒⲚⲞⲘⲞⲤ ⲚⲦⲈⲪⲚⲞⲨϮ ⲞⲨⲆⲈ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲘⲘⲞϤ.
8 ৮ যি সকলে মাংসৰ বশত আছে, তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে।
ⲏ̅ⲚⲎ ⲆⲈ ⲈⲦϦⲈⲚ ⲦⲤⲀⲢⲜ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲘⲘⲰⲞⲨ ⲈⲢⲀⲚⲀϤ ⲘⲪⲚⲞⲨϮ.
9 ৯ যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়।
ⲑ̅ⲚⲐⲰⲦⲈⲚ ⲆⲈ ⲚⲀⲢⲈⲦⲈⲚⲬⲎ ϦⲈⲚⲦⲤⲀⲢⲜ ⲀⲚ ⲀⲖⲖⲀ ϦⲈⲚⲠⲒⲠⲚⲈⲨⲘⲀⲒⲤϪⲈ ⲞⲨⲞⲚ ⲞⲨⲠⲚⲈⲨⲘⲀⲚⲦⲈⲪⲚⲞⲨϮ ϢⲞⲠ ϦⲈⲚⲐⲎⲚⲞⲨ ⲪⲎ ⲆⲈ ⲈⲦⲈ ⲠⲒⲠⲚⲈⲨⲘⲀⲚⲦⲈⲠⲬⲢⲒⲤⲦⲞⲤ ϢⲞⲠ ⲚϦⲎⲦϤ ⲀⲚ ⲪⲀⲒ ⲈⲦⲈⲘⲘⲀⲨ ⲪⲰϤ ⲀⲚ ⲠⲈ.
10 ১০ যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন।
ⲓ̅ⲒⲤϪⲈ ⲆⲈ ⲠⲬⲢⲒⲤⲦⲞⲤ ϦⲈⲚⲐⲎⲚⲞⲨ ⲠⲒⲤⲰⲘⲀ ⲘⲈⲚ ϤⲘⲰⲞⲨⲦ ⲈⲐⲂⲈ ⲪⲚⲞⲂⲒ ⲠⲒⲠⲚⲈⲨⲘⲀⲆⲈ ⲞⲨⲰⲚϦ ⲠⲈ ⲈⲐⲂⲈ ϮⲘⲈⲐⲘⲎⲒ.
11 ১১ যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।
ⲓ̅ⲁ̅ⲒⲤϪⲈ ⲆⲈ ⲠⲒⲠⲚⲈⲨⲘⲀⲚⲦⲈⲪⲎ ⲈⲦⲀϤⲦⲞⲨⲚⲞⲤ ⲒⲎⲤⲞⲨⲤ ⲈⲂⲞⲖ ϦⲈⲚⲚⲎ ⲈⲐⲘⲰⲞⲨⲦ ϤϢⲞⲠ ϦⲈⲚⲐⲎⲚⲞⲨ ⲒⲈ ⲪⲎ ⲈⲦⲀϤⲦⲞⲨⲚⲞⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲎⲤⲞⲨⲤ ⲈⲂⲞⲖ ϦⲈⲚⲚⲎ ⲈⲐⲘⲰⲞⲨⲦ ⲈϤⲈⲦⲀⲚϦⲈ ⲚⲈⲦⲈⲚⲔⲈⲤⲰⲘⲀ ⲈⲦⲈϢⲀⲨⲘⲞⲨ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲠⲈϤⲠⲚⲈⲨⲘⲀⲈⲦϢⲞⲠ ϦⲈⲚⲐⲎⲚⲞⲨ.
12 ১২ এতেকে হে ভাই সকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ।
ⲓ̅ⲃ̅ϨⲀⲢⲀ ⲞⲨⲚ ⲚⲀⲤⲚⲎⲞⲨ ⲞⲨⲞⲚ ⲈⲢⲞⲚ ϦⲈⲚⲤⲀⲢⲜ ⲀⲚ ⲈⲐⲢⲈⲚⲰⲚϦ ⲔⲀⲦⲀ ⲤⲀⲢⲜ.
13 ১৩ কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহলে আপোনালোক যেনে হ’লেও মৰিব; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয়, তেনেহলে আপোনালোক জীৱ।
ⲓ̅ⲅ̅ⲒⲤϪⲈ ⲄⲀⲢ ⲈⲢⲈⲦⲈⲚⲞⲚϦ ⲔⲀⲦⲀ ⲤⲀⲢⲜ ⲦⲈⲦⲈⲚⲚⲀⲘⲞⲨ ⲒⲤϪⲈ ⲆⲈ ϦⲈⲚⲠⲒⲠⲚⲈⲨⲘⲀⲚⲒϨⲂⲎ ⲞⲨⲒ ⲚⲦⲈⲠⲒⲤⲰⲘⲀ ⲦⲈⲦⲈⲚϦⲰⲦⲈⲂ ⲘⲘⲰⲞⲨ ⲦⲈⲦⲈⲚⲚⲀⲰⲚϦ.
14 ১৪ কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান।
ⲓ̅ⲇ̅ⲚⲎ ⲄⲀⲢ ⲈⲐⲘⲞϢⲒ ϦⲈⲚⲠⲒⲠⲚⲈⲨⲘⲀⲚⲦⲈⲪⲚⲞⲨϮ ⲚⲀⲒ ⲚⲈⲚⲒϢⲎⲢⲒ ⲚⲦⲈⲪⲚⲞⲨϮ.
15 ১৫ সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে।
ⲓ̅ⲉ̅ⲚⲀⲢⲈⲦⲈⲚϬⲒ ⲄⲀⲢ ⲀⲚ ⲚⲞⲨⲠⲚⲈⲨⲘⲀⲚⲦⲈⲞⲨⲘⲈⲦⲂⲰⲔ ⲈϦⲢⲎⲒ ⲞⲚ ⲈⲨϨⲞϮ ⲀⲖⲖⲀ ⲀⲢⲈⲦⲈⲚϬ ⲒⲚⲞⲨⲠⲚⲈⲨⲘⲀⲚⲦⲈⲞⲨⲘⲈⲦϢⲎⲢⲒ ⲪⲀⲒ ⲈⲦⲈⲚⲰϢ ⲈⲂⲞⲖ ⲚϦⲎⲦϤ ϪⲈ ⲀⲂⲂⲀ ⲪⲒⲰⲦ.
16 ১৬ আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে।
ⲓ̅ⲋ̅ⲞⲨⲞϨ ⲚⲐⲞϤ ⲠⲒⲠⲚⲈⲨⲘⲀϤⲈⲢⲘⲈⲐⲢⲈ ⲚⲈⲘ ⲠⲈⲚⲠⲚⲈⲨⲘⲀϪⲈ ⲀⲚⲞⲚ ϨⲀⲚϢⲎⲢⲒ ⲚⲦⲈⲪⲚⲞⲨϮ.
17 ১৭ আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ।
ⲓ̅ⲍ̅ⲒⲤϪⲈ ⲆⲈ ⲀⲚⲞⲚ ϨⲀⲚϢⲎⲢⲒ ⲒⲈ ⲀⲚⲞⲚ ϨⲀⲚⲔⲖⲎⲢⲞⲚⲞⲘⲞⲤ ⲞⲚ ϨⲀⲚⲔⲖⲎⲢⲞⲚⲞⲘⲞⲤ ⲘⲈⲚ ⲚⲦⲈⲪⲚⲞⲨϮ ϨⲀⲚϢⲪⲎⲢ ⲚⲔⲖⲎⲢⲞⲚⲞⲘⲞⲤ ⲚⲦⲈⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲤϪⲈ ⲦⲈⲚϬⲒⲘⲔⲀϨ ⲚⲈⲘⲀϤ ϨⲒⲚⲀ ⲚⲦⲈⲚϬⲒⲰⲞⲨ ⲚⲈⲘⲀϤ ⲞⲚ.
18 ১৮ কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ।
ⲓ̅ⲏ̅ϮⲘⲈⲨⲒ ⲄⲀⲢ ϪⲈ ⲤⲈⲘⲠϢⲀ ⲀⲚ ⲚϪⲈⲚⲒⲘⲔⲀⲨϨ ⲚⲦⲈⲠⲀⲒⲤⲎⲞⲨ ⲚⲦⲈϮⲚⲞⲨ ⲘⲠⲒⲰⲞⲨ ⲈⲐⲚⲀϬⲰⲢⲠ ⲚⲀⲚ ⲈⲂⲞⲖ.
19 ১৯ কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে।
ⲓ̅ⲑ̅ⲠϢⲀⲤⲞⲘⲤ ⲄⲀⲢ ⲚⲦⲈⲠⲒⲤⲰⲚⲦ ⲀϤⲤⲞⲘⲤ ⲈⲂⲞⲖ ϦⲀⲦϨⲎ ⲘⲠⲒϬⲰⲢⲠ ⲈⲂⲞⲖ ⲚⲦⲈⲚⲒϢⲎⲢⲒ ⲚⲦⲈⲪⲚⲞⲨϮ.
20 ২০ কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে,
ⲕ̅ⲠⲒⲤⲰⲚⲦ ⲄⲀⲢ ⲀϤϬⲚⲈϪⲰϤ ⲚϮⲘⲈⲦⲈⲪⲖⲎ ⲞⲨ ⲚϤⲞⲨⲰϢ ⲀⲚ ⲀⲖⲖⲀ ⲈⲐⲂⲈ ⲪⲎ ⲈⲦⲀϤⲐⲢⲈϤϬⲚⲈϪⲰϤ ϦⲈⲚⲞⲨϨⲈⲖⲠⲒⲤ.
21 ২১ সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব।
ⲕ̅ⲁ̅ϪⲈ ⲚⲐⲞϤ ϨⲰϤ ⲠⲒⲤⲰⲚⲦ ϤⲚⲀⲈⲢⲢⲈⲘϨⲈ ⲈⲂⲞⲖ ϨⲀ ϮⲘⲈⲦⲂⲰⲔ ⲚⲦⲈⲠⲦⲀⲔⲞ ⲈϦⲢⲎⲒ ⲈϮⲘⲈⲦⲢⲈⲘϨⲈ ⲚⲦⲈⲠⲰⲞⲨ ⲚⲦⲈⲚⲒϢⲎⲢⲒ ⲚⲦⲈⲪⲚⲞⲨϮ.
22 ২২ কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো।
ⲕ̅ⲃ̅ⲦⲈⲚⲤⲰⲞⲨⲚ ⲘⲈⲚ ⲄⲀⲢ ϪⲈ ⲠⲒⲤⲰⲚⲦ ⲦⲎⲢϤ ϤⲒⲀϨⲞⲘ ⲚⲈⲘⲀⲚ ⲞⲨⲞϨ ϤϮⲚⲀⲔϨⲒ ⲚⲈⲘⲀⲚ ϢⲀ ⲈϦⲞⲨⲚ ⲈϮⲚⲞⲨ.
23 ২৩ অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ।
ⲕ̅ⲅ̅ⲞⲨ ⲘⲞⲚⲞⲚ ⲆⲈ ⲀⲖⲖⲀ ⲚⲈⲘ ⲀⲚⲞⲚ ϨⲰⲚ ⲈϮⲀⲠⲀⲢⲬⲎ ⲚⲦⲈⲠⲒⲠⲚⲈⲨⲘⲀⲚⲦⲞⲦⲈⲚ ⲞⲨⲞϨ ⲀⲚⲞⲚ ⲦⲈⲚϤⲒⲀϨⲞⲘ ⲚϦⲢⲎⲒ ⲚϦⲎⲦⲈⲚ ⲈⲚϪⲞⲨϢⲦ ⲈⲂⲞⲖ ϦⲀⲦϨⲎ ⲚϮⲘⲈⲦϢⲎⲢⲒ ⲠⲒⲤⲰϮ ⲚⲦⲈⲠⲈⲚⲤⲰⲘⲀ.
24 ২৪ কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ; কিন্তু দেখাত যি আশা, সেয়েই আশা নহয়; কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে?
ⲕ̅ⲇ̅ⲈⲦⲀⲚⲚⲞϨⲈⲘ ⲄⲀⲢ ϦⲈⲚⲞⲨϨⲈⲖⲠⲒⲤ ⲞⲨϨⲈⲖⲠⲒⲤ ⲆⲈ ⲈⲨⲚⲀⲨ ⲈⲢⲞⲤ ⲚⲞⲨϨⲈⲖⲠⲒⲤ ⲀⲚ ⲦⲈ ⲪⲎ ⲄⲀⲢ ⲈϢⲀⲢⲈ ⲞⲨⲀⲒ ⲚⲀⲨ ⲈⲢⲞϤ ϢⲀϤⲈⲢϨⲨⲠⲞⲘⲞⲚⲒⲚ ⲈⲢⲞϤ.
25 ২৫ কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।
ⲕ̅ⲉ̅ⲒⲤϪⲈ ⲆⲈ ⲪⲎ ⲈⲦⲈⲚⲚⲀⲨ ⲈⲢⲞϤ ⲀⲚ ⲦⲈⲚⲈⲢϨⲈⲖⲠⲒⲤ ⲈⲢⲞϤ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲞⲨϨⲨⲠⲞⲘⲞⲚⲎ ⲦⲈⲚϪⲞⲨϢⲦ ⲈⲂⲞⲖ ϦⲀϪⲰϤ.
26 ২৬ সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে।
ⲕ̅ⲋ̅ⲠⲀⲒⲢⲎϮ ⲆⲈ ⲞⲚ ⲠⲒⲠⲚⲈⲨⲘⲀⲀϤϮⲦⲞⲦⲤ ⲚⲦⲈⲚⲘⲈⲦϪⲰⲂ ⲞⲨ ⲄⲀⲢ ⲚⲦⲰⲂϨ ⲈⲦⲈⲚⲚⲀⲀⲒϤ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲤϢⲈ ⲚⲦⲈⲚⲈⲘⲒ ⲀⲚ ⲀⲖⲖⲀ ⲚⲐⲞϤ ⲠⲒⲠⲚⲈⲨⲘⲀϤⲈⲢϨⲞⲨⲞ ⲤⲈⲘⲒ ⲈϨⲢⲎⲒ ⲈϪⲰⲚ ϦⲈⲚϨⲀⲚϤⲒⲀϨⲞⲘ ⲚⲀⲦⲤⲀϪⲒ ⲘⲘⲰⲞⲨ.
27 ২৭ আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।
ⲕ̅ⲍ̅ⲪⲎ ⲆⲈ ⲈⲦϦⲞⲦϦⲈⲦ ⲚⲚⲒϨⲎⲦ ϤⲤⲰⲞⲨⲚ ϪⲈ ⲞⲨ ⲠⲈ ⲪⲘⲈⲨⲒ ⲘⲠⲒⲠⲚⲈⲨⲘⲀϪⲈ ⲀϤⲤⲈⲘⲒ ⲈⲪⲚⲞⲨϮ ⲈϪⲈⲚ ⲪⲎ ⲈⲐⲞⲨⲀⲂ.
28 ২৮ আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
ⲕ̅ⲏ̅ⲦⲈⲚⲤⲰⲞⲨⲚ ⲆⲈ ϪⲈ ⲚⲎ ⲈⲦⲈⲢⲀⲄⲀⲠⲀⲚ ⲘⲪⲚⲞⲨϮ ϢⲀϤⲈⲢϨⲰⲂ ⲚⲈⲘⲰⲞⲨ ϦⲈⲚϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈⲐⲚⲀⲚⲈⲨ ⲚⲎ ⲈⲦⲀϤⲐⲀϨⲘⲞⲨ ⲔⲀⲦⲀ ⲠⲈϤϢⲞⲢⲠ ⲚⲐⲰϢ.
29 ২৯ কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;
ⲕ̅ⲑ̅ϪⲈ ⲚⲎ ⲈⲦⲀϤⲈⲢϢⲞⲢⲠ ⲚⲤⲞⲨⲰⲚⲞⲨ ⲚⲀⲒ ⲞⲚ ⲀϤⲈⲢϢⲞⲢⲠ ⲚⲐⲀϢⲞⲨ ⲚϢⲪⲎⲢ ⲚⲤⲘⲞⲦ ⲚⲦⲈⲦϨⲒⲔⲰⲚ ⲘⲠⲈϤϢⲎⲢⲒ ⲈⲐⲢⲈϤϢⲰⲠⲒ ⲈϤⲞⲒ ⲚϢⲞⲢⲠ ⲘⲘⲒⲤⲒ ⲚⲞⲨⲘⲎϢ ⲚⲤⲞⲠ.
30 ৩০ আৰু যি সকলক আগেয়ে নিৰূপণ কৰিলে, তেওঁলোকক আমন্ত্ৰণো কৰিলে৷ যি সকলক আমন্ত্ৰণ কৰিলে, তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে; আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁলোকক মহিমান্বিতো কৰিলে।
ⲗ̅ⲚⲎ ⲆⲈ ⲈⲦⲀϤⲈⲢϢⲞⲢⲠ ⲚⲐⲀϢⲞⲨ ⲚⲀⲒ ⲞⲚ ⲚⲎ ⲈⲦⲀϤⲐⲀϨⲘⲞⲨ ⲞⲨⲞϨ ⲚⲎ ⲈⲦⲀϤⲐⲀϨⲘⲞⲨ ⲚⲀⲒ ⲞⲚ ⲀϤⲐⲘⲀⲒⲰⲞⲨ ⲚⲎ ⲆⲈ ⲈⲦⲀϤⲐⲘⲀⲒⲰⲞⲨ ⲚⲀⲒ ⲞⲚ ⲀϤϮⲰⲞⲨ ⲚⲰⲞⲨ.
31 ৩১ তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
ⲗ̅ⲁ̅ⲞⲨ ϪⲈ ⲠⲈⲦⲈⲚⲚⲀϪⲞϤ ⲞⲨⲂⲈ ⲚⲀⲒ ⲒⲤϪⲈ ⲪⲚⲞⲨϮ ⲠⲈⲦϮ ⲈϪⲰⲚ ⲚⲒⲘ ⲈⲐⲚⲀϢϮ ⲞⲨⲂⲎⲚ.
32 ৩২ যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?
ⲗ̅ⲃ̅ⲪⲎ ⲈⲦⲈⲘⲠⲈϤϮⲀⲤⲞ ⲈⲠⲈϤϢⲎⲢⲒ ⲘⲘⲒⲚ ⲘⲘⲞϤ ⲀⲖⲖⲀ ⲀϤⲦⲎⲒϤ ⲈϨⲢⲎⲒ ⲈϪⲰⲚ ⲦⲎⲢⲈⲚ ⲠⲰⲤ ϪⲈ ⲚⲚⲈϤϮ ⲚⲈⲚⲬⲀⲒ ⲚⲒⲂⲈⲚ ⲚⲀⲚ ⲚϨⲘⲞⲦ ⲚⲈⲘⲀϤ.
33 ৩৩ ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।
ⲗ̅ⲅ̅ⲚⲒⲘ ⲈⲐⲚⲀϢⲤⲈⲘⲒ ⲈⲚⲒⲤⲰⲦⲠ ⲚⲦⲈⲪⲚⲞⲨϮ ⲪⲚⲞⲨϮ ⲠⲈⲦⲐⲘⲀⲒⲞ
34 ৩৪ দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।
ⲗ̅ⲇ̅ⲚⲒⲘ ⲈⲐⲚⲀϢϨⲒⲞⲨⲒ ⲘⲠϨⲀⲠ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲈ ⲈⲦⲀϤⲘⲞⲨ ⲘⲀⲖⲖⲞⲚ ⲆⲈ ⲀϤⲦⲰⲚϤ ⲈⲂⲞⲖ ϦⲈⲚⲚⲎ ⲈⲐⲘⲰⲞⲨⲦ ⲪⲎ ⲈⲦⲬⲎ ⲤⲀⲞⲨⲒⲚⲀⲘ ⲘⲪⲚⲞⲨϮ ⲚⲐⲞϤ ⲈⲦⲤⲈⲘⲒ ⲈϨⲢⲎⲒ ⲈϪⲰⲚ.
35 ৩৫ খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে?
ⲗ̅ⲉ̅ⲚⲒⲘ ⲈⲐⲚⲀϢⲪⲞⲢϪⲦⲈⲚ ⲤⲀⲂⲞⲖ ⲚϮⲀⲄⲀⲠⲎ ⲚⲦⲈⲠⲬⲢⲒⲤⲦⲞⲤ ⲞⲨϨⲞϪϨⲈϪ ⲠⲈ ⲒⲈ ⲞⲨⲦⲀⲦϨⲞ ⲒⲈ ⲞⲨⲆⲒⲰⲄⲘⲞⲤ ⲒⲈ ⲞⲨϨⲔⲞ ⲒⲈ ⲞⲨⲂⲰϢ ⲒⲈ ⲞⲨⲔⲨⲚⲆⲒⲚⲞⲤ ⲒⲈ ⲞⲨⲤⲎϤⲒ.
36 ৩৬ এই বিষয়ে লিখাও আছে, “আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।”
ⲗ̅ⲋ̅ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲤϦⲎⲞⲨⲦ ϪⲈ ⲈⲐⲂⲎⲦⲔ ⲤⲈϦⲰⲦⲈⲂ ⲘⲘⲞⲚ ⲘⲠⲒⲈϨⲞⲞⲨ ⲦⲎⲢϤ ⲀⲨⲞⲠⲦⲈⲚ ⲘⲪⲢⲎϮ ⲚϨⲀⲚⲈⲤⲰⲞⲨ ⲈⲠϦⲞⲖϦⲈⲖ.
37 ৩৭ তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।
ⲗ̅ⲍ̅ⲀⲖⲖⲀ ϦⲈⲚⲚⲀⲒ ⲦⲎⲢⲞⲨ ⲦⲈⲚⲈⲢϨⲞⲨⲞ ϬⲢⲞ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲪⲎ ⲈⲦⲀϤⲘⲈⲚⲢⲒⲦⲈⲚ.
38 ৩৮ কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম,
ⲗ̅ⲏ̅ⲀⲚⲞⲔ ⲄⲀⲢ ⲠⲀϨⲎⲦ ⲐⲎⲦ ϪⲈ ⲞⲨⲆⲈ ⲪⲘⲞⲨ ⲞⲨⲆⲈ ⲠⲰⲚϦ ⲞⲨⲆⲈ ⲀⲄⲄⲈⲖⲞⲤ ⲞⲨⲆⲈ ⲀⲢⲬⲎ ⲞⲨⲆⲈ ⲚⲈⲦϢⲞⲠ ⲞⲨⲆⲈ ⲚⲈⲦⲚⲀϢⲰⲠⲒ ⲞⲨⲆⲈ ϪⲞⲘ.
39 ৩৯ ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
ⲗ̅ⲑ̅ⲞⲨⲆⲈ ϬⲒⲤⲒ ⲞⲨⲆⲈ ϢⲰⲔ ⲞⲨⲆⲈ ⲔⲈⲤⲰⲚⲦ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲘⲘⲰⲞⲨ ⲈⲪⲞⲢϪⲦⲈⲚ ⲤⲀⲂⲞⲖ ⲚϮⲀⲄⲀⲠⲎ ⲚⲦⲈⲪⲚⲞⲨϮ ⲐⲎ ⲈⲦϦⲈⲚ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲈⲚϬⲞⲒⲤ.