< ৰোমীয়া 11 >
1 ১ তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া।
ஈஸ்²வரேண ஸ்வீகீயலோகா அபஸாரிதா அஹம்’ கிம் ஈத்³ரு’ஸ²ம்’ வாக்யம்’ ப்³ரவீமி? தந்ந ப⁴வது யதோ(அ)ஹமபி பி³ந்யாமீநகோ³த்ரீய இப்³ராஹீமவம்’ஸீ²ய இஸ்ராயேலீயலோகோ(அ)ஸ்மி|
2 ২ ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল,
ஈஸ்²வரேண பூர்வ்வம்’ யே ப்ரத்³ரு’ஷ்டாஸ்தே ஸ்வகீயலோகா அபஸாரிதா இதி நஹி| அபரம் ஏலியோபாக்²யாநே ஸா²ஸ்த்ரே யல்லிகி²தம் ஆஸ்தே தத்³ யூயம்’ கிம்’ ந ஜாநீத²?
3 ৩ “হে প্ৰভু, লোক সকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে, তোমাৰ বেদিবোৰ খান্দি পেলালে; আৰু এতিয়া মইহে অৱশিষ্ট আছোঁ; মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে”।
ஹே பரமேஸ்²வர லோகாஸ்த்வதீ³யா: ஸர்வ்வா யஜ்ஞவேதீ³ரப⁴ஞ்ஜந் ததா² தவ ப⁴விஷ்யத்³வாதி³ந: ஸர்வ்வாந் அக்⁴நந் கேவல ஏகோ(அ)ஹம் அவஸி²ஷ்ட ஆஸே தே மமாபி ப்ராணாந் நாஸ²யிதும்’ சேஷ்டநதே, ஏதாம்’ கதா²ம் இஸ்ராயேலீயலோகாநாம்’ விருத்³த⁴ம் ஏலிய ஈஸ்²வராய நிவேத³யாமாஸ|
4 ৪ কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয়? “বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ।”
ததஸ்தம்’ ப்ரதீஸ்²வரஸ்யோத்தரம்’ கிம்’ ஜாதம்’? பா³ல்நாம்நோ தே³வஸ்ய ஸாக்ஷாத் யை ர்ஜாநூநி ந பாதிதாநி தாத்³ரு’ஸா²: ஸப்த ஸஹஸ்ராணி லோகா அவஸே²ஷிதா மயா|
5 ৫ এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।
தத்³வத்³ ஏதஸ்மிந் வர்த்தமாநகாலே(அ)பி அநுக்³ரஹேணாபி⁴ருசிதாஸ்தேஷாம் அவஸி²ஷ்டா: கதிபயா லோகா: ஸந்தி|
6 ৬ কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয় তেনেহলে কৰ্মেৰে নহয়; অন্যথা সেই অনুগ্ৰহ, অনুগ্ৰহ হৈ নাথাকে।
அதஏவ தத்³ யத்³யநுக்³ரஹேண ப⁴வதி தர்ஹி க்ரியயா ந ப⁴வதி நோ சேத்³ அநுக்³ரஹோ(அ)நநுக்³ரஹ ஏவ, யதி³ வா க்ரியயா ப⁴வதி தர்ஹ்யநுக்³ரஹேண ந ப⁴வதி நோ சேத் க்ரியா க்ரியைவ ந ப⁴வதி|
7 ৭ তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল।
தர்ஹி கிம்’? இஸ்ராயேலீயலோகா யத்³ அம்ரு’க³யந்த தந்ந ப்ராபு: | கிந்த்வபி⁴ருசிதலோகாஸ்தத் ப்ராபுஸ்தத³ந்யே ஸர்வ்வ அந்தீ⁴பூ⁴தா: |
8 ৮ এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।”
யதா² லிகி²தம் ஆஸ்தே, கோ⁴ரநித்³ராலுதாபா⁴வம்’ த்³ரு’ஷ்டிஹீநே ச லோசநே| கர்ணௌ ஸ்²ருதிவிஹீநௌ ச ப்ரத³தௌ³ தேப்⁴ய ஈஸ்²வர: ||
9 ৯ আৰু দায়ুদেও কৈছে, “সিঁহতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক;
ஏதேஸ்மிந் தா³யூத³பி லிகி²தவாந் யதா², அதோ பு⁴க்த்யாஸநம்’ தேஷாம் உந்மாத²வத்³ ப⁴விஷ்யதி| வா வம்’ஸ²யந்த்ரவத்³ பா³தா⁴ த³ண்ட³வத்³ வா ப⁴விஷ்யதி||
10 ১০ সিহঁতে নেদেখিবলৈ, সিহঁতৰ চকু অন্ধকাৰময় হওক৷” আৰু আপুনি সিহঁতৰ পিঠি সদায় কুঁজী কৰক।
ப⁴விஷ்யந்தி ததா²ந்தா⁴ஸ்தே நேத்ரை: பஸ்²யந்தி நோ யதா²| வேபது²: கடிதே³ஸ²ஸ்ய தேஷாம்’ நித்யம்’ ப⁴விஷ்யதி||
11 ১১ তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-ইহুদী সকলৰ পৰিত্রাণ হ’ল।
பதநார்த²ம்’ தே ஸ்க²லிதவந்த இதி வாசம்’ கிமஹம்’ வதா³மி? தந்ந ப⁴வது கிந்து தாந் உத்³யோகி³ந: கர்த்தும்’ தேஷாம்’ பதநாத்³ இதரதே³ஸீ²யலோகை: பரித்ராணம்’ ப்ராப்தம்’|
12 ১২ পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-ইহুদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ’ব?
தேஷாம்’ பதநம்’ யதி³ ஜக³தோ லோகாநாம்’ லாப⁴ஜநகம் அப⁴வத் தேஷாம்’ ஹ்ராஸோ(அ)பி யதி³ பி⁴ந்நதே³ஸி²நாம்’ லாப⁴ஜநகோ(அ)ப⁴வத் தர்ஹி தேஷாம்’ வ்ரு’த்³தி⁴: கதி லாப⁴ஜநிகா ப⁴விஷ்யதி?
13 ১৩ এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ;
அதோ ஹே அந்யதே³ஸி²நோ யுஷ்மாந் ஸம்போ³த்⁴ய கத²யாமி நிஜாநாம்’ ஜ்ஞாதிப³ந்தூ⁴நாம்’ மந: ஸூத்³யோக³ம்’ ஜநயந் தேஷாம்’ மத்⁴யே கியதாம்’ லோகாநாம்’ யதா² பரித்ராணம்’ ஸாத⁴யாமி
14 ১৪ কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
தந்நிமித்தம் அந்யதே³ஸி²நாம்’ நிகடே ப்ரேரித: ஸந் அஹம்’ ஸ்வபத³ஸ்ய மஹிமாநம்’ ப்ரகாஸ²யாமி|
15 ১৫ কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আনকি হ’ব পাৰে?
தேஷாம்’ நிக்³ரஹேண யதீ³ஸ்²வரேண ஸஹ ஜக³தோ ஜநாநாம்’ மேலநம்’ ஜாதம்’ தர்ஹி தேஷாம் அநுக்³ரு’ஹீதத்வம்’ ம்ரு’ததே³ஹே யதா² ஜீவநலாப⁴ஸ்தத்³வத் கிம்’ ந ப⁴விஷ்யதி?
16 ১৬ যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
அபரம்’ ப்ரத²மஜாதம்’ ப²லம்’ யதி³ பவித்ரம்’ ப⁴வதி தர்ஹி ஸர்வ்வமேவ ப²லம்’ பவித்ரம்’ ப⁴விஷ்யதி; ததா² மூலம்’ யதி³ பவித்ரம்’ ப⁴வதி தர்ஹி ஸா²கா² அபி ததை²வ ப⁴விஷ்யந்தி|
17 ১৭ কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল,
கியதீநாம்’ ஸா²கா²நாம்’ சே²த³நே க்ரு’தே த்வம்’ வந்யஜிதவ்ரு’க்ஷஸ்ய ஸா²கா² பூ⁴த்வா யதி³ தச்சா²கா²நாம்’ ஸ்தா²நே ரோபிதா ஸதி ஜிதவ்ரு’க்ஷீயமூலஸ்ய ரஸம்’ பு⁴ம்’க்ஷே,
18 ১৮ তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ-পোষণ দি আছে, এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ-পোষণ দি আছে৷
தர்ஹி தாஸாம்’ பி⁴ந்நஸா²கா²நாம்’ விருத்³த⁴ம்’ மாம்’ க³ர்வ்வீ: ; யதி³ க³ர்வ்வஸி தர்ஹி த்வம்’ மூலம்’ யந்ந தா⁴ரயஸி கிந்து மூலம்’ த்வாம்’ தா⁴ரயதீதி ஸம்’ஸ்மர|
19 ১৯ ইয়াতে আপুনি ক’ব, “মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ’ল।”
அபரஞ்ச யதி³ வத³ஸி மாம்’ ரோபயிதும்’ தா: ஸா²கா² விப⁴ந்நா அப⁴வந்;
20 ২০ সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷
ப⁴த்³ரம், அப்ரத்யயகாரணாத் தே விபி⁴ந்நா ஜாதாஸ்ததா² விஸ்²வாஸகாரணாத் த்வம்’ ரோபிதோ ஜாதஸ்தஸ்மாத்³ அஹங்காரம் அக்ரு’த்வா ஸஸாத்⁴வஸோ ப⁴வ|
21 ২১ কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহলে আপোনাকো মৰম নকৰিব।
யத ஈஸ்²வரோ யதி³ ஸ்வாபா⁴விகீ: ஸா²கா² ந ரக்ஷதி தர்ஹி ஸாவதா⁴நோ ப⁴வ சேத் த்வாமபி ந ஸ்தா²பயதி|
22 ২২ এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
இத்யத்ரேஸ்²வரஸ்ய யாத்³ரு’ஸீ² க்ரு’பா தாத்³ரு’ஸ²ம்’ ப⁴யாநகத்வமபி த்வயா த்³ரு’ஸ்²யதாம்’; யே பதிதாஸ்தாந் ப்ரதி தஸ்ய ப⁴யாநகத்வம்’ த்³ரு’ஸ்²யதாம்’, த்வஞ்ச யதி³ தத்க்ரு’பாஸ்²ரிதஸ்திஷ்ட²ஸி தர்ஹி த்வாம்’ ப்ரதி க்ரு’பா த்³ரக்ஷ்யதே; நோ சேத் த்வமபி தத்³வத் சி²ந்நோ ப⁴விஷ்யஸி|
23 ২৩ যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ’ব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম।
அபரஞ்ச தே யத்³யப்ரத்யயே ந திஷ்ட²ந்தி தர்ஹி புநரபி ரோபயிஷ்யந்தே யஸ்மாத் தாந் புநரபி ரோபயிதும் இஸ்²வரஸ்ய ஸ²க்திராஸ்தே|
24 ২৪ কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি, আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হ’ল, তেনেহলে স্বাভাৱিক ডাল যি সেইবোৰ, সেই ইহুদী সকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হ’ব।
வந்யஜிதவ்ரு’க்ஷஸ்ய ஸா²கா² ஸந் த்வம்’ யதி³ ததஸ்²சி²ந்நோ ரீதிவ்யத்யயேநோத்தமஜிதவ்ரு’க்ஷே ரோபிதோ(அ)ப⁴வஸ்தர்ஹி தஸ்ய வ்ரு’க்ஷஸ்ய ஸ்வீயா யா: ஸா²கா²ஸ்தா: கிம்’ புந: ஸ்வவ்ரு’க்ஷே ஸம்’லகி³தும்’ ந ஸ²க்நுவந்தி?
25 ২৫ কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
ஹே ப்⁴ராதரோ யுஷ்மாகம் ஆத்மாபி⁴மாநோ யந்ந ஜாயதே தத³ர்த²ம்’ மமேத்³ரு’ஸீ² வாஞ்சா² ப⁴வதி யூயம்’ ஏதந்நிகூ³ட⁴தத்த்வம் அஜாநந்தோ யந்ந திஷ்ட²த²; வஸ்துதோ யாவத்காலம்’ ஸம்பூர்ணரூபேண பி⁴ந்நதே³ஸி²நாம்’ ஸம்’க்³ரஹோ ந ப⁴விஷ்யதி தாவத்காலம் அம்’ஸ²த்வேந இஸ்ராயேலீயலோகாநாம் அந்த⁴தா ஸ்தா²ஸ்யதி;
26 ২৬ এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে: চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
பஸ்²சாத் தே ஸர்வ்வே பரித்ராஸ்யந்தே; ஏதாத்³ரு’ஸ²ம்’ லிகி²தமப்யாஸ்தே, ஆக³மிஷ்யதி ஸீயோநாத்³ ஏகோ யஸ்த்ராணதா³யக: | அத⁴ர்ம்மம்’ யாகுபோ³ வம்’ஸா²த் ஸ து தூ³ரீகரிஷ்யதி|
27 ২৭ আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হ’ব, তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷”
ததா² தூ³ரீகரிஷ்யாமி தேஷாம்’ பாபாந்யஹம்’ யதா³| ததா³ தைரேவ ஸார்த்³த⁴ம்’ மே நியமோ(அ)யம்’ ப⁴விஷ்யதி|
28 ২৮ এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয়পাত্ৰ।
ஸுஸம்’வாதா³த் தே யுஷ்மாகம்’ விபக்ஷா அப⁴வந் கிந்த்வபி⁴ருசிதத்வாத் தே பித்ரு’லோகாநாம்’ க்ரு’தே ப்ரியபாத்ராணி ப⁴வந்தி|
29 ২৯ কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।
யத ஈஸ்²வரஸ்ய தா³நாத்³ ஆஹ்வாநாஞ்ச பஸ்²சாத்தாபோ ந ப⁴வதி|
30 ৩০ কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে,
அதஏவ பூர்வ்வம் ஈஸ்²வரே(அ)விஸ்²வாஸிந: ஸந்தோ(அ)பி யூயம்’ யத்³வத் ஸம்ப்ரதி தேஷாம் அவிஸ்²வாஸகாரணாத்³ ஈஸ்²வரஸ்ய க்ரு’பாபாத்ராணி ஜாதாஸ்தத்³வத்³
31 ৩১ তেনেকৈ এতিয়া এই ইহুদী সকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ’ল;
இதா³நீம்’ தே(அ)விஸ்²வாஸிந: ஸந்தி கிந்து யுஷ்மாபி⁴ ர்லப்³த⁴க்ரு’பாகாரணாத் தைரபி க்ரு’பா லப்ஸ்யதே|
32 ৩২ কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে, সকলোকে অবাধ্যতাত বন্ধ কৰিলে। (eleēsē )
ஈஸ்²வர: ஸர்வ்வாந் ப்ரதி க்ரு’பாம்’ ப்ரகாஸ²யிதும்’ ஸர்வ்வாந் அவிஸ்²வாஸித்வேந க³ணயதி| (eleēsē )
33 ৩৩ ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
அஹோ ஈஸ்²வரஸ்ய ஜ்ஞாநபு³த்³தி⁴ரூபயோ ர்த⁴நயோ: கீத்³ரு’க் ப்ராசுர்ய்யம்’| தஸ்ய ராஜஸா²ஸநஸ்ய தத்த்வம்’ கீத்³ரு’க்³ அப்ராப்யம்’| தஸ்ய மார்கா³ஸ்²ச கீத்³ரு’க்³ அநுபலக்ஷ்யா: |
34 ৩৪ “কিয়নো প্ৰভুৰ মন কোনে জানিলে? আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?
பரமேஸ்²வரஸ்ய ஸங்கல்பம்’ கோ ஜ்ஞாதவாந்? தஸ்ய மந்த்ரீ வா கோ(அ)ப⁴வத்?
35 ৩৫ নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?”
கோ வா தஸ்யோபகாரீ ப்⁴ரு’த்வா தத்க்ரு’தே தேந ப்ரத்யுபகர்த்தவ்ய: ?
36 ৩৬ কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন। (aiōn )
யதோ வஸ்துமாத்ரமேவ தஸ்மாத் தேந தஸ்மை சாப⁴வத் ததீ³யோ மஹிமா ஸர்வ்வதா³ ப்ரகாஸி²தோ ப⁴வது| இதி| (aiōn )