< প্ৰকাশিত বাক্য 6 >

1 পাছত মই সেই মেৰ-পোৱালি জনে সাতোটা ছাব মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, “আহা”!
και ειδον οτι ηνοιξεν το αρνιον μιαν εκ των επτα σφραγιδων και ηκουσα ενος εκ των τεσσαρων ζωων λεγοντος ως φωνη βροντης ερχου
2 তেতিয়া মই চাওতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ অশ্ৱাৰোহী জনৰ হাতত এখন ধনু আছিল, আৰু তেওঁক এটা কিৰীটি দিয়া হ’ল; তাতে তেওঁ জয় লাভ কৰোঁতাৰ দৰে জয় কৰিবলৈ ওলাই গ’ল।
και ειδον και ιδου ιππος λευκος και ο καθημενος επ αυτον εχων τοξον και εδοθη αυτω στεφανος και εξηλθεν νικων και ινα νικηση
3 যেতিয়া সেই মেৰ-পোৱালিয়ে দ্বিতীয় ছাবটো মেলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীটোক কোৱা শুনিলোঁ, “আহা”!
και οτε ηνοιξεν την σφραγιδα την δευτεραν ηκουσα του δευτερου ζωου λεγοντος ερχου
4 তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইৰ দৰে ৰঙা আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব সেই কাৰণে তাত উঠা জনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ’ল; এই অশ্বাৰোহী জনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ’ল।
και εξηλθεν αλλος ιππος πυρρος και τω καθημενω επ αυτον εδοθη αυτω λαβειν την ειρηνην εκ της γης και ινα αλληλους σφαξωσιν και εδοθη αυτω μαχαιρα μεγαλη
5 যেতিয়া তেওঁ তৃতীয় ছাবটো মেলিলে, তেতিয়া তৃতীয় প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ “আহা”! তেতিয়া মই এটা ক’লা ঘোঁৰা দেখিলোঁ; আৰু তাত উঠা জনৰ হাতত এখন পাল্লা আছিল।
και οτε ηνοιξεν την σφραγιδα την τριτην ηκουσα του τριτου ζωου λεγοντος ερχου και ειδον και ιδου ιππος μελας και ο καθημενος επ αυτον εχων ζυγον εν τη χειρι αυτου
6 পাছত সেই চাৰি জীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে, এই কথা মই শুনিলো, বোলে, “এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি; কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা”।
και ηκουσα [ ως ] φωνην εν μεσω των τεσσαρων ζωων λεγουσαν χοινιξ σιτου δηναριου και τρεις χοινικες κριθης δηναριου και το ελαιον και τον οινον μη αδικησης
7 যেতিয়া তেওঁ চতুৰ্থ ছাবটো মেলিলে, তেতিয়া চতুৰ্থ প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, “আহা”!
και οτε ηνοιξεν την σφραγιδα την τεταρτην ηκουσα [ φωνην ] του τεταρτου ζωου λεγοντος ερχου
8 তেতিয়া মই এটা অনুজ্জ্ৱল বৰণৰ ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনৰ নাম মৃত্যু; আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ’ল। (Hadēs g86)
και ειδον και ιδου ιππος χλωρος και ο καθημενος επανω αυτου ονομα αυτω ο θανατος και ο αδης ηκολουθει μετ αυτου και εδοθη αυτω εξουσια επι το τεταρτον της γης αποκτειναι εν ρομφαια και εν λιμω και εν θανατω και υπο των θηριων της γης (Hadēs g86)
9 যেতিয়া মেৰ-পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া সেই স্বৰ্গীয় বেদিৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।
και οτε ηνοιξεν την πεμπτην σφραγιδα ειδον υποκατω του θυσιαστηριου τας ψυχας των εσφαγμενων δια τον λογον του θεου και δια την μαρτυριαν του αρνιου ην ειχον
10 ১০ তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
και εκραξαν φωνη μεγαλη λεγοντες εως ποτε ο δεσποτης ο αγιος και ο αληθινος ου κρινεις και εκδικεις το αιμα ημων εκ των κατοικουντων επι της γης
11 ১১ তেতিয়া তেওঁলোকৰ প্ৰত্যেক জনক বগা বস্ত্ৰ দিয়া হ’ল আৰু তেওঁলোকক এই কথা কোৱা হ’ল যে, যেতিয়ালৈ তেওঁলোকৰ সহদাস, ভাই আৰু ভনী সকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ’ব, আৰু সেই সকলো সংখ্যা পুৰ নোহোৱালৈকে, তেওঁলোকে অলপ কাল ক্ষান্ত হব লাগিব।
και εδοθη αυτοις [ εκαστω ] στολη λευκη και ερρεθη αυτοις ινα αναπαυσωνται ετι χρονον [ μικρον ] εως πληρωσωσιν και οι συνδουλοι αυτων και οι αδελφοι αυτων οι μελλοντες αποκτεννεσθαι ως και αυτοι
12 ১২ পাছত তেওঁ যেতিয়া ষষ্ঠ ছাবটো মেলিলে, মই চাই দেখিলোঁ যে মহা-ভুমিকম্প হবলৈ ধৰিলে; আৰু নোমৰ চট কাপোৰৰ নিচিনা সুৰ্য্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
και ειδον οτε ηνοιξεν την σφραγιδα την εκτην και σεισμος μεγας εγενετο και ο ηλιος μελας εγενετο ως σακκος τριχινος και η σεληνη ολη εγενετο ως αιμα
13 ১৩ আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ অপঁইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে৷
και οι αστερες του ουρανου επεσαν εις την γην ως συκη βαλλουσα τους ολυνθους αυτης υπο ανεμου μεγαλου σειομενη
14 ১৪ আকাশমণ্ডল নুৰিওৱা পুথিৰ দৰে লুপ্ত হ’ল; আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ’ল।
και ο ουρανος απεχωρισθη ως βιβλιον ελισσομενον και παν ορος και νησος εκ των τοπων αυτων εκινηθησαν
15 ১৫ তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷
και οι βασιλεις της γης και οι μεγιστανες και οι χιλιαρχοι και οι πλουσιοι και οι ισχυροι και πας δουλος και ελευθερος εκρυψαν εαυτους εις τα σπηλαια και εις τας πετρας των ορεων
16 ১৬ তাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক’লে, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু মেৰ-পোৱালি জনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা;
και λεγουσιν τοις ορεσιν και ταις πετραις πεσατε εφ ημας και κρυψατε ημας απο προσωπου του καθημενου επι του θρονου και απο της οργης του αρνιου
17 ১৭ কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহা-দিন আহিল আৰু সেইদিন কোনে সহিব পাৰে?”
οτι ηλθεν η ημερα η μεγαλη της οργης αυτου και τις δυναται σταθηναι

< প্ৰকাশিত বাক্য 6 >