< ৰোমীয়া 16 >
1 ১ মই আপোনালোকক নিবেদন কৰিছোঁ যে, কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবি নামেৰে আমাৰ ভনীক,
កិំក្រីយានគរីយធម៌្មសមាជស្យ បរិចារិកា យា ផៃពីនាមិកាស្មាកំ ធម៌្មភគិនី តស្យាះ ក្ឫតេៜហំ យុឞ្មាន៑ និវេទយាមិ,
2 ২ আপোনালোকে পবিত্ৰ লোক সকলৰ যোগ্যমতে প্ৰভুত তেওঁক গ্ৰহণ কৰিব আৰু আপোনালোকৰ পৰা যদি কোনো ধৰণৰ সাহায্য বিচাৰে, তেনেহলে সাহায্য কৰিব; কিয়নো তেওঁ অনেক লোকৰ সহায় আৰু মোৰ নিজৰো উপকাৰ কৰিছিল।
យូយំ តាំ ប្រភុមាឝ្រិតាំ វិជ្ញាយ តស្យា អាតិថ្យំ បវិត្រលោកាហ៌ំ កុរុធ្វំ, យុឞ្មត្តស្តស្យា យ ឧបការោ ភវិតុំ ឝក្នោតិ តំ កុរុធ្វំ, យស្មាត៑ តយា ពហូនាំ មម ចោបការះ ក្ឫតះ។
3 ৩ খ্ৰীষ্ট যীচুত মোৰ সহকাৰী হোৱা প্ৰিষ্কা আৰু আক্কিলাক মঙ্গলবাদ দিব;
អបរញ្ច ខ្រីឞ្ដស្យ យីឝោះ កម៌្មណិ មម សហការិណៅ មម ប្រាណរក្ឞាត៌្ហញ្ច ស្វប្រាណាន៑ បណីក្ឫតវន្តៅ យៅ ប្រិឞ្កិល្លាក្កិលៅ តៅ មម នមស្ការំ ជ្ញាបយធ្វំ។
4 ৪ তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ সাজু আছিল; মই তেওঁলোকক ধন্যবাদ দিওঁ আৰু কেৱল মই নহয়, অনা-ইহুদী সকলৰ আটাই মণ্ডলী সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে;
តាភ្យាម៑ ឧបការាប្តិះ កេវលំ មយា ស្វីកត៌្តវ្យេតិ នហិ ភិន្នទេឝីយៃះ សវ៌្វធម៌្មសមាជៃរបិ។
5 ৫ আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো আপোনালোকে মঙ্গলবাদ দিব। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এচিয়া দেশৰ প্ৰথম ফল, মোৰ যি প্ৰিয় ইপেনিত, তেওঁকো মঙ্গলবাদ দিব।
អបរញ្ច តយោ រ្គ្ឫហេ ស្ថិតាន៑ ធម៌្មសមាជលោកាន៑ មម នមស្ការំ ជ្ញាបយធ្វំ។ តទ្វត៑ អាឝិយាទេឝេ ខ្រីឞ្ដស្យ បក្ឞេ ប្រថមជាតផលស្វរូបោ យ ឥបេនិតនាមា មម ប្រិយពន្ធុស្តមបិ មម នមស្ការំ ជ្ញាបយធ្វំ។
6 ৬ যি মৰিয়মে আপোনালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব।
អបរំ ពហុឝ្រមេណាស្មាន៑ អសេវត យា មរិយម៑ តាមបិ នមស្ការំ ជ្ញាបយធ្វំ។
7 ৭ মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাঁচনি সকলৰ মাজত প্ৰসিদ্ধ হোৱা, মোতকৈয়ো আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা, যি আন্দ্ৰনিক আৰু যুনিয়, তেওঁলোকক মঙ্গলবাদ দিব।
អបរញ្ច ប្រេរិតេឞុ ខ្យាតកីត៌្តី មទគ្រេ ខ្រីឞ្ដាឝ្រិតៅ មម ស្វជាតីយៅ សហពន្ទិនៅ ច យាវាន្ទ្រនីកយូនិយៅ តៅ មម នមស្ការំ ជ្ញាបយធ្វំ។
8 ৮ প্ৰভুত মোৰ প্ৰিয় আমপ্লিয়াতক মঙ্গলবাদ দিব।
តថា ប្រភៅ មត្ប្រិយតមម៑ អាម្ប្លិយមបិ មម នមស្ការំ ជ្ញាបយធ្វំ។
9 ৯ খ্ৰীষ্টত আমাৰ সহকাৰী উৰ্ব্বাণক আৰু মোৰ প্ৰিয় স্তাখুক মঙ্গলবাদ দিব।
អបរំ ខ្រីឞ្ដសេវាយាំ មម សហការិណម៑ ឩព៌្ពាណំ មម ប្រិយតមំ ស្តាខុញ្ច មម នមស្ការំ ជ្ញាបយធ្វំ។
10 ১০ খ্ৰীষ্টত পৰীক্ষাসিদ্ধ, আপিল্লিক মঙ্গলবাদ দিব। আৰিষ্টবুলৰ পৰিয়ালক মঙ্গলবাদ দিব।
អបរំ ខ្រីឞ្ដេន បរីក្ឞិតម៑ អាបិល្លិំ មម នមស្ការំ វទត, អារិឞ្ដពូលស្យ បរិជនាំឝ្ច មម នមស្ការំ ជ្ញាបយធ្វំ។
11 ১১ মোৰ জ্ঞাতি হেৰুদিয়োনক মঙ্গলবাদ দিব। নাৰ্কিচহঁতৰ যি সকল প্ৰভুত আছে, তেওঁলোকক মঙ্গলবাদ দিব।
អបរំ មម ជ្ញាតិំ ហេរោទិយោនំ មម នមស្ការំ វទត, តថា នាក៌ិសស្យ បរិវារាណាំ មធ្យេ យេ ប្រភុមាឝ្រិតាស្តាន៑ មម នមស្ការំ វទត។
12 ১২ প্ৰভুত পৰিশ্ৰমকাৰিণী ত্ৰুফেনা আৰু ত্ৰুফোচাক মঙ্গলবাদ দিব। যি প্ৰিয় পৰ্চীয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব।
អបរំ ប្រភោះ សេវាយាំ បរិឝ្រមការិណ្យៅ ត្រុផេនាត្រុផោឞេ មម នមស្ការំ វទត, តថា ប្រភោះ សេវាយាម៑ អត្យន្តំ បរិឝ្រមការិណី យា ប្រិយា បឞ៌ិស្តាំ នមស្ការំ ជ្ញាបយធ្វំ។
13 ১৩ প্ৰভুত মনোনীত ৰূফক, আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মঙ্গলবাদ দিব।
អបរំ ប្រភោរភិរុចិតំ រូផំ មម ធម៌្មមាតា យា តស្យ មាតា តាមបិ នមស្ការំ វទត។
14 ১৪ অচুঙ্কৃত, ফ্লিগোন, হৰ্ম্মা, পাত্ৰোবা, হৰ্ম্মি, আৰু এওঁলোকৰ লগৰ ভাই সকলক মঙ্গলবাদ দিব।
អបរម៑ អសុំក្ឫតំ ផ្លិគោនំ ហម៌្មំ បាត្រពំ ហម៌្មិម៑ ឯតេឞាំ សង្គិភ្រាត្ឫគណញ្ច នមស្ការំ ជ្ញាបយធ្វំ។
15 ১৫ ফিললগ, যুলিয়া, নীৰিয় আৰু তেওঁৰ ভনীয়েক আৰু ওলুম্প, এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মঙ্গলবাদ দিব।
អបរំ ផិលលគោ យូលិយា នីរិយស្តស្យ ភគិន្យលុម្បា ចៃតាន៑ ឯតៃះ សាទ៌្ធំ យាវន្តះ បវិត្រលោកា អាសតេ តានបិ នមស្ការំ ជ្ញាបយធ្វំ។
16 ১৬ আপোনালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মঙ্গলবাদ কৰিব। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
យូយំ បរស្បរំ បវិត្រចុម្ពនេន នមស្កុរុធ្វំ។ ខ្រីឞ្ដស្យ ធម៌្មសមាជគណោ យុឞ្មាន៑ នមស្កុរុតេ។
17 ১৭ হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷
ហេ ភ្រាតរោ យុឞ្មាន៑ វិនយេៜហំ យុឞ្មាភិ រ្យា ឝិក្ឞា លព្ធា តាម៑ អតិក្រម្យ យេ វិច្ឆេទាន៑ វិឃ្នាំឝ្ច កុវ៌្វន្តិ តាន៑ និឝ្ចិនុត តេឞាំ សង្គំ វជ៌យត ច។
18 ১৮ কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
យតស្តាទ្ឫឝា លោកា អស្មាកំ ប្រភោ រ្យីឝុខ្រីឞ្ដស្យ ទាសា ឥតិ នហិ កិន្តុ ស្វោទរស្យៃវ ទាសាះ; អបរំ ប្រណយវចនៃ រ្មធុរវាក្យៃឝ្ច សរលលោកានាំ មនាំសិ មោហយន្តិ។
19 ১৯ কিয়নো আপোনালোকৰ আজ্ঞাধীনতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ; কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয়, এয়ে মোৰ বাঞ্ছা।
យុឞ្មាកម៑ អាជ្ញាគ្រាហិត្វំ សវ៌្វត្រ សវ៌្វៃ រ្ជ្ញាតំ តតោៜហំ យុឞ្មាសុ សានន្ទោៜភវំ តថាបិ យូយំ យត៑ សត្ជ្ញានេន ជ្ញានិនះ កុជ្ញានេ ចាតត្បរា ភវេតេតិ មមាភិលាឞះ។
20 ২০ আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
អធិកន្តុ ឝាន្តិទាយក ឦឝ្វរះ ឝៃតានម៑ អវិលម្ពំ យុឞ្មាកំ បទានាម៑ អធោ មទ៌្ទិឞ្យតិ។ អស្មាកំ ប្រភុ រ្យីឝុខ្រីឞ្ដោ យុឞ្មាសុ ប្រសាទំ ក្រិយាត៑។ ឥតិ។
21 ২১ মোৰ সহকাৰী তীমথিয় আৰু স্বজাতীয় লুকিয়া, যাচোন আৰু চোচিপাত্ৰ, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে।
មម សហការី តីមថិយោ មម ជ្ញាតយោ លូកិយោ យាសោន៑ សោសិបាត្រឝ្ចេមេ យុឞ្មាន៑ នមស្កុវ៌្វន្តេ។
22 ২২ আৰু এই পত্ৰ লিখক যি মই, তৰ্ত্তিয়ই, প্ৰভুত আপোনালোকক মঙ্গলবাদ কৰিছোঁ।
អបរម៑ ឯតត្បត្រលេខកស្តត៌្តិយនាមាហមបិ ប្រភោ រ្នាម្នា យុឞ្មាន៑ នមស្ករោមិ។
23 ২৩ মোৰ আৰু গোটেই মণ্ডলীৰ আলহী শুশ্ৰূষা কৰোঁতা গায়ে আপোনালোকক মঙ্গলবাদ কৰিছে। এই নগৰৰ ভঁৰালী ইৰাস্তচে আৰু ক্বাৰ্ত্ত ভায়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
តថា ក្ឫត្ស្នធម៌្មសមាជស្យ មម ចាតិថ្យការី គាយោ យុឞ្មាន៑ នមស្ករោតិ។ អបរម៑ ឯតន្នគរស្យ ធនរក្ឞក ឥរាស្តះ ក្កាត៌្តនាមកឝ្ចៃកោ ភ្រាតា តាវបិ យុឞ្មាន៑ នមស្កុរុតះ។
24 ২৪ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকললৈ হওক৷
អស្មាកំ ប្រភុ រ្យីឝុខ្រីឞ្ដា យុឞ្មាសុ សវ៌្វេឞុ ប្រសាទំ ក្រិយាត៑។ ឥតិ។
25 ২৫ এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্রচাৰ কৰিলোঁ, সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷ (aiōnios )
បូវ៌្វកាលិកយុគេឞុ ប្រច្ឆន្នា យា មន្ត្រណាធុនា ប្រកាឝិតា ភូត្វា ភវិឞ្យទ្វាទិលិខិតគ្រន្ថគណស្យ ប្រមាណាទ៑ វិឝ្វាសេន គ្រហណាត៌្ហំ សទាតនស្យេឝ្វរស្យាជ្ញយា សវ៌្វទេឝីយលោកាន៑ ជ្ញាប្យតេ, (aiōnios )
26 ২৬ সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদী সকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ’ল আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনা-ইহুদী লোকৰ আগত জনোৱা হ’ল৷ (aiōnios )
តស្យា មន្ត្រណាយា ជ្ញានំ លព្ធ្វា មយា យះ សុសំវាទោ យីឝុខ្រីឞ្ដមធិ ប្រចាយ៌្យតេ, តទនុសារាទ៑ យុឞ្មាន៑ ធម៌្មេ សុស្ថិរាន៑ កត៌្តុំ សមត៌្ហោ យោៜទ្វិតីយះ (aiōnios )
27 ২৭ যি একমাত্ৰ প্ৰজ্ঞাৱান ঈশ্বৰ, যীচু খ্ৰীষ্টৰ দ্বাৰাই, তেওঁৰেই মহিমা চিৰকাল হওক। আমেন। (aiōn )
សវ៌្វជ្ញ ឦឝ្វរស្តស្យ ធន្យវាទោ យីឝុខ្រីឞ្ដេន សន្តតំ ភូយាត៑។ ឥតិ។ (aiōn )