< ৰোমীয়া 7 >
1 ১ হে ভাই সকল, মানুহ যিমান কাল জীয়াই থাকে, সিমান আয়ুস কাললৈহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক আপোনালোকে নাজানে নেকি? যি সকলে বিধান জানে, মই সেই বিধান জনা সকলক কৈছোঁ
he bhrAtR^igaNa vyavasthAvidaH prati mamedaM nivedanaM| vidhiH kevalaM yAvajjIvaM mAnavoparyyadhipatitvaM karotIti yUyaM kiM na jAnItha?
2 ২ কাৰণ সধৱা স্ত্ৰী, জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয়।
yAvatkAlaM pati rjIvati tAvatkAlam UDhA bhAryyA vyavasthayA tasmin baddhA tiShThati kintu yadi pati rmriyate tarhi sA nArI patyu rvyavasthAto muchyate|
3 ৩ এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হ’লেও, তেওঁ ব্যাভিচাৰীণী নহয়।
etatkAraNAt patyurjIvanakAle nArI yadyanyaM puruShaM vivahati tarhi sA vyabhichAriNI bhavati kintu yadi sa pati rmriyate tarhi sA tasyA vyavasthAyA muktA satI puruShAntareNa vyUDhApi vyabhichAriNI na bhavati|
4 ৪ সেইদৰে, হে মোৰ ভাই সকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ, এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল।
he mama bhrAtR^igaNa, IshvaranimittaM yadasmAkaM phalaM jAyate tadarthaM shmashAnAd utthApitena puruSheNa saha yuShmAkaM vivAho yad bhavet tadarthaM khrIShTasya sharIreNa yUyaM vyavasthAM prati mR^itavantaH|
5 ৫ কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।
yato. asmAkaM shArIrikAcharaNasamaye maraNanimittaM phalam utpAdayituM vyavasthayA dUShitaH pApAbhilASho. asmAkam a NgeShu jIvan AsIt|
6 ৬ কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হ’লো; যিহতে বন্ধ আছিলোঁ, তাৰ সম্বন্ধে আমি মৃত হ’লো৷ গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয়, কিন্তু আত্মাৰ নতুনতাৰে সেৱাকৰ্ম কৰোঁ।
kintu tadA yasyA vyavasthAyA vashe Asmahi sAmprataM tAM prati mR^itatvAd vayaM tasyA adhInatvAt muktA iti hetorIshvaro. asmAbhiH purAtanalikhitAnusArAt na sevitavyaH kintu navInasvabhAvenaiva sevitavyaH
7 ৭ তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ “কিয়নো তুমি লোভ নকৰিবা,” বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷
tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? netthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvedaM; ki ncha lobhaM mA kArShIriti ched vyavasthAgranthe likhitaM nAbhaviShyat tarhi lobhaH kimbhUtastadahaM nAj nAsyaM|
8 ৮ কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত।
kintu vyavasthayA pApaM ChidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASham ajanayat; yato vyavasthAyAm avidyamAnAyAM pApaM mR^itaM|
9 ৯ পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ।
aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param Aj nAyAm upasthitAyAm pApam ajIvat tadAham amriye|
10 ১০ দেখা গ’ল যে, জীৱনৰ কাৰণে দিয়া যি আজ্ঞা, সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হ’ল৷
itthaM sati jIvananimittA yAj nA sA mama mR^ityujanikAbhavat|
11 ১১ কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে।
yataH pApaM ChidraM prApya vyavasthitAdeshena mAM va nchayitvA tena mAm ahan|
12 ১২ এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম।
ataeva vyavasthA pavitrA, Adeshashcha pavitro nyAyyo hitakArI cha bhavati|
13 ১৩ তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল।
tarhi yat svayaM hitakR^it tat kiM mama mR^ityujanakam abhavat? netthaM bhavatu; kintu pApaM yat pAtakamiva prakAshate tathA nideshena pApaM yadatIva pAtakamiva prakAshate tadarthaM hitopAyena mama maraNam ajanayat|
14 ১৪ কিয়নো বিধান যে আত্মিক, সেই বিষয়ে আমি জানো, কিন্তু মই হ’লে মাংসিক৷ মই পাপৰ অধীনলৈ বিক্ৰীত হ’লো।
vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM shArIratAchArI pApasya krItaki Nkaro vidye|
15 ১৫ কাৰণ মই যি সাধন কৰোঁ, সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ; কিন্তু যিহকে ঘিণাও, তাকেই কৰোঁ।
yato yat karmma karomi tat mama mano. abhimataM nahi; aparaM yan mama mano. abhimataM tanna karomi kintu yad R^itIye tat karomi|
16 ১৬ কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেনেহলে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ।
tathAtve yan mamAnabhimataM tad yadi karomi tarhi vyavasthA sUttameti svIkaromi|
17 ১৭ কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।
ataeva samprati tat karmma mayA kriyata iti nahi kintu mama sharIrasthena pApenaiva kriyate|
18 ১৮ কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো।
yato mayi, arthato mama sharIre, kimapyuttamaM na vasati, etad ahaM jAnAmi; mamechChukatAyAM tiShThantyAmapyaham uttamakarmmasAdhane samartho na bhavAmi|
19 ১৯ কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰোঁ।
yato yAmuttamAM kriyAM karttumahaM vA nChAmi tAM na karomi kintu yat kutsitaM karmma karttum anichChuko. asmi tadeva karomi|
20 ২০ কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।
ataeva yadyat karmma karttuM mamechChA na bhavati tad yadi karomi tarhi tat mayA na kriyate, mamAntarvarttinA pApenaiva kriyate|
21 ২১ এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।
bhadraM karttum ichChukaM mAM yo. abhadraM karttuM pravarttayati tAdR^ishaM svabhAvamekaM mayi pashyAmi|
22 ২২ কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ;
aham AntarikapuruSheNeshvaravyavasthAyAM santuShTa Ase;
23 ২৩ কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।
kintu tadviparItaM yudhyantaM tadanyamekaM svabhAvaM madIyA NgasthitaM prapashyAmi, sa madIyA NgasthitapApasvabhAvasyAyattaM mAM karttuM cheShTate|
24 ২৪ হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব?
hA hA yo. ahaM durbhAgyo manujastaM mAm etasmAn mR^itAchCharIrAt ko nistArayiShyati?
25 ২৫ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ।
asmAkaM prabhuNA yIshukhrIShTena nistArayitAram IshvaraM dhanyaM vadAmi| ataeva sharIreNa pApavyavasthAyA manasA tu IshvaravyavasthAyAH sevanaM karomi|