< ৰোমীয়া 15 >
1 ১ কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দূৰ্বল লোক সকলৰ দূৰ্বলতাৰূপ ভাৰ বোৱা উচিত।
Дужни смо, дакле, ми јаки слабости слабих носити, и не себи угађати.
2 ২ আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ ভাললৈ চাই, তেওঁক সন্তুষ্ট কৰক।
И сваки од вас да угађа ближњему на добро за добар углед.
3 ৩ কিয়নো খ্ৰীষ্টয়ো নিজকে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেদৰে লিখা আছে, বোলে, “তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল”, ঠিক সেইদৰে হ’ল;
Јер и Христос не угоди себи, него као што је писано: Ружења оних који Тебе руже падоше на ме.
4 ৪ কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
Јер шта се напред написа, за нашу се науку написа, да трпљењем и утехом писма наду имамо.
5 ৫ এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক;
А Бог трпљења и утехе да вам да да сложно мислите међу собом по Христу Исусу,
6 ৬ এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷
Да једнодушно једним устима славите Бога и Оца Господа нашег Исуса Христа.
7 ৭ এতেকে ঈশ্বৰৰ মহিমাৰ অৰ্থে, যেনেকৈ খ্ৰীষ্টে আপোনালোকক গ্ৰহণ কৰিলে, তেনেকৈ আপোনালোকেও ইজনে সিজনক গ্ৰহণ কৰক।
Зато примајте један другог као што и Христос прими вас на славу Божију.
8 ৮ কিয়নো মই কওঁ, ওপৰ-পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল।
Али кажем да је Исус Христос био слуга обрезања истине ради Божије, да утврди обећање очевима,
9 ৯ আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, “এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
А незнабошци по милости да прославе Бога, као што стоји написано: Зато ћу Те хвалити међу незнабошцима, Господе, и певаћу име Твоје.
10 ১০ আকৌ কৈছে, “হে অনা-ইহুদী সকল, তেওঁলোকৰ সৈতে আনন্দ কৰা।”
И опет говори: Веселите се незнабошци с народом Његовим.
11 ১১ আকৌ, “প্ৰভুৰ প্ৰশংসা কৰা, হে সকলো অনা-ইহুদী আৰু সকলোৱে তেওঁৰ প্ৰশংসা কৰক।”
И опет: Хвалите Господа сви незнабошци, и славите Га сви народи.
12 ১২ আকৌ যিচয়ায়ো কৈছে, “যিচয়ৰ পৰা এনে এটি গজালি ওলাব, যি জনে অনা-ইহুদী সকলৰ ওপৰত শাসন কৰিবলৈ উঠিব, আৰু তেওঁত অনা-ইহুদী লোক সকলে ভাৰসা কৰিব।”
И опет Исаија говори: Биће корен Јесејев, и који устане да влада над незнабошцима у Оног ће се уздати незнабошци.
13 ১৩ এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
А Бог наде да испуни вас сваке радости и мира у вери, да имате изобиље у нади силом Духа Светог.
14 ১৪ হে মোৰ ভাই সকল, আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে, আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মঙ্গলভাৱত পৰিপূৰ্ণ হৈ আছে।
А ја сам и сам уверен за вас, браћо, да сте и ви сами пуни благодати, напуњени сваког разума, да можете друге научити.
15 ১৫ কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে, আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছুমান বিষয়ত বেছি সাহসেৰে লিখিলোঁ৷
Али вам опет, браћо, слободно писах неколико да вам напоменем ради благодати која ми је дана од Бога,
16 ১৬ অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
Да будем слуга Исуса Христа у незнабошцима, да служим јеванђељу Божијем, да буду незнабошци принос повољан и освећен Духом Светим.
17 ১৭ এতেকে, ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে, খ্ৰীষ্ট যীচুত মোৰ শ্লাঘা আছে।
Имам, дакле, хвалу у Христу Исусу код Бога.
18 ১৮ কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰোঁ৷
Јер не смем говорити шта које Христос не учини кроза ме за послушање незнабожаца речју и делом,
19 ১৯ তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
У сили знака и чудеса силом Духа Божијег; тако да од Јерусалима и наоколо тја до Илирика напуних јеванђељем Христовим.
20 ২০ এইদৰে য’ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য৷ অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলোঁ৷
И тако се трудих да проповедим јеванђеље не где се спомињаше Христос, да на туђој закопини не зидам;
21 ২১ যেনেকৈ লিখা আছে, বোলে, “যি সকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই, তেওঁলোকে দেখিব, আৰু যি সকলে শুনা নাই, তেওঁলোকে বুজিব৷”
Него као што је писано: Којима се не јави за Њега, видеће; и који не чуше разумеће.
22 ২২ এই কাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেকবাৰ বাধা পালোঁ;
То ме задржа много пута да не дођем к вама.
23 ২৩ কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই, আৰু বহু বছৰ ধৰি আপোনালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলোঁ৷
А сад више не имајући места у овим земљама, а имајући жељу од много година да дођем к вама,
24 ২৪ যেতিয়া মই স্পেইন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰোঁ যে, মই আপোনালোকক দেখা পাম আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ, পাছত আপোনালোকৰ দ্ৱাৰাই তালৈ আগবঢ়াই থোৱা হ’ম৷
Ако пођем у Шпањолску, доћи ћу вам; јер се надам да ћу туда проћи и вас видети, и ви ћете ме отпратити онамо кад се најпре неколико наситим вас.
25 ২৫ কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে যিৰূচালেমলৈ যাওঁ।
А сад идем у Јерусалим служећи светима.
26 ২৬ কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয় লোক সকলে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ মাজৰ দৰিদ্ৰ সকলৰ অৰ্থে, কিছু দান কৰিবলৈ ভাল দেখিলে।
Јер Македонија и Ахаја учинише драговољно неки порез за сиромахе свете који живе у Јерусалиму.
27 ২৭ হয়, তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে আৰু প্ৰকৃততে তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ ধৰুৱাও আছিল৷ কিয়নো অনা-ইহুদী সকল যদি অপার্থিৱ বিষয়ত তেওঁলোকৰ সহভাগী হ’ল, তেনেহলে পার্থিৱ বিষয়তো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হ’ল।
Они учинише драговољно, а и дужни су им; јер кад незнабошци добише део у њиховим духовним имањима, дужни су и они њима у телесним послужити.
28 ২৮ এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দান ৰূপ ফল প্ৰমাণসিদ্ধ কৰি তেওঁলোকক শোধাই দিয়াৰ পাছত, মই স্পেইন দেশৰ যাত্ৰাত থাকোতে অাপোনালোকৰ ওচৰলৈ যাম।
Кад ово, дакле, свршим, и овај им плод запечатим, поћи ћу преко вас у Шпањолску.
29 ২৯ আৰু মই জানো যে, আপোনালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম।
А знам да кад дођем к вама, доћи ћу с обилним благословом јеванђеља Христовог.
30 ৩০ হে ভাই সকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক;
Али вас молим, браћо, заради Господа нашег Исуса Христа, и заради љубави Духа, помозите ми у молитвама за ме к Богу;
31 ৩১ যাতে যিহুদীয়াত থকা আজ্ঞা নমনা সকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু যিৰূচালেমলৈ মোৰ যি পৰিচৰ্যা, সেয়ে পবিত্ৰ লোক সকলৰ আগত যেন গ্ৰহণীয় হয়৷
Да се избавим од оних који се противе у Јудеји, и да служба моја за Јерусалим буде по вољи светима;
32 ৩২ আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দেৰে গৈ, আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম৷
Да с радошћу дођем к вама, с вољом Божијом, и да се развеселим с вама.
33 ৩৩ শান্তিৰ আকৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক। আমেন।
А Бог мира са свима вама. Амин.