< প্ৰকাশিত বাক্য 9 >
1 ১ তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে৷ আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ৷ অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ’ল। (Abyssos )
And the fifth angel sounded his trumpet, and I saw a star fall from heaven to the earth: and the key of the bottomless pit was given to him. (Abyssos )
2 ২ তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ’ল। (Abyssos )
And he opened the bottomless pit: and there came up smoke out of the pit as the smoke of a great furnace, and the sun and the air were darkened by the smoke of the pit. (Abyssos )
3 ৩ সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।
And out of the smoke there came forth locusts upon the earth; and power was given them, even as the scorpions of the earth have power.
4 ৪ আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ’ল।
And order was given them, not to hurt the grass of the earth, nor any green thing, nor any tree; but only the men, who had not the seal of God on their foreheads.
5 ৫ সেই লোক সকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোক সকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে, সেইবোৰক ক্ষমতা দিয়া হ’ল। কেঁকোৰা-বিছাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে।
And to them was given power, not to kill them, but that they should be tormented five months: and their torment was like the torment of a scorpion when it striketh a man.
6 ৬ সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব।
And in those days shall men seek death, and shall not find it: and they shall desire to die, and death shall flee from them.
7 ৭ সেই ফৰিংবোৰৰ আকৃতি, যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা৷ তেওঁলোকৰ মুৰত সোণৰ কিৰীটি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা।
And the resemblance of the locusts was like horses prepared for war; and on their heads were as it were crowns like gold, and their faces as the faces of men.
8 ৮ মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।
And they had hair like the hair of women, and their teeth were as the teeth of lions.
9 ৯ লোহাৰ বুকুবৰিৰ নিচিনা সিহঁতৰ বুকুবৰি আছিল; সিহঁতৰ ডেউকাৰ শব্দ, ৰণলৈ ল’ৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা।
And they had breast-plates like breast-plates of iron; and the sound of their wings was like the sound of chariots, with many horses running to battle.
10 ১০ কেঁকোৰা-বিছাৰ নিচিনা সিহঁতৰ নেজ হুলেৰে সৈতে আছিল; আৰু পাঁচ মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল।
And they had tails like scorpions, and there were stings in their tails: and their power was to hurt men five months.
11 ১১ অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল৷ তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন আৰু গ্ৰীক ভাষাত আপল্লুয়োন। (Abyssos )
And they had a king over them, the angel of the bottomless pit; whose name in Hebrew is Abaddon, and in the Greek tongue Apollyon. (Abyssos )
12 ১২ এই প্ৰথম সন্তাপ গ’ল; চোৱা! ইয়াৰ পাছত এতিয়াও দুটা দুৰ্যোগ আহি আছে৷
Thus one wo is past, but behold two woes more are coming after.
13 ১৩ পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিলোঁ।
And the sixth angel sounded his trumpet, and I heard a certain voice from the four horns of the golden altar, which is before God,
14 ১৪ তাৰ পৰা কোনোবাই তূৰী লোৱা সেই ষষ্ঠ দূতক ক’লে, “ফৰাৎ মহা-নদীৰ ওপৰত যি চাৰি দূত বন্ধ আছে, তেওঁলোকক মেলি দিয়া”।
saying to the sixth angel, who had the trumpet, Let loose the four angels, that are bound by the great river Euphrates.
15 ১৫ তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল।
And the four angels were let loose; who were prepared for an hour, and a day, and a month, and a year, to kill the third part of men.
16 ১৬ আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;
And the number of their armies was two hundred millions: for I heard the number of them.
17 ১৭ আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকা সকল, যি সকলে চলাইছিল, এইৰূপে দৰ্শন পালোঁ: তেওঁলোকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়৷ আৰু ঘোঁৰাবোৰৰ মুৰ, সিংহৰ মুৰৰ নিচিনা; সেইবোৰৰ মুখৰ পৰা জুই, ধুঁৱা আৰু গন্ধক ওলায়।
And thus I saw the horses in the vision, and those that sat on them, that is, having breast-plates of fire, and of jacinth, and brimstone: and the heads of the horses were like the heads of lions, and out of their mouths came fire, and smoke, and brimstone.
18 ১৮ সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধুঁৱা আৰু গন্ধক, এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ’ল।
And by these three things, by the fire, and by the smoke, and by the brimstone, which came out of their mouths, the third part of men were killed.
19 ১৯ কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা, সিহঁতৰ মুখত আৰু নেজত আছে; কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মুৰ থকা; তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে।
For their power is in their mouth, and in their tails also; for their tails are like serpents, having heads: and with these likewise they do mischief.
20 ২০ এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।
And the rest of the men, who were not killed by these plagues, yet repented not of the works of their hands, so as not to worship demons, and idols of gold, and of silver, and of brass, and of stone, and of wood; which can neither see, nor hear, nor walk:
21 ২১ তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।
neither did they repent of their murders, nor of their sorceries, nor of their whoredom, nor of their thefts.