< প্ৰকাশিত বাক্য 6 >
1 ১ পাছত মই সেই মেৰ-পোৱালি জনে সাতোটা ছাব মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, “আহা”!
anantaraṁ mayi nirīkṣamāṇe meṣaśāvakena tāsāṁ saptamudrāṇām ekā mudrā muktā tatasteṣāṁ caturṇām ekasya prāṇina āgatya paśyetivācako meghagarjanatulyo ravo mayā śrutaḥ|
2 ২ তেতিয়া মই চাওতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ অশ্ৱাৰোহী জনৰ হাতত এখন ধনু আছিল, আৰু তেওঁক এটা কিৰীটি দিয়া হ’ল; তাতে তেওঁ জয় লাভ কৰোঁতাৰ দৰে জয় কৰিবলৈ ওলাই গ’ল।
tataḥ param ekaḥ śuklāśco dṛṣṭaḥ, tadārūḍho jano dhanu rdhārayati tasmai ca kirīṭamekam adāyi tataḥ sa prabhavan prabhaviṣyaṁśca nirgatavān|
3 ৩ যেতিয়া সেই মেৰ-পোৱালিয়ে দ্বিতীয় ছাবটো মেলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীটোক কোৱা শুনিলোঁ, “আহা”!
aparaṁ dvitīyamudrāyāṁ tena mocitāyāṁ dvitīyasya prāṇina āgatya paśyeti vāk mayā śrutā|
4 ৪ তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইৰ দৰে ৰঙা আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব সেই কাৰণে তাত উঠা জনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ’ল; এই অশ্বাৰোহী জনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ’ল।
tato 'ruṇavarṇo 'para eko 'śvo nirgatavān tadārohiṇi pṛthivītaḥ śāntyapaharaṇasya lokānāṁ madhye parasparaṁ pratighātotpādanasya ca sāmarthyaṁ samarpitam, eko bṛhatkhaṅgo 'pi tasmā adāyi|
5 ৫ যেতিয়া তেওঁ তৃতীয় ছাবটো মেলিলে, তেতিয়া তৃতীয় প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ “আহা”! তেতিয়া মই এটা ক’লা ঘোঁৰা দেখিলোঁ; আৰু তাত উঠা জনৰ হাতত এখন পাল্লা আছিল।
aparaṁ tṛtīyamudrāyāṁ tana mocitāyāṁ tṛtīyasya prāṇina āgatya paśyeti vāk mayā śrutā, tataḥ kālavarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo haste tulā tiṣṭhati
6 ৬ পাছত সেই চাৰি জীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে, এই কথা মই শুনিলো, বোলে, “এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি; কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা”।
anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā godhūmānāmekaḥ seṭako mudrāpādaikamūlyaḥ, yavānāñca seṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|
7 ৭ যেতিয়া তেওঁ চতুৰ্থ ছাবটো মেলিলে, তেতিয়া চতুৰ্থ প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, “আহা”!
anantaraṁ caturthamudrāyāṁ tena mocitāyāṁ caturthasya prāṇina āgatya paśyeti vāk mayā śrutā|
8 ৮ তেতিয়া মই এটা অনুজ্জ্ৱল বৰণৰ ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনৰ নাম মৃত্যু; আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ’ল। (Hadēs )
tataḥ pāṇḍuravarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo nāma mṛtyuriti paralokaśca tam anucarati khaṅgena durbhikṣeṇa mahāmāryyā vanyapaśubhiśca lokānāṁ badhāya pṛthivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs )
9 ৯ যেতিয়া মেৰ-পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া সেই স্বৰ্গীয় বেদিৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।
anantaraṁ pañcamamudrāyāṁ tena mocitāyām īśvaravākyahetostatra sākṣyadānācca cheditānāṁ lokānāṁ dehino vedyā adho mayādṛśyanta|
10 ১০ তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
ta uccairidaṁ gadanti, he pavitra satyamaya prabho asmākaṁ raktapāte pṛthivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambase?
11 ১১ তেতিয়া তেওঁলোকৰ প্ৰত্যেক জনক বগা বস্ত্ৰ দিয়া হ’ল আৰু তেওঁলোকক এই কথা কোৱা হ’ল যে, যেতিয়ালৈ তেওঁলোকৰ সহদাস, ভাই আৰু ভনী সকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ’ব, আৰু সেই সকলো সংখ্যা পুৰ নোহোৱালৈকে, তেওঁলোকে অলপ কাল ক্ষান্ত হব লাগিব।
tatasteṣām ekaikasmai śubhraḥ paricchado 'dāyi vāgiyañcākathyata yūyamalpakālam arthato yuṣmākaṁ ye sahādāsā bhrātaro yūyamiva ghāniṣyante teṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|
12 ১২ পাছত তেওঁ যেতিয়া ষষ্ঠ ছাবটো মেলিলে, মই চাই দেখিলোঁ যে মহা-ভুমিকম্প হবলৈ ধৰিলে; আৰু নোমৰ চট কাপোৰৰ নিচিনা সুৰ্য্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
anantaraṁ yadā sa ṣaṣṭhamudrāmamocayat tadā mayi nirīkṣamāṇe mahān bhūkampo 'bhavat sūryyaśca uṣṭralomajavastravat kṛṣṇavarṇaścandramāśca raktasaṅkāśo 'bhavat
13 ১৩ আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ অপঁইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে৷
gaganasthatārāśca prabalavāyunā cālitād uḍumbaravṛkṣāt nipātitānyapakkaphalānīva bhūtale nyapatan|
14 ১৪ আকাশমণ্ডল নুৰিওৱা পুথিৰ দৰে লুপ্ত হ’ল; আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ’ল।
ākāśamaṇḍalañca saṅkucyamānagrantha̮ivāntardhānam agamat giraya upadvīpāśca sarvve sthānāntaraṁ cālitāḥ
15 ১৫ তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷
pṛthivīsthā bhūpālā mahāllokāḥ sahastrapatayo dhaninaḥ parākramiṇaśca lokā dāsā muktāśca sarvve 'pi guhāsu giristhaśaileṣu ca svān prācchādayan|
16 ১৬ তাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক’লে, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু মেৰ-পোৱালি জনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা;
te ca girīn śailāṁśca vadanti yūyam asmadupari patitvā siṁhāsanopaviṣṭajanasya dṛṣṭito meṣaśāvakasya kopāccāsmān gopāyata;
17 ১৭ কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহা-দিন আহিল আৰু সেইদিন কোনে সহিব পাৰে?”
yatastasya krodhasya mahādinam upasthitaṁ kaḥ sthātuṁ śaknoti?