< প্ৰকাশিত বাক্য 21 >
1 ১ তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল।
Hessafe guye tani ooratha salone ooratha biitta beyadis. Kase saloyne kase biittay aadhi bida. Hayssafe guye abayka deena.
2 ২ আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ।
Geesha katamiya ooratha Yerusalamey ba azinas giigetida mishira mala lo7a giigettada Salo Xoossa achchefe wodhdhishin tani beyadis.
3 ৩ পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷
Algazape hizgiza gita qaalay kezishin tani siyadis “Heko Xoossa aqosoy asara dees. Izi isttara deyana. Isttika iza dereta gidana. Xoossi izi isttara gidana. Izi istta Xoossu gidana.
4 ৪ তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।
Izi istta ayfepe ayfunthu wursi quccana. Kase wogay aadhida gishshi hayqoy woykko muuzotethi woykko yeehoy woykko waayey hayssafe guye deena.”
5 ৫ পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”
He alga bolla uttidayssika “Heko tani wursaka oorathi kessana!” gides. Qasseka tana “Hayssi qaalazi ammanettida tumu gidida gishshi ne hayssa xaafa!” gides.
6 ৬ পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।
Hessafe guye taasi hizgides “Polettides! alfayne omegay, koyrone wursethi tanakko, saamottida uras tani deyo pultto haathe qanxxisontta ta izas coo mela immana.
7 ৭ যি জনে জয় কৰে, তেওঁ এইবোৰৰ অধিকাৰী হ’ব; মই তেওঁৰ ঈশ্বৰ হ’ম আৰু তেওঁ মোৰ পুত্ৰ হ’ব।
Xoonida uray hayssa laatana. Taka izades Goda gidana. Izika taasi na gidana.
8 ৮ কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।” (Limnē Pyr )
Gido attin hanko baboti, isttas ammanoy bayindayti, tunati, asa shempo wodhizayti, Laymmatizayti, betizayti, eeqas goynizayti, wordotizayti, heyta wursota qaaday diinen exxiza tama abba giddon gidana. Hessika nam7antho hayqokko.” (Limnē Pyr )
9 ৯ তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল, আৰু মোৰ ওচৰলৈ আহি কলে, “ইয়ালৈ আহা৷ মই তোমাক সেই কন্যা, অৰ্থাৎ মেৰ-পোৱালিৰ ভাৰ্যাক দেখুৱাম।”
Wursethan laapun bochati isttan kumida laapun xuwata oykida laapun kiitanchatape issay taako yiidi tana “Ha ya, ta nena dorsaza machcheyo mishirayo bessana” gides.
10 ১০ তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে।
Izi tana ayanan issi gita dhoqa zuma bolla kessidi geesha katamaya ooratha Yerusalemey Xoossa achafe salope wodhdhizaro besides.
11 ১১ সেই নতুন যিৰূচালেম ঈশ্ৱৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি, অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্ম্মল সূৰ্য্যকান্ত মণিৰ নিচিনা আছিল৷
Izaka Xoossa bonchon po7isayssu. Izi po7oza lo7etethay qass keehi bonchetiza shuchcha malane birile mala geeshine Iyassiphida geetettiza inqqo malakko.
12 ১২ তাত ওখ আৰু ডাঙৰ গড় আৰু বাৰ খন দ্ৱাৰ আছিল; সেই বাৰ খন দ্ৱাৰত বাৰ জন দূত থাকে আৰু সেই দ্ৱাৰত ইস্ৰায়েলৰ সন্তান সকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷
Izis tammane nam7u pengetara diza gita aduussa ginbe lashay dees. He tammane nam7u pengetan tammane nam7u Kiitanchati eqqidi naagetes. He pengeta bolla tammane nam7u Isiraa7eele kochata sunthi xaafeti uttides.
13 ১৩ তাৰে তিনি খনৰ দ্ৱাৰ পূব ফালে, তিনি খন দ্ৱাৰ উত্তৰ ফালে, তিনি খন দ্ৱাৰ দক্ষিণ ফালে আৰু তিনি খন দুৱাৰ পশ্চিম ফালে।
Arishey mokkiza baggara heedzdzu pengey dees. Pude baggara heedzdzu pengey dees. Duge baggara hedzdzu pengey dees. Arishey wulliza baggara hedzdzu pengay dees.
14 ১৪ আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল; তাত মেৰ-পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে।
He Katamay ginbe lashazas tammane nam7u waana magalati dettes. He magalata bolla tammane nam7u he dorsaza hawarista sunthi xaafeti dees.
15 ১৫ আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে, মোৰে সৈতে কথা হোৱা জনৰ সোণৰ নলৰ এডাল জোখ আছিল।
Hessa taas yootida Kiitanchazas he katamayone izi pengeta qasseka he ginbe lashaza izara wadhdhiza worqa zangey dees.
16 ১৬ সেই নগৰ চাৰি-চুকীয়া, তাৰ দীঘে-পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰ খনৰ জোখ লৈ পোন্ধৰ শ মাইল পালে; দীঘে-পথালিয়ে আৰু উচ্চতাত সমান।
He katamay adusatethine aahotethi oyddu baggaraka issi ginakko. He kiitanchayka katamayo ba izara wadhdhiza wadha zangezara wadhdhin adusatethay nam7u shiiyane oyddu xeetu kilo mitire mala giddies. Izi dhoqatethine aahotethika izi adusatetha gina giddies.
17 ১৭ পাছত গড় জুখি, মানুহৰ অৰ্থাৎ দূতৰ জোখ ডালেৰে এশ চৌৱাল্লিশ হাত হ’ল।
Kiitanchazi ginbeza wodhdhides. He kiitanchazi izara wadhdhiza miishazi erettida wadha miishazi laapun tammane nam7u mitire mala giddies.
18 ১৮ সেই গড়ৰ গাঁঠনি সূৰ্য্যকান্ত মণিৰ আৰু নগৰ খন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা।
He ginbezi ginbetiday Iyasiphide geetettiza shuchankko. He katamayaka masttote mala geeya uttida geesha worqafe oothistadus.
19 ১৯ নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল।
He katamayssa garsa magala shuchchay duma duma al7o shuchchan lo7i giigides. Koyro magalezi Iyasiphide, nam7anthozi Sinpere, heedzdzanthozi Kelqedone, oydanthozi margide,
20 ২০ প্ৰথম মূল সূৰ্য্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্য্যৰ, ষষ্ঠ চাৰ্দ্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদকৰ, নৱম পদ্মৰাগৰ, দশম লশুনীয়ৰ, একাদশ পেৰোজৰ, দ্বাদশ কটাহেলাৰ আছিল।
Ichachanthoy sardonkise, usupunthoy sardiyone, laapunthoy kirstolobe, ospunthoy birile, udupunthoy wurawure, tammanthoy kirisphirasise, tammane issinthoy yakintte, tammane nam7unthoy ametisxinose geetettiza shuchchatapekko.
21 ২১ সেই বাৰটা দ্ৱাৰত বাৰটা মুকুতা আছিল, আৰু প্ৰত্যেকটো দ্ৱাৰে এটা এটা মুকুতাৰে সজা হৈছিল৷ নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল।
He tammane nam7u pengetika tammane nam7u inqotakko. Pengeti wurka issay issay issi inqofe oothetida he katamay giddo ogey masttote mala haa zaari bessiza muuruta worqafe oothetides.
22 ২২ তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ।
Wursi danda7iza Godaa Xoossayne dorsazi izis kase `gidida gishshi he katamay giddon hara Xoossa keethe beya beyike.
23 ২৩ সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে, আৰু মেৰ-পোৱালি জন তাৰ প্ৰদীপ স্বৰূপ।
Xoossa bonchoy izis po7iza gishshine dorsazi izi po7o gidida gishshi he katamays awa arishey woykko aginay po7isanas koshshenna.
24 ২৪ জাতিবোৰে সেই দীপ্তিত অহা-যোৱা কৰিব; আৰু পৃথিৱীৰ ৰজা সকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনিব।
Dereti izi po7ozan simeristana. Biitta kawoti wurka ba boncho izis ehana.
25 ২৫ তাৰ দ্ৱাৰবোৰ দিনত কেতিয়াও বন্ধ নহব; কিয়নো তাত ৰাতি নহব;
He Katamayn qamay bayinda gishshi izi pengeti ay wodeka gordettettena.
26 ২৬ তেওঁলোকে জাতি সকলৰ প্ৰতাপ আৰু মৰ্যদা তাৰ ভিতৰলৈ আনিব।
Hara kawota gitatethine bonchoy izis yaana.
27 ২৭ আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷
Harassiza miishey muleka gede izin galena. Tunateth oothizaytine wordo hasa7izayti muleka hee iziko galena. He iziko gelanayti istta sunthi kase he dorsaza deyo maxaafan xaafetidayta xalalakko.