< ৰোমীয়া 10 >
1 ১ হে ভাই সকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্রাণ পায়।
Ẹ̀yin arákùnrin àti arábìnrin, ìfẹ́ ọkàn àti àdúrà mi sí Ọlọ́run fún àwọn ènìyàn Israẹli ni kí wọ́n le ní ìgbàlà.
2 ২ ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়।
Nítorí mo gba ẹ̀rí wọn jẹ́ wí pé, wọ́n ní ìtara fún Ọlọ́run, ṣùgbọ́n kì í ṣe gẹ́gẹ́ bí ìmọ̀.
3 ৩ কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল।
Nítorí bí wọn kò tí mọ òdodo Ọlọ́run, tí wọ́n si ń wá ọ̀nà láti gbé òdodo ara wọn kalẹ̀, wọn kò tẹríba fún òdodo Ọlọ́run.
4 ৪ কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷
Nítorí Kristi ni òpin òfin sí òdodo fún olúkúlùkù ẹni tí ó gbà á gbọ́.
5 ৫ কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব।
Mose ṣá kọ èyí nípa òdodo tí í ṣe ti òfin pé, “Ẹni tí ó ba ṣe, yóò yè nípa wọn.”
6 ৬ কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ
Ṣùgbọ́n òdodo tí í ṣe ìgbàgbọ́ wí pé, “Má ṣe wí ni ọkàn rẹ̀ pé, ‘Ta ni yóò gòkè lọ si ọ̀run?’” (èyí ni, láti mú Kristi sọ̀kalẹ̀),
7 ৭ বা, অগাধ ঠাইলৈ কোন নামিব? অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷” (Abyssos )
“tàbí, ‘Ta ni yóò sọ̀kalẹ̀ lọ si ọ̀gbun?’” (èyí ni, láti mú Kristi gòkè ti inú òkú wá). (Abyssos )
8 ৮ কিন্তু ই কি কয়? “সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷” সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷
Ṣùgbọ́n kí ni ó wí? “Ọ̀rọ̀ náà wà létí ọ̀dọ̀ rẹ̀, ní ẹnu rẹ̀, àti ní ọkàn rẹ̀,” èyí nì ni ọ̀rọ̀ ìgbàgbọ́, tí àwa ń wàásù pé:
9 ৯ কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব।
Bí ìwọ bá fi ẹnu rẹ̀ jẹ́wọ́ “Jesu ní Olúwa,” tí ìwọ si gbàgbọ́ ní ọkàn rẹ pé, Ọlọ́run jí i dìde kúrò nínú òku, a ó gbà ọ́ là.
10 ১০ কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়।
Nítorí ọkàn ni a fi ìgbàgbọ́ sí òdodo; ẹnu ni a sì ń fi ìjẹ́wọ́ sí ìgbàlà.
11 ১১ কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।”
Nítorí Ìwé Mímọ́ wí pé, “Ẹnikẹ́ni tí ó bá gbà a gbọ́ ojú kò yóò tì í.”
12 ১২ কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷
Nítorí kò si ìyàtọ̀ nínú Júù àti Helleni: nítorí Olúwa kan náà ni Olúwa gbogbo wọn, o si pọ̀ ni ọrọ̀ fún gbogbo àwọn ti ń ké pe e.
13 ১৩ কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।
“Ẹnikẹ́ni tí ó bá sá à ti pe orúkọ Olúwa ni a ó gbàlà.”
14 ১৪ এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব?
Ǹjẹ́ wọn ó ha ti ṣe ké pe ẹni tí wọn kò gbàgbọ́? Wọn ó ha sì ti ṣe gba ẹni tí wọn kò gbúròó rẹ̀ rí gbọ́? Wọn o ha sì ti ṣe gbọ́ láìsí oníwàásù?
15 ১৫ আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
Wọ́n ó ha sì ti ṣe wàásù, bí kò ṣe pé a rán wọn? Gẹ́gẹ́ bí a ti kọ ọ́ pé, “Ẹsẹ̀ àwọn tí ń wàásù ìyìnrere àlàáfíà ti dára tó, àwọn tí ń wàásù ìròyìn ayọ̀ ohun rere!”
16 ১৬ কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?”
Ṣùgbọ́n kì í ṣe gbogbo wọn ni ó gbọ́ ti ìyìnrere. Nítorí Isaiah wí pé, “Olúwa, ta ni ó gba ìyìn wa gbọ́?”
17 ১৭ এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
Ǹjẹ́ nípa gbígbọ́ ni ìgbàgbọ́ ti í wá, àti gbígbọ́ nípa ọ̀rọ̀ Ọlọ́run.
18 ১৮ কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”
Ṣùgbọ́n mo ní, wọn kò ha gbọ́ bí? Bẹ́ẹ̀ ni nítòótọ́: “Ohùn wọn jáde lọ sí gbogbo ilẹ̀, àti ọ̀rọ̀ wọn sí òpin ilẹ̀ ayé.”
19 ১৯ তদুপৰি মই কওঁ, “ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?” প্ৰথমতে মোচিয়ে কৈছে, “নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷ নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷”
Ṣùgbọ́n mo wí pé, Israẹli kò ha mọ̀ bí? Mose ni ó kọ́ wí pé, “Èmi ó fi àwọn tí kì í ṣe ènìyàn mú yín jowú. Àti àwọn aláìmòye ènìyàn ni èmi ó fi bí yín nínú.”
20 ২০ আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, “যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷ যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হ’লোঁ৷”
Ṣùgbọ́n Isaiah tilẹ̀ láyà, ó wí pé, “Àwọn tí kò wá mi rí mi; Àwọn tí kò béèrè mi ni a fi mí hàn fún.”
21 ২১ কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷”
Ṣùgbọ́n nípa ti Israẹli ni ó wí pé, “Ní gbogbo ọjọ́ ni mo na ọwọ́ mi sí àwọn aláìgbọ́ràn àti aláríwísí ènìyàn.”