< প্ৰকাশিত বাক্য 1 >

1 অলপতে যি যি ঘটিবলগীয়া আছে, সেই বিষয়ে যীচু খ্ৰীষ্টে তেওঁৰ দাস সকলক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য৷ এই বাক্য তেওঁ দূতৰ যোগেদি যোহনক জনালে৷
ཡཏ྄ པྲཀཱཤིཏཾ ཝཱཀྱམ྄ ཨཱིཤྭརཿ སྭདཱསཱནཱཾ ནིཀཊཾ ཤཱིགྷྲམུཔསྠཱསྱནྟཱིནཱཾ གྷཊནཱནཱཾ དརྴནཱརྠཾ ཡཱིཤུཁྲཱིཥྚེ སམརྤིཏཝཱན྄ ཏཏ྄ ས སྭཱིཡདཱུཏཾ པྲེཥྱ ནིཛསེཝཀཾ ཡོཧནཾ ཛྙཱཔིཏཝཱན྄།
2 যোহনে ঈশ্বৰৰ বাক্য আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে, অৰ্থাৎ যি যি দৰ্শন পালে, সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে।
ས ཙེཤྭརསྱ ཝཱཀྱེ ཁྲཱིཥྚསྱ སཱཀྵྱེ ཙ ཡདྱད྄ དྲྀཥྚཝཱན྄ ཏསྱ པྲམཱཎཾ དཏྟཝཱན྄།
3 যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, তেওঁ ধন্য; আৰু যি সকলে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁলোকো ধন্য; কিয়নো কাল ওচৰ।
ཨེཏསྱ བྷཝིཥྱདྭཀྟྲྀགྲནྠསྱ ཝཱཀྱཱནཱཾ པཱཋཀཿ ཤྲོཏཱརཤྩ ཏནྨདྷྱེ ལིཁིཏཱཛྙཱགྲཱཧིཎཤྩ དྷནྱཱ ཡཏཿ ས ཀཱལཿ སནྣིཀཊཿ།
4 যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক,
ཡོཧན྄ ཨཱཤིཡཱདེཤསྠཱཿ སཔྟ སམིཏཱིཿ པྲཏི པཏྲཾ ལིཁཏི། ཡོ ཝརྟྟམཱནོ བྷཱུཏོ བྷཝིཥྱཾཤྩ ཡེ ཙ སཔྟཱཏྨཱནསྟསྱ སིཾཧཱསནསྱ སམྨུཁེ ཏིཥྛནྟི
5 আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,
ཡཤྩ ཡཱིཤུཁྲཱིཥྚོ ཝིཤྭསྟཿ སཱཀྵཱི མྲྀཏཱནཱཾ མདྷྱེ པྲཐམཛཱཏོ བྷཱུམཎྜལསྠརཱཛཱནཱམ྄ ཨདྷིཔཏིཤྩ བྷཝཏི, ཨེཏེབྷྱོ ྅ནུགྲཧཿ ཤཱནྟིཤྩ ཡུཥྨཱསུ ཝརྟྟཏཱཾ།
6 তেওঁ আমাক ৰাজ্য স্বৰূপ, ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে আৰু তেওঁৰ পিতৃৰ প্রতি, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn g165)
ཡོ ྅སྨཱསུ པྲཱིཏཝཱན྄ སྭརུདྷིརེཎཱསྨཱན྄ སྭཔཱཔེབྷྱཿ པྲཀྵཱལིཏཝཱན྄ ཏསྱ པིཏུརཱིཤྭརསྱ ཡཱཛཀཱན྄ ཀྲྀཏྭཱསྨཱན྄ རཱཛཝརྒེ ནིཡུཀྟཝཱཾཤྩ ཏསྨིན྄ མཧིམཱ པརཱཀྲམཤྩཱནནྟཀཱལཾ ཡཱཝད྄ ཝརྟྟཏཱཾ། ཨཱམེན྄། (aiōn g165)
7 চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
པཤྱཏ ས མེགྷཻརཱགཙྪཏི ཏེནཻཀཻཀསྱ ཙཀྵུསྟཾ དྲཀྵྱཏི ཡེ ཙ ཏཾ ཝིདྡྷཝནྟསྟེ ྅པི ཏཾ ཝིལོཀིཥྱནྟེ ཏསྱ ཀྲྀཏེ པྲྀཐིཝཱིསྠཱཿ སཪྻྭེ ཝཾཤཱ ཝིལཔིཥྱནྟི། སཏྱམ྄ ཨཱམེན྄།
8 প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
ཝརྟྟམཱནོ བྷཱུཏོ བྷཝིཥྱཾཤྩ ཡཿ སཪྻྭཤཀྟིམཱན྄ པྲབྷུཿ པརམེཤྭརཿ ས གདཏི, ཨཧམེཝ ཀཿ ཀྵཤྩཱརྠཏ ཨཱདིརནྟཤྩ།
9 আপোনালোকৰ ভাই আৰু যীচুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোহন, ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ।
ཡུཥྨཱཀཾ བྷྲཱཏཱ ཡཱིཤུཁྲཱིཥྚསྱ ཀླེཤརཱཛྱཏིཏིཀྵཱཎཱཾ སཧབྷཱགཱི ཙཱཧཾ ཡོཧན྄ ཨཱིཤྭརསྱ ཝཱཀྱཧེཏོ ཪྻཱིཤུཁྲཱིཥྚསྱ སཱཀྵྱཧེཏོཤྩ པཱཏྨནཱམཀ ཨུཔདྭཱིཔ ཨཱསཾ།
10 ১০ মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ; মোৰ পাছফালে তূৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ।
ཏཏྲ པྲབྷོ རྡིནེ ཨཱཏྨནཱཝིཥྚོ ྅ཧཾ སྭཔཤྩཱཏ྄ ཏཱུརཱིདྷྭནིཝཏ྄ མཧཱརཝམ྄ ཨཤྲཽཥཾ,
11 ১১ তাতে তেওঁ ক’লে, “তুমি যি দৰ্শন পোৱা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”
ཏེནོཀྟམ྄, ཨཧཾ ཀཿ ཀྵཤྩཱརྠཏ ཨཱདིརནྟཤྩ། ཏྭཾ ཡད྄ དྲཀྵྱསི ཏད྄ གྲནྠེ ལིཁིཏྭཱཤིཡཱདེཤསྠཱནཱཾ སཔྟ སམིཏཱིནཱཾ སམཱིཔམ྄ ཨིཕིཥཾ སྨུརྞཱཾ ཐུཡཱཏཱིརཱཾ སཱརྡྡིཾ ཕིལཱདིལྥིཡཱཾ ལཱཡདཱིཀེཡཱཉྩ པྲེཥཡ།
12 ১২ তাতে মোক কথা কোৱা সেই কণ্ঠস্বৰ চাবলৈ ঘুৰিলোঁ আৰু তাতে মই সোণৰ সাতটা দীপাধাৰ দেখিলোঁ।
ཏཏོ མཡཱ སམྦྷཱཥམཱཎསྱ ཀསྱ རཝཿ ཤྲཱུཡཏེ ཏདྡརྴནཱརྠཾ མུཁཾ པརཱཝརྟྟིཏཾ ཏཏ྄ པརཱཝརྟྱ སྭརྞམཡཱཿ སཔྟ དཱིཔཝྲྀཀྵཱ དྲྀཥྚཱཿ།
13 ১৩ আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখা পালোঁ; তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা।
ཏེཥཱཾ སཔྟ དཱིཔཝྲྀཀྵཱཎཱཾ མདྷྱེ དཱིརྒྷཔརིཙྪདཔརིཧིཏཿ སུཝརྞཤྲྀངྑལེན ཝེཥྚིཏཝཀྵཤྩ མནུཥྱཔུཏྲཱཀྲྀཏིརེཀོ ཛནསྟིཥྛཏི,
14 ১৪ তেওঁৰ মুৰ আৰু চুলি, বগা মেষৰ নোম আৰু হিমৰ নিচিনা বগা; তেওঁৰ চকু অগ্নিশিখাৰ তুল্য;
ཏསྱ ཤིརཿ ཀེཤཤྩ ཤྭེཏམེཥལོམཱནཱིཝ ཧིམཝཏ྄ ཤྲེཏཽ ལོཙནེ ཝཧྣིཤིཁཱསམེ
15 ১৫ তেওঁৰ চৰণ চক্‌চকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা আৰু তেওঁৰ কণ্ঠ, ক্ষিপ্র গতিত বাগৰি থকা পানীৰ নিচিনা আছিল।
ཙརཎཽ ཝཧྣིཀུཎྜེཏཱཔིཏསུཔིཏྟལསདྲྀཤཽ རཝཤྩ བཧུཏོཡཱནཱཾ རཝཏུལྱཿ།
16 ১৬ তেওঁৰ সোঁ হাতত সাতোটা তৰা আছিল; তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলাইছিল৷ তেওঁৰ মুখ মণ্ডল জিলিকি আছিল, একেবাৰে সূর্যৰ পৰা নির্গত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল।
ཏསྱ དཀྵིཎཧསྟེ སཔྟ ཏཱརཱ ཝིདྱནྟེ ཝཀྟྲཱཙྩ ཏཱིཀྵྞོ དྭིདྷཱརཿ ཁངྒོ ནིརྒཙྪཏི མུཁམཎྜལཉྩ སྭཏེཛསཱ དེདཱིཔྱམཱནསྱ སཱུཪྻྱསྱ སདྲྀཤཾ།
17 ১৭ যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ,
ཏཾ དྲྀཥྚྭཱཧཾ མྲྀཏཀལྤསྟཙྩརཎེ པཏིཏསྟཏཿ སྭདཀྵིཎཀརཾ མཡི ནིདྷཱཡ ཏེནོཀྟམ྄ མཱ བྷཻཥཱིཿ; ཨཧམ྄ ཨཱདིརནྟཤྩ།
18 ১৮ আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে। (aiōn g165, Hadēs g86)
ཨཧམ྄ ཨམརསྟཐཱཔི མྲྀཏཝཱན྄ ཀིནྟུ པཤྱཱཧམ྄ ཨནནྟཀཱལཾ ཡཱཝཏ྄ ཛཱིཝཱམི། ཨཱམེན྄། མྲྀཏྱོཿ པརལོཀསྱ ཙ ཀུཉྫིཀཱ མམ ཧསྟགཏཱཿ། (aiōn g165, Hadēs g86)
19 ১৯ গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা।
ཨཏོ ཡད྄ བྷཝཏི ཡཙྩེཏཿ པརཾ བྷཝིཥྱཏི ཏྭཡཱ དྲྀཥྚཾ ཏཏ྄ སཪྻྭཾ ལིཁྱཏཱཾ།
20 ২০ মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।
མམ དཀྵིཎཧསྟེ སྠིཏཱ ཡཱཿ སཔྟ ཏཱརཱ ཡེ ཙ སྭརྞམཡཱཿ སཔྟ དཱིཔཝྲྀཀྵཱསྟྭཡཱ དྲྀཥྚཱསྟཏྟཱཏྤཪྻྱམིདཾ ཏཱཿ སཔྟ ཏཱརཱཿ སཔྟ སམིཏཱིནཱཾ དཱུཏཱཿ སུཝརྞམཡཱཿ སཔྟ དཱིཔཝྲྀཀྵཱཤྩ སཔྟ སམིཏཡཿ སནྟི།

< প্ৰকাশিত বাক্য 1 >