< প্ৰকাশিত বাক্য 3 >
1 ১ চাৰ্দ্দি থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত।
Και προς τον άγγελον της εν Σάρδεσιν εκκλησίας γράψον· Ταύτα λέγει ο έχων τα επτά πνεύματα του Θεού και τους επτά αστέρας. Εξεύρω τα έργα σου, ότι το όνομα έχεις ότι ζης και είσαι νεκρός.
2 ২ জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুর্দিশে মৰা; কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কার্য মই পূর্ণ সমাপ্ত নাপালোঁ।
Γίνου άγρυπνος και στήριξον τα λοιπά, τα οποία μέλλουσι να αποθάνωσι· διότι δεν εύρηκα τα έργα σου τέλεια ενώπιον του Θεού.
3 ৩ এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম, আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা।
Ενθυμού λοιπόν πως έλαβες και ήκουσας, και φύλαττε αυτά και μετανόησον. Εάν λοιπόν δεν αγρυπνήσης, θέλω ελθεί επί σε ως κλέπτης, και δεν θέλεις γνωρίσει ποίαν ώραν θέλω ελθεί επί σε.
4 ৪ কিন্তু যি সকলে নিজৰ কাপোৰ মলিন নকৰিলে, এনে কিছুমান লোকৰ নাম চাৰ্দ্দিত আছে। তেওঁলোকে মোৰ সৈতে অহা-যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক মোৰ যোগ্য।
Έχεις ολίγα ονόματα και εν Σάρδεσι, τα οποία δεν εμόλυναν τα ιμάτια αυτών, και θέλουσι περιπατήσει μετ' εμού με λευκά, διότι είναι άξιοι.
5 ৫ যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম।
Ο νικών, ούτος θέλει ενδυθή ιμάτια λευκά, και δεν θέλω εξαλείψει το όνομα αυτού εκ του βιβλίου της ζωής, και θέλω ομολογήσει το όνομα αυτού ενώπιον του Πατρός μου και ενώπιον των αγγέλων αυτού.
6 ৬ যদি তোমাৰ কাণ আছে, মণ্ডলী সমূহলৈ আত্মাই কোৱা কথা শুনা”।
Όστις έχει ωτίον, ας ακούση τι λέγει το Πνεύμα προς τας εκκλησίας.
7 ৭ ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয় যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব।
Και προς τον άγγελον της εν Φιλαδελφεία εκκλησίας γράψον· Ταύτα λέγει ο άγιος, ο αληθινός, ο έχων το κλειδίον του Δαβίδ, όστις ανοίγει και ουδείς κλείει, και κλείει και ουδείς ανοίγει·
8 ৮ তোমাৰ কৰ্ম মই জানো৷ চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ৷ মই জানো যে, তোমাৰ অলপ শক্তি থকাতো মোৰ বাক্য পালন কৰি, মোৰ নাম অস্বীকাৰ নকৰিলা।
Εξεύρω τα έργα σου· ιδού, έθεσα ενώπιόν σου θύραν ανεωγμένην, και ουδείς δύναται να κλείση αυτήν· διότι έχεις μικράν δύναμιν και εφύλαξας τον λόγον μου και δεν ηρνήθης το όνομά μου.
9 ৯ চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।
Ιδού, θέλω κάμει τους εκ της συναγωγής του Σατανά, οίτινες λέγουσιν εαυτούς ότι είναι Ιουδαίοι, και δεν είναι, αλλά ψεύδονται ιδού, θέλω κάμει αυτούς να έλθωσι και να προσκυνήσωσιν ενώπιον των ποδών σου και να γνωρίσωσιν ότι εγώ σε ηγάπησα.
10 ১০ তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
Επειδή εφύλαξας τον λόγον της υπομονής μου, και εγώ θέλω σε φυλάξει εκ της ώρας του πειρασμού, ήτις μέλλει να έλθη επί της οικουμένης όλης, διά να δοκιμάση τους κατοικούντας επί της γης.
11 ১১ মই বেগাই গৈ আছোঁ; তোমাৰ কিৰীটি যেন কোনেও নলয়, এই কাৰণে তোমাৰ যি আছে, সেইখিনিকে ধৰি ৰাখা।
Ιδού, έρχομαι ταχέως· κράτει εκείνο το οποίον έχεις, διά να μη λάβη μηδείς τον στέφανόν σου.
12 ১২ যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰৰ (যি নতুন যিৰূচালেম, স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব), নাম আৰু নিজৰ নতুন নাম লিখিম।
Όστις νικά, θέλω κάμει αυτόν στύλον εν τω ναώ του Θεού μου, και δεν θέλει εξέλθει πλέον έξω, και θέλω γράψει επ' αυτόν το όνομα του Θεού μου και το όνομα της πόλεως του Θεού μου, της νέας Ιερουσαλήμ, ήτις καταβαίνει εκ του ουρανού από του Θεού μου, και το όνομά μου το νέον.
13 ১৩ যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।
Όστις έχει ωτίον, ας ακούση τι λέγει το Πνεύμα προς τας εκκλησίας.
14 ১৪ আৰু লায়দিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন আমেন, যি জন বিশ্বাসী আৰু সত্য সাক্ষী, যি জন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়,
Και προς τον άγγελον της εκκλησίας των Λαοδικέων γράψον· Ταύτα λέγει ο Αμήν, ο μάρτυς ο πιστός και αληθινός, η αρχή της κτίσεως του Θεού.
15 ১৫ মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল।
Εξεύρω τα έργα σου, ότι ούτε ψυχρός είσαι ούτε ζεστός· είθε να ήσο ψυχρός ή ζεστός·
16 ১৬ এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ।
ούτως, επειδή είσαι χλιαρός και ούτε ψυχρός ούτε ζεστός, μέλλω να σε εξεμέσω εκ του στόματός μου.
17 ১৭ কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।
Διότι λέγεις ότι πλούσιος είμαι και επλούτησα και δεν έχω χρείαν ουδενός, και δεν εξεύρεις ότι συ είσαι ο ταλαίπωρος και ελεεινός και πτωχός και τυφλός και γυμνός·
18 ১৮ এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷
συμβουλεύω σε να αγοράσης παρ' εμού χρυσίον δεδοκιμασμένον εκ πυρός διά να πλουτήσης, και ιμάτια λευκά διά να ενδυθής και να μη φανερωθή η αισχύνη της γυμνότητός σου, και χρίσον τους οφθαλμούς σου με κολλούριον διά να βλέπης.
19 ১৯ যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।
Εγώ όσους αγαπώ, ελέγχω και παιδεύω· γενού λοιπόν ζηλωτής και μετανόησον.
20 ২০ চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
Ιδού, ίσταμαι εις την θύραν και κρούω· εάν τις ακούση της φωνής μου και ανοίξη την θύραν, θέλω εισέλθει προς αυτόν και θέλω δειπνήσει μετ' αυτού και αυτός μετ' εμού.
21 ২১ মই নিজে যেনেকৈ জয় কৰিমোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
Όστις νικά, θέλω δώσει εις αυτόν να καθήση μετ' εμού εν τω θρόνω μου, καθώς και εγώ ενίκησα και εκάθησα μετά του Πατρός μου εν τω θρόνω αυτού.
22 ২২ যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।
Όστις έχει ωτίον, ας ακούση τι λέγει το Πνεύμα προς τας εκκλησίας.