< ৰোমীয়া 2 >
1 ১ হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে।
Зато се не можеш изговорити, о човече који год судиш! Јер којим судом судиш другом, себе осуђујеш; јер то чиниш судећи.
2 ২ আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো।
А знамо да је суд Божји прав на оне који то чине.
3 ৩ কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে?
Него помишљаш ли, о човече који судиш онима који то чине, и сам чиниш то! Да ћеш ти побећи од суда Божијег?
4 ৪ নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?
Или не мариш за богатство Његове доброте и кротости и трпљења, не знајући да те доброта Божија на покајање води?
5 ৫ কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধ-বিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।
Него својом дрвености и непокајаним срцем сабираш себи гнев за дан гнева у који ће се показати праведни суд Бога,
6 ৬ তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;
Који ће дати свакоме по делима његовим:
7 ৭ যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷ (aiōnios )
Онима, дакле, који су трпљењем дела доброг тражили славу и част и нераспадљивост, живот вечни; (aiōnios )
8 ৮ কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;
А онима који се уз пркос супроте истини, а покоравају се неправди, немилост и гнев.
9 ৯ তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷
Невоља и туга на сваку душу човека који чини зло, а најпре Јеврејина и Грка;
10 ১০ কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব;
А слава и част и мир свакоме који чини добро, а најпре Јеврејину и Грку;
11 ১১ কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷
Јер Бог не гледа ко је ко.
12 ১২ সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব।
Јер који без закона сагрешише, без закона ће и изгинути; и који у закону сагрешише, по закону ће се осудити
13 ১৩ কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব;
(Јер пред Богом нису праведни они који слушају закон, него ће се они оправдати који га творе;
14 ১৪ কাৰণ যেতিয়া বিধানহীন অনা-ইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয়।
Јер кад незнабошци не имајући закон сами од себе чине шта је по закону, они закон не имајући сами су себи закон:
15 ১৫ এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে,
Они доказују да је оно написано у срцима њиховим што се чини по закону, будући да им савест сведочи, и мисли међу собом туже се или правдају)
16 ১৬ আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷
На дан када Бог узасуди тајне људске по јеванђељу мом преко Исуса Христа.
17 ১৭ আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰক,
Гле, ти се зовеш Јеврејин, а ослањаш се на закон и хвалиш се Богом,
18 ১৮ আৰু বিধানৰ পৰা শিক্ষা পোৱাত, তেওঁৰ ইচ্ছা জানক আৰু সেই বিষয়ে পৃথক হ’লে সেইবোৰক পৰীক্ষা কৰক;
И познајеш вољу, и избираш шта је боље, јер си научен од закона;
19 ১৯ নিজকে অন্ধ সকলৰ পথদৰ্শক বুলি বিশ্ৱাস কৰি আন্ধাৰত থকা সকললৈ পোহৰ হওক,
И мислиш да си вођ слепима, видело онима који су у мраку,
20 ২০ অজ্ঞানক জ্ঞান দিওঁতা, শিশু সকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে আপুনি জানক৷
Наказатељ безумнима, учитељ деци, који имаш углед разума и истине у закону.
21 ২১ তেনেহলে হে লোকক শিক্ষা দিওঁতা, অাপুনি নিজকে শিক্ষা নিদিয়ে নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, আপুনি চুৰ নকৰে নে?
Учећи, дакле, другог себе не учиш;
22 ২২ হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, আপুনি ব্যভিচাৰ নকৰে নে? হে মূৰ্তিপূজাবোৰক ঘিণ কৰা জন, মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰে নে?
Проповедајући да се не краде, крадеш; говорећи: Не чини прељубе, чиниш прељубу: гадећи се на идоле, крадеш светињу;
23 ২৩ হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে?
Који се хвалиш законом, а преступом закона срамотиш Бога.
24 ২৪ কিয়নো “ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে,” ঠিক এনেদৰে লিখাও আছে৷
Јер се име Божије због вас хули у незнабошцима, као што стоји написано.
25 ২৫ কাৰণ আপুনি যদি বিধান পালন কৰে, তেনেহলে প্ৰকৃততে আপোনাৰ চুন্নতৰ লাভ হয়; কিন্তু আপুনি যদি বিধান-উলঙ্ঘনকাৰী হয়, তেনেহলে আপুনি চুন্নৎ নোহোৱাৰ সমান হ’ল।
Обрезање помаже ако закон држиш; ако ли си преступник закона, обрезање је твоје необрезање постало.
26 ২৬ এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে, তেনেহলে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহ’ব নে?
Ако, дакле, необрезање правду закона држи, зашто се не би његово необрезање за обрезање узело?
27 ২৭ আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?
И онај који је од рода необрезан и извршује закон, осудиће тебе који си са словима и обрезањем преступник закона.
28 ২৮ কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয়;
Јер оно није Јеврејин који је споља Јеврејин, нити је оно обрезање које је споља, на телу;
29 ২৯ কিন্তু যি জন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।
Него је оно Јеврејин који је изнутра и обрезање срца духом а не словима, то је обрезање; коме је хвала не од људи него од Бога.