< প্ৰকাশিত বাক্য 8 >
1 ১ পাছত তেওঁ সপ্তম ছাব মেলোতে, স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল।
Belrite han mohôr sarina hah a mo-ong lehan konta in-ang dôr chu invân ânthim ngânga.
2 ২ আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন স্বৰ্গৰ দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তূৰী দিয়া হ’ল।
Hanchu vântîrton sari Pathien makunga inding ngâi ngei hah ku mua, male an kôm bekul sari an pêk ngeia.
3 ৩ পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল।
Vântîrton dang a honga, rângkachak mirimhoi hâlna kolla chôiin mâichâm kôla ândinga. Ama hah Pathien mingei murdi chubaithonangei le molopa rêngsukmun motona rângkachak mâichâm chunga pêk rangin mirimhoi tamtak an pêka.
4 ৪ তাতে পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।
Mirimhoi khu hah Pathien mingei chubaithonangei le vântîrton Pathien motona indingpu kutngei renga akal zoi ani.
5 ৫ পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।
Hanchu vântîrton han mirimhoi hâlna kolla hah a lâka, mâichâm renga mei le a minsipa, male pilchunga a vôrpaia. Ma han khuonringei le mechêk puok rahangngei, kôlinleka dadaptingei le ningnungei ahong oma.
6 ৬ পাছত সাতোটা তুৰী লোৱা এই সাত জন স্বৰ্গৰ দূতে তূৰী বজাবলৈ নিজক যুগুত কৰিলে।
Hanchu vântîrtonngei sari bekul sari chôi ngei hah tum rangin an inthoka.
7 ৭ পাছত প্ৰথম জন স্বৰ্গৰ দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তাতে পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।
Vântîrton inkhatna han a bekul a tuma. Iriel le mei, thisen leh inpol ahong oma, pilchunga bun paiin aom zoi. Pilchung munthuma semin munkhat chu akânga, thingkungngei khom munthuma semin munkhat chu akânga, sûlringngei murdi khom akâng sa zoi.
8 ৮ পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল
Hanchu vântîrton inikna han a bekul a tuma. Muol lienpa meiin akâng lâitak angati tuikhangliena vôrpaiin aoma. Tuikhanglien ha munthuma semin munkhat chu thisen achang zoia,
9 ৯ আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।
tuikhagliena iring parân munthuma semin munkhat chu an thia, male rukuongngei khom munthuma semin munkhat chu asiet sa zoi.
10 ১০ পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।
Hanchu vântîrton inthumna han a bekul a tuma. Ârsi lienpa, meiser anga chuong, invân renga juong mathâkin tuidungngei le tuinârngei munthuma semin munkhat chunga atâka.
11 ১১ সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।
(Ha ârsi riming hah “Akhana,” ani). Tui munthuma semin munkhat chu ahong kha zoia, male tui hah ahong kha zoi sikin, mi tamtak chu ma tui hah nêkin an thi zoi.
12 ১২ পাছত চতুৰ্থ দূতে বজাওঁতে, সুৰ্য্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।
Hanchu vântîrton minlina han a bekul a tuma. Nisa munthuma semin munkhat, thâ munthuma semin munkhat, le ârsingei munthuma semin munkhat chu dêngkhoiin an oma, ma ngei vâr hah munthuma semin munkhat ajîng theina rangin; sûn le jân khom munthuma semin munkhat chu vâr om khâi mak.
13 ১৩ পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।
Hanchu ko hong ena, minmupui vânlâijôla insângtaka vuongin rôl inringtakin, “Vântîrton dang inthum ngei bekul la hong tum ngêt rang miring hong om rang renga pilchunga omngei chunga idôr mo la hong intak ta ni! O ântak! ântak!” ti ki riet.